জি মিউজিকত অসম সন্তান ঋষভৰ বেখবৰ

জি মিউজিকত অসম সন্তান ঋষভৰ বেখবৰ।

পঙ্কজ নাথ, চাংসাৰি, ২৪ জুলাই :

ভাৰতবৰ্ষৰ প্ৰতিষ্ঠিত মিউজিক কোম্পানী জি মিউজিকে মুক্তি দিলে বেখবৰ নামৰ এটি হিন্দী গীতৰ কেছেট। অসমৰ উঠি অহা প্ৰতিভাবান গায়ক তথা কম্পোজাৰ প্ৰাক্তন পৰিবহন বিষয়া দিলীপ দাসৰ একমাত্ৰ পুত্ৰ ঋষভ দাসৰ কন্ঠৰে এটি হিন্দী সুৰীয়া গীতৰ কেছেট যোৱা ২২ জুলাইত মুক্তি লাভ কৰে । গীতটিৰ গীতিকাৰ মুম্বাইৰ খুচমান পি। গীতটিত মিউজিক দিয়া বিভূতি গগৈ আৰু মিক্চিঙত থকা উৎপল শর্মা দুয়োজনো অসমৰে সন্তান। গীতটিত ভিডিঅ নিৰ্দেশনা আৰু সম্পাদনা কৰে ছাজাদ হুচেইনে। উল্লেখ্য যে ঋষভে দিল্লী বিশ্ববিদ্যালয়ত নিজৰ শিক্ষা সমাপ্ত কৰি মোম্বাইৰ প্ৰতিষ্ঠিত সঙ্গীত প্ৰতিষ্ঠান শঙ্কৰ মহাদেবন ট্ৰু স্কুল অফ মিউজিকত সঙ্গীতৰ শিক্ষা গ্ৰহণ কৰি নিজৰ প্ৰডাকচন হাউচ হামিং টিউনছ দ্বাৰা প্ৰযোজক হিচাপে এই কেছেটটিৰ প্ৰয়োজনা কৰে। জি মিউজিক কোম্পানীয়ে মুকলি কৰে ঋষভৰ বেখবৰ । মুক্তিৰ পিছতে জনপ্ৰিয়তা লাভ কৰা বেখবৰ শ্ৰোতা দৰ্শকে ইউটিউব চেনেল বেখবৰ ঋষভ ত চাৰ্জ কৰিলেই ঋষভৰ সেই সুমধুৰ গীত শুনিবলৈ পাব।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা