শিৱসাগৰত ১৫ সহস্ৰাধিক কৃষক পৰিয়ালৰ কৃষি ভূমি প্লাৱিত

ফাৰ্ষ্ট নিউজ ৰিপৰ্ট শিৱসাগৰ ,২৫ জুলাই : বছৰৰ তৃতীয়টো বানে  উপৰ্যুপৰি ভাঙিছে শিৱসাগৰৰ কৃষকৰ সেউজীয়া সপোন । শিৱসাগৰ জিলা কৃষি বিভাগে " ফাৰ্ষ্ট নিউজ ৰিপৰ্ট"ক জানিবলৈ দিয়া অনুসৰি বৰ্তমাপলৈকে ব্ৰক্ষ্মপুত্ৰ , দিচাং, দিখৌ , দৰিকা , ডিমৌ , দিহিং নদীৰ বাঢ়নী পানীয়ে জিলা খনৰ পোন্ধৰ হাজাৰ সাতশ পঁয়ত্ৰিশটা কৃষক পৰিয়ালৰ প্ৰায় ২০০০ হেক্টৰ কৃষিভূমি প্লাৱিত কৰি ৰাখিছে । তথ্য অনুসৰি শিৱসাগৰৰ পানীদিহিঙৰ প্ৰায় ১০ খন গাঁৱৰ কৃষি ভূমি এতিয়াও ব্ৰক্ষ্মপুত্ৰ , দিহিং আৰু ডিমৌ নদীৰ বাঢ়নী পানীৰ তলত বুৰ গৈ আছে । তদ্ৰুপ শিৱসাগৰ মহকুমাৰ অন্তৰ্গত ডিমৌমুখ , জয়ৰাপাৰ , নকটানি , অফলা , মাজৰবাৰী, দীঘল দৰিয়লী , বেতেনা , শান্তিপুৰ , পাণবেচা , ল'ৰাপোটা , চাউলকৰা আদি বহু কেইখন গাঁৱৰ কৃষি ভূমি দৰিকা নদীৰ বানত ডুব গৈ আছে। ঠিক একেদৰে জকাইচুক , পটুৱাচেলা , হাতীঘূলি , খনামুখ আদি অঞ্চলটো কেইবা শতাধিক কৃষি ভূমি দিখৌ , মিটং , জাজী নদীৰ পানীয়ে বুৰাই পেলাইছে। আমাৰ হাতত পৰা তথ্য অনুসৰি জিলা খনত নদী সমুহৰ জলপৃষ্ঠ কমিছে যদিও উল্লিখিত ঠাই সমুহৰ পথাৰ সমুহত আৱদ্ধ হৈ পৰা জলভাগৰ বাবেই এতিয়া কৃষক ৰাইজ চিন্তিত হৈ পৰিছে। ঐতিহাসিক জেৰেঙা পথাৰো এতিয়া জলমগ্ন। প্ৰণিধানযোগ্য যে ডিমৌ , নামদাং , মিটং আৰু 
আইলা নদীৰ পানীয়ে জেৰেঙা পথাৰ বাৰিষাত প্লাৱিত কৰি মাহ মাহ জুৰি থাকে । বাৰিষাত আৱদ্ধ হৈ পৰা পানী সমুহ  ওলাই যাব নোৱাৰাত জেৰেঙা পথাৰত স্থানীয় ৰাইজে খেতি কৰিবলৈ বহু বছৰৰ পূৰ্বৰ পৰাই বাদ দিছে , আহিন মাহৰ শেষৰ ফালে পানী  ৰ'দ বতাহত শুকাই । চৰকাৰে ঐতিহাসিক পথাৰ খনৰ পানী নিষ্কাশনৰ বাবে কোটি টকাৰ জ্জলচেদ প্ৰকল্পৰ নামত খৰছ কৰা দেখুৱালে কিন্তু পথাৰ খনত কোটিটকীয়া কোনো কামেই কৰা পৰিলক্ষিত নহল | মিটিং পাতোতেই কোটিৰ সৰাধ পাতিলে সেই সময়ৰ কংগ্ৰেছ  চৰকাৰখনৰ দায়ীত্বত থকা দলীয় নেতাৰ লগতে বিষয়া কৰ্মচাৰীয়ে | এক বিজ্ঞান সন্মত ব্যৱস্থা গ্ৰহণ কৰি তুলিলে গায়ন গাওঁ  , দেউলীয়া গায়ন গাওঁ, কৈৱত্ত , জয়সাগৰ , ৰুদ্ৰসাগৰ , ভটীয়াপাৰ , আইলামুখ , মগৰাহাট , চাংমাই , চেতীয়া , পাভজান , আইলাহাবী আদি কেইবা খনো গাঁৱৰ কৃষক ৰাইজ উপকৃত হ'ব। শিৱসাগৰৰ কৃষি বিভাগৰ সূত্ৰটোৱে জনোৱা অনুসৰি বৰ্তমাললৈকে শিৱসাগৰত পাঁচশ বাসত্তৰ হেক্টৰ লাহি ধান , এঘাৰশ হেক্টৰ শালিধান আৰু ডেৰশ হেক্টৰ বাও ধানৰ পথাৰ পানীত বুৰ গৈছে।

শিৱসাগৰৰ পৰা অপূৰ্ব্ব ভূঞা ফাৰ্ষ্ট নিউজ ৰিপৰ্ট

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা