বঙাইগাঁৱত আক্ৰাছুৰ ৩০ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উদযাপন

 ১৫ আগষ্টৰ দিনাখনেই আমাক জনজাতিকৰণ সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত লাগে --গোকুল বৰ্মন

বঙাইগাঁওঃ২৯ জুলাইঃ অহা ১৫ আগষ্টৰ দিনাখনেই আমাক জনজাতিকৰণৰ সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত লাগে ৷ এই দাবী সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক গোকুল বৰ্মনৰ ৷ আজি বঙাইগাঁও চহৰৰ বৰপাৰাস্থিত সংগঠনটোৰ মুখ্য কাৰ্যালয়ত এদিনীয়াকৈ তথা অনুষ্টুপীয়াকৈ উদযাপন কৰা সংগঠনটোৰ ৩০ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ দিনা সংবাদ মাধ্যমৰ আগত নেতাগৰাকীয়ে এই মন্তব্য কৰে ৷ সংগঠনটোৰ সাধাৰণ সম্পাদকগৰাকীয়ে আক্ৰাছুৰ এই ৩০ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ দিনা অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক সংগঠনটোৰ স্থিতি স্পষ্ট কৰি দি কয় যে কোচ ৰাজবংশী জনগোষ্ঠীক কেতিয়া জনজাতিকৰণৰ মৰ্যদা প্ৰদান কৰিব সেয়া উক্তদিনা স্পষ্ট কৰিব লাগে ৷ এই কথাটো আমি ইতিমধ্যে চৰকাৰক অৱগত কৰিছো ৷ অন্যথা ২০২১ ৰ নিৰ্বাচনৰ আগমূহুৰ্তত যদি কোচ ৰাজবংশীসকলৰ জনজাতিকৰণৰ ক্ষেত্ৰত চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰে , তেতিয়াহলে পৰৱৰ্তী পৰ্যায়ত আমি বেলট বাকচৰ জৰিয়তে অসমৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰক উচিত প্ৰত্যুত্তৰ দিবলৈ বাধ্য হ'ম ৷ আনহাতে সংগঠনটোৰ জন্মলগ্নৰ বিষয়ে উল্লেখ কৰি আক্ৰাছুৰ সাধাৰণ সম্পাদক গোকুল বৰ্মনে কয় যে কোচ ৰাজবংশী জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া সমস্যাসমূহৰ ওপৰত ভত্তি কৰি ১৯৯০ চনৰ আজিৰ দিনটোতে ঐতিহাসিক পৃথক কমতাপুৰ ৰাজ্য গঠন ,জনজাতিকৰণ আৰু জনগোষ্ঠীটোৰ ভাষা, কলা - কৃষ্টি, সংস্কৃতিৰ লগতে অৰ্থনৈতিক, ৰাজনৈতিক, সামাজিক , শৈক্ষিক দিশত আগবঢ়াই লৈ যোৱাৰ উদ্দেশ্যৰে সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ জন্ম হৈছল ৷ এই দাবীসমূহৰ ক্ষেত্ৰত বিভিন্ন সময়ত আন্দোলন , প্ৰতিবাদ আৰু আলোচনা কৰি বৰ্তমান এটা চূড়ান্ত পৰ্যায়ত উপনীত হৈছে ৷ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে বৰ্তমান সময়ত কোচ ৰাজবংশী জনগোষ্ঠীৰ সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত দিয়া প্ৰতিশ্ৰুতিসমূহ আখৰে আখৰে পালন কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে ৷ শেহতীয়াভাৱে যোৱা লোক সভা নিৰ্বাচনৰ আগমূহুৰ্তত লোক সভা আৰু ৰাজ্য সভাত জনজাতিকৰণ বিধেয়কখন কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰি উত্থাপন কৰিব বুলি কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা বক্তব্যৰে লোক সভাত কৈছিল আৰু পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে ৰাজ্য সভাত বিধেয়কখন উত্থাপন কৰিছিল যদিও সময়ৰ অভাৱত জনজাতিকৰণৰ পৰা আমি বঞ্চিত হ'বলগীয়া হ'ল ৷ তাৰ পৰৱৰ্তী পৰ্যায়ত অসমত বিভিন্ন জাতীয় দল -সংগঠনে বিৰোধিতা কৰাৰ পৰিণতিত চৰকাৰে এখন মন্ত্ৰী গোটৰ সমিতি গঠন কৰি দিয়ে আৰু সেই মন্ত্ৰীগোটৰ সৈতে বিগত ২০১৯ বৰ্ষৰ ১ ফেব্ৰুৱাৰীত আমাৰ এখন বৈঠক অনুষ্ঠিত হৈছিল ৷ সেই বৈঠকত আমি আমাৰ জনগোষ্ঠীটোৰ জনজাতিকৰণৰ বাবে প্ৰয়োজনীয় যি তথ্য- পাতি আদি লাগে সেয়া প্ৰদান কৰিছিলো ৷ কিন্তু সিদিনা চূড়ান্ত পৰ্যায়ৰ আলোচনা অনুষ্ঠিত নোহোৱাৰ কাৰণে পিছত যোৱা ২৪ জুনত অসমৰ মুখ্যমন্ত্ৰী তথা বিভাগীয় মন্ত্ৰী চন্দন ব্ৰহ্মৰ সৈতে আলোচনা অনুষ্ঠিত হৈছিল ৷ কিন্তু আলোচনা কৰি অহাৰ পিচতে গুৱাহাটীত যিহেতুকে কৰ'না মহামাৰীৰ সংক্ৰমণ বৃদ্ধি পোৱাত লকডাউন ঘোষণা কৰিবলগীয়া হ'ল তথা বৰ্তমানো আন্তঃ জিলা যোগাযোগ ব্যৱস্থা বন্ধ হৈ আছে সেয়ে আলোচনাৰ দিন তথা সময় আমাক অৱগত কৰা নাই ৷ কিন্তু মঙলবাৰে সন্ধিয়া চৰকাৰৰ তৰফৰ পৰা টেলিফোন যোগে আমাক জনাইছে যে অচিৰেই তেওঁলোকে জনজাতিকৰণৰ সংক্ৰান্তত আলোচনা অনুষ্ঠিত কৰিব ৷ সেয়ে আজি আমি আক্ৰাছুৰ এই ৩০ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ দিনা অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক আমাৰ স্থিতি স্পষ্ট কৰি কৈছো যে অহা ১৫ আগষ্টৰ দিনাখনেই আমাক জনজাতিকৰণৰ সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত লাগে ৷ কোচ ৰাজবংশী জনগোষ্ঠীক কেতিয়া জনজাতিকৰণৰ মৰ্যদা প্ৰদান কৰিব সেয়া স্পষ্ট কৰিব লাগে আৰু এই কথাটো আমি ইতিমধ্যে চৰকাৰক অৱগত কৰিছো ৷ আনহাতে  
অসমত বৰ্তমান সময়ত কোচ ৰাজবংশী উন্নয়ন পৰিষদ গঠন কৰাৰ কাৰণে অসম চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু অবিভক্ত গোৱালপাৰা জিলাৰ ৰাভা হাছং আৰু বিটিএডিক বাদ দি কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ গঠন কৰাৰ বাবে কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰি ২৪ মাৰ্চত বিভাগীয় মন্ত্ৰীয়ে বিধেয়ক উত্থাপন কৰিব বিচাৰিছিল যদিও সময়ৰ অভাৱত তথা বিশ্বত ত্ৰাসৰ সৃষ্টি কৰা কৰ'না মহামাৰীৰ বাবে সদন স্থগিত ৰাখিব লগীয়া হোৱাৰ কাৰণে চৰকাৰে কেবিনেটত লোৱা সিদ্ধান্ত অনুসৰি বিধেয়কখন সদনত গৃহীত কৰিব নোৱাৰিলে ৷ কিন্তু আমি সংবাদ মাধ্যম যোগে জানিব পাৰিছো যে অহা ৩১ আগষ্টতৰ পৰা অসম বিধান সভাৰ অধিবেশন অনুষ্ঠিত হ'ব , সেয়ে অধিবেশন অনুষ্ঠিত হোৱাৰ আগমূহুৰ্তত কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ সকলো প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি চৰকাৰে আমাক দিয়া প্ৰতিশ্ৰুতি মৰ্মে কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ গঠন কৰাৰ কাৰণে যি সিদ্ধান্ত গ্ৰহণ কৰিছে তাক আইনত ৰূপান্তৰিত কৰি কাৰ্যকৰী কৰাৰ বাবে আক্ৰাছুৰ সাধাৰণ সম্পাদকগৰাকীয়ে সংগঠনটোৰ প্ৰতিষ্ঠা দিৱসৰ দিনা চৰকাৰক দাবী তথা আহ্বান জনায় ৷ উল্লেখ্য যে কৰ'না মহামাৰী আৰু চাৰিওফালে বানপানীৰ পৰিপ্ৰেক্ষিতত  সামাজিক দূৰত্ব  তথা মাস্ক পৰিধান কৰি  চৰকাৰী নীতি- নিয়ম মানি আক্ৰাছুয়ে বঙাইগাঁও চহৰৰ বৰপাৰাস্থিত মুখ্য কাৰ্যালয়ত এদিনীয়া কাৰ্যসূচীৰে অনুষ্টুপীয়াকৈ উদযাপন কৰা সংগঠনটোৰ ৩০ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে আক্ৰাছুৰ সভাপতি অৰুণ কুমাৰ ৰায়ে আক্ৰাছুৰ ,কোচ ৰাজবংশী মহিলা সমিতিৰ সভানেত্ৰী পূৰবী সৰকাৰে মহিলা সমিতিৰ, চিলাৰায় সেনাৰ উপ সেনাধ্যক্ষ দেৱৰঞ্জন মণ্ডলে চিলাৰায় সেনাৰ আৰু আক্ৰাছুৰ সাংস্কৃতিক সম্পাদক প্ৰদীপ তালুকদাৰে কোচ ৰাজবংশী জাতীয় সাংস্কৃতিক পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ৷ শ্বহীদ বেদীত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পন কৰি ছহিদসকললৈ শ্ৰদ্ধাঞ্জলি যাঁচে আক্ৰাছুৰ সাধাৰণ সম্পাদক গোকুল বৰ্মনে ৷ পতাকা উত্তোলন কৰি আক্ৰাছুৰ সভাপতি অৰুণ কুমাৰ ৰায়ে সংগঠনটোৰ মূল দাবী জনজাতিকৰণৰ লগতে বিভিন্ন বিষয়ত বক্তব্য ৰাখে আৰু জনজাতিকৰণৰ দাবীত আন্দোলন তীব্ৰতৰ কৰি তোলাৰো পোষকতা কৰে ৷ অনুষ্ঠানত কোচ ৰাজবংশী জাতীয় মহাসভাৰ কাৰ্যকৰী সভাপতি নিৰ্মল কুমাৰ ৰায় ,সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ সাধাৰণ সম্পাদক ৰঞ্জিৎ ৰায় আদিও বক্তব্য ৰাখে ৷ আনহাতে ইয়াৰ পিচতে অনুষ্ঠিত হয় সম্বৰ্ধনা অনুষ্ঠান ৷ এই অনুষ্ঠানত বিভন্নজন আমন্ত্ৰিত ব্যক্তি তথা আক্ৰাছুৰ প্ৰতিষ্ঠাকালৰ বিষয়ববীয়া আদিত সম্বৰ্ধনা জনায় ৷ এই অনুষ্ঠানত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড° পৰমানন্দ ৰাজবংশীও উপস্থিত থাকে ৷ ৰাজবংশীয়ে নিজৰ বক্তব্যত কোচ ৰাজবংশীসকলৰ বিশাল সত্বা, অতীত, কোচবিহাৰৰ প্ৰসংগ, সাহিত্য ,জনজাতিকৰণ, ভাষা আদিৰ বিষয়ে উল্লেখ কৰে ৷ তেওঁ ভাষাৰ বিষয়ে ক'বলৈ গৈ লগতে কয় যে আহোমৰ ৰাজ সভাত অসমীয়া ভাষাৰ স্থান নাছিল ৷ দুশ বছৰ আহোমৰ ৰাজসভাত অসমীয়া ভাষা নিষেধ আছিল ৷ দুশ বছৰ পিচত যেতিয়া শিৱ সিংহই হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল তাৰ পিচত হে লাহে লাহে ৰাজসভাত অসমীয়া ভাষাই স্থান পাইছিল ৷ কিন্তু যিটো ভাষা সেই সময়ত শ্ৰীমন্ত শংকৰ দেৱ ,মাধৱ দেৱ বা মাধনৱ কন্দলীয়ে যিটো ভাষা সৃষ্টি কৰিছিল আৰু আজি যিটো ভাষাক ব্ৰজৱলী ভাষা বুলি কয় সেই ভাষাটোৰ সম্পূৰ্ণ লক্ষণ ,বৈশিষ্ট আদি সকলো ৰাজবংশী ভাষা ৷ অনুষ্ঠানত আক্ৰাছুৰ প্ৰতিষ্ঠাপক প্ৰচাৰ সম্পাদক হিতেশ ৰায় ,চিডিএফৰ সভাপতি বিক্ৰমজিৎ ৰায় আদিক সম্বৰ্ধনা জনোৱা হয় ৷ অনুষ্ঠানত আক্ৰাছুৰ সভাপতি ,সাধাৰণ সম্পাদক আদিকে ধৰি বিষয়ববীয়া সকলৰ লগতে জিলা সমিতিৰ বিষয়ববীয়া তথা কৰ্মী উপস্থিত আছিল ৷ 

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা