বিভা হিমাংশু মেম'ৰিয়েল ট্ৰাষ্টৰ উদ্যোগত চন্দ্ৰপূৰ হাজংবড়িৰ বানপীড়িত লোকৰ মাজত খাদ্য সামগ্ৰী বিতৰণ*





ষ্টাফৰিপৰ্টাৰ, গুৱাহাটী মহানগৰীৰ বিভা-হিমাংশু মেম'ৰিয়েল ট্ৰাষ্ট সদায় দুৰ্গত লোকৰ কাষত থিয় দি আহিছে। সেই অনুসৰি বিগত বৰ্ষ সমূহৰ দৰে এইবাৰো বিভা হিমাংশু মেম'ৰিয়েল ট্ৰাষ্টৰ উদ্যোগত দুৰ্গত সকলক  কেইবাপ্ৰকাৰেও সহায় সহযোগিতা আগবঢ়োৱা হয় । তাৰ ভিতৰত যোৱা লকডাউনৰ সময় চোৱাত মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত বিভা হিমাংশু মেম'ৰিয়েল ট্ৰাষ্টৰ স্বত্বাধিকাৰী সঞ্জয় গোস্বামী আৰু নন্দিতা শৰ্মা গোস্বামীয়ে মহানগৰীৰ বিভিন্ন প্ৰান্তৰ দুখীয়া পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে । লগতে হাতীগাওঁস্থিত মাদাৰ বৃদ্ধা আশ্ৰমৰ ১৩ গৰাকী বৃদ্ধাক জীৱনৰ অন্তিম সময়ছোৱাত  সম্পূৰ্ণ ব্যয় বহন কৰি তীৰ্থ যাত্ৰালৈ প্ৰেৰণ কৰাৰ দৰে মহৎ কাম কৰি আহিছে । লগতে ২০১৭ চনৰ পৰা ট্ৰাষ্টে প্ৰতিবছৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ দুগৰাকীকৈ দুখীয়া মেধাবী শিক্ষার্থীক স্নাতক পৰ্যন্ত অধ্যয়নৰ ব্যয় বহন কৰি আহিছে । সমাজৰ দুখীয়াৰ কাষত সদায় থিয় দিয়া বিভা-হিমাংশু মেম'ৰিয়েল ট্ৰাষ্টে এইবাৰো বাৰিষাৰ এই বলিয়া বানত যিসকল লোকে নিজৰ ঘৰ-বাৰী হেৰুৱাই সৰ্বস্বান্ত হৈছে সেইসকল লোকৰ মাজত উপস্থিত হৈ মহানগৰীৰ চন্দ্ৰপুৰৰ হাজংবড়ি অঞ্চলত প্ৰায় ১৬০ ঘৰৰো অধিক দুৰ্গত পৰিয়ালক খাদ্য বস্তু আৰু মাস্ক প্ৰদান কৰে । খাদ্য সামগ্ৰী বিতৰণ কাৰ্য্যসূচীত উপস্থিত থাকে বিভা-হিমাংশু মেম'ৰিয়েল ট্ৰাষ্টৰ স্বত্বাধিকাৰী সঞ্জয় গোস্বামী আৰু নন্দিতা শৰ্মা গোস্বামীয়ে । বিভা-হিমাংশু মেম'ৰিয়েল ট্ৰাষ্টৰ স্বত্বাধিকাৰী নন্দিতা শৰ্মা গোস্বামীয়ে বানপীড়িত সকলৰ মাজত উপস্থিত হয় কয় 'বলিয়া বানত চন্দ্ৰপুৰ-হাজংবড়ি  অঞ্চলৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত প্ৰলয়ংকাৰী বানে যি ক্ষয় ক্ষতি কৰিলে, তাৰপৰা বানাক্ৰান্ত পৰিয়ালক সামান্য সকাহ দিয়াৰ বাবেই ট্ৰাষ্টৰ জৰিয়তে এনেদৰে সামৰ্থ অনুযায়ী খাদ্য বস্তু সমূহ প্ৰদান কৰা হয় । আনহাতে কৰ'না ভাইৰাছৰ সংক্ৰমণ প্ৰতিহত কৰাৰ বাবে ৰাজ্য চৰকাৰে যি নীতি-নিৰ্দেশনা জাৰি কৰিছে তাক মানি চলিবলৈকো আহ্বান জনায় বিভা-হিমাংশু মেম'ৰিয়েল ট্ৰাষ্টৰ স্বত্বাধিকাৰী
 নন্দিতা শৰ্মা গোস্বামীয়ে। বিশেষকৈ মুখমণ্ডলত মাক্স পৰিধান কৰি সামাজিক দূৰত্ব মানি চলাৰ ওপৰত অধিক গুৰুত্ব দিবলৈ আহ্বান জনায় । খাদ্য সামগ্ৰী বিতৰণ কাৰ্যসূচীত উপস্থিত থাকে হাজংবড়ি  অঞ্চলৰ গাঁও বুঢ়া দেৱজিত ৰংপি, গাঁও কল্যান সমিতিৰ সভাপতি বলোৰাম হাজৰিকা , গাঁও সুৰক্ষা বাহিনীৰ নায়ক ৰাজেন আবং আৰু বিদ্যা ভাৰতীৰ প্ৰকল্প প্ৰমুখ ভূষণ গোস্বামী ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা