কৃত্ৰিম বানৰ কবলত বৃহত্তৰ গৰিয়া কাৱৈমাৰী≈≈গভীৰ সমস্যাত অঞ্চলবাসী

 কৃত্ৰিম বানৰ কবলত বৃহত্তৰ গৰিয়া কাৱৈমাৰী≈≈গভীৰ সমস্যাত অঞ্চলবাসী #

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৯ জুলাইঃ নগাঁও জিলাৰ পশ্চিম প্ৰান্তৰ বটদ্ৰৱা-বলিকটীয়া সংযোগী গড়কাপ্তানী পথৰ গৰিয়া কাৱৈমাৰিত থকা কালভাৰ্টৰ পশ্চিম দিশত একাংশ লোকে বৃহৎ পুখুৰী খন্দাৰ ফলত ঐতিহাসিক গৰিয়া জানৰ জলধাৰা বৈ যাব নোৱাৰাৰ পৰিপেক্ষিতত বৃহত্তৰ গৰিয়া কাৱৈমাৰি অঞ্চল বৰ্তমান  কৃত্ৰিম বানৰ কবলত পৰিছে।  যাৰ ফলত শ শ বিঘা কৃষি ভূমি পানীৰ তলত বুৰ যোৱাৰ ফলত কৃষকৰ মাজত একপ্ৰকাৰে  হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে । এনেদৰে কৃত্ৰিম বানৰ কৱলত পৰি বৃহত্তৰ অঞ্চলটোৰ দৰিদ্ৰ কৃষক, মীন পালক আৰু পশু পালকসকলৰ বিস্তৰ ক্ষতি সাধন হৈছে যদিও কানসাৰ নাই বিভাগীয় বৰমূৰীয়াৰ । তদুপৰি পানীৰ মাজত অস্বাস্থ্যকৰ পৰিবেশত শিশু তথা বৃদ্ধ লোকে ব্যাপক সমস্যাৰ মাজেৰে দিন অতিবাহিত কৰিবলগীয়াত পৰিছে । উল্লেখ্য, গড়কাপ্তানী পথটোত থকা উক্ত কালভাৰ্টটোৰেদি বছৰ বছৰ ধৰি বৈ যোৱা পানীভাগ ভেটা দি অসাধু চক্ৰই পুখুৰী খন্দা সন্দৰ্ভত স্থানীয় ৰাইজে বহুবাৰ ধিং ৰাজহ চক্ৰ বিষয়াক অবগত কৰিছে যদিও আজিকোপতি কোনো ন্যায় নোপোৱাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী ৰাইজে। সেয়ে কালভাৰ্টটোৰে বৈ যোৱা পানীভাগ বন্ধ কৰা বিষয়টো খুব গুৰুত্ব সহকাৰে লৈ শীঘ্ৰে কাৰ্যকৰী ব্যৱস্থা গ্ৰহনৰ বাবে এতিয়া জিলা উপায়ুক্তৰ হস্তক্ষেপ বিচাৰিছে স্থানীয় ৰাইজে ।
==================

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা