মটক ছাত্ৰ সন্থাৰ হাতীআলি আঞ্চলিক সমিতি গঠন

মটক ছাত্ৰ সন্থাৰ হাতীআলি আঞ্চলিক সমিতি গঠন

চাবুৱৰঃ সদৌ অসম মটক ছাত্র সন্থাৰ হাতীআলি আঞ্চলিক
সমিতিখন নাদুৱা চাংমাই প্রাথমিক বিদ্যালয়ত গঠন কৰা হয়। কেন্দ্রীয় সমিতিৰ কার্যকৰী সভাপতি ৰাতুল গগৈয়ে সভাপতিত্ব কৰা সভাখনত উদ্দেশ্য ব্যাখ্যা কৰে ডিব্রুগড় জিলা সমিতিৰ সাংগঠনিক সম্পাদক হিৰকজ্যোতি বৰুৱাই। উক্ত সভাত আগন্তুকৰ বাবে বেদান্ত বৰুৱাক সভাপতি আৰু প্রার্থপ্রতিম চেতিয়াক সাধাৰণ সম্পাদক হিচাপে লৈ ৪১ জনীয়া এখন শক্তিশালী হাতী আলী আঞ্চলিক সমিতি গঠন কৰা হয়। উক্ত সভাত পর্যবেক্ষক হিচাপে কেন্দ্রীয় সমিতিৰ মুখ্য উপদেষ্টা যুগল বৰুৱা, কার্যনিবাহক সদস্য লক্ষী গগৈকে আদি কৰি বহু কেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকে লগতে ৰহমৰীয়া, বিন্ধাকতা, দধীয়া-লাইকা আৰু লেজাই কলাখােৱাৰ বানাক্রান্ত লােকক আর্থিক সাহায্য প্রদান কৰাৰ লগতে পুন সংস্থাপনৰ দাবীত হাতীআলিত পথ অৱৰোধ কৰি বিভিন্ন চৰকাৰী বিৰোধী শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা