সাংবাদিক মাণিক দেৰ অসুস্থতা : দায়িত্বজ্ঞানহীন কাণ্ড হায়াত কতৃপক্ষৰ

গুৱাহাটী : গুয়াহাটীৰ লালগণেশেৰ হায়াত হাস্পাতালত সাংবাদিক মানিক দেৰ  ২৯  দিন সাধাৰণ চিকিৎসা কৰি  ৭ লাখ ৬৪ হাজাৰ ৫০০ টকাৰ বিল দিয়াৰ অভিযোগ তুলিছে ভুক্তভোগীয়ে।  (বিল নং ৭৭১৪/ৰেজি. নং ২৪১৩২/বেড নং ১২২০/ আইসিইউ/ দ্বিতীয় তলা)। সাংবাদিকগৰাকীৰ কেন্সাৰ আক্রান্ত  পত্নী  লংকাৰ চৰকাৰী হাসপাতালৰ নাৰ্চ সুপ্রিয়া শুক্লবৈদ্যই বহু কষ্ট কৰি বিল যোগাৰ কৰে। এই মোটা অঙ্কৰ বিলৰ ক্ষেত্ৰত সাংবাদিক মানিক   দেৰ পত্নীক হাসপাতাল কর্তৃপক্ষ  জনায় যে কম পইচা দিলা সেই হাস্পটালৰ পৰা ৰোগীক নিব পাৰে । সেই উত্তৰ পাই ভাল চিকিৎসাৰ আশাত গুৰুতৰ অসুস্থ হোজাই-লংকাৰ বাসিন্দা 'অগ্রদূত', 'নববার্তা প্রসঙ্গ' আদি দৈনিক সংবাদপত্রত কাম কৰা সাংবাদিক মানিক দেক গুয়াহাটী এপোলো হাসপাতালত ভর্তি কৰা হয়। ২৯ দিন পিছত সাত লাখ টকাে বিল দি হায়াত হাস্পটাল কর্তৃপক্ষই ব্যর্থতা স্বীকাৰ কৰাৰ পৰিৱৰ্তে কম মূল্যৰ আই চি ইউ পালে তালৈ ৰোগীক নিবলৈ কয়। অৱশ্যে ইতিমধ্যে মুখ্যমন্ত্রী সর্বানন্দ সোনোৱালে সাহায্যৰ আশ্বাস দিছে। চিকিৎসক ৰাকেশ দাস, 'নব বার্তা প্রসঙ্গৰ সম্পাদক হবিবুৰ ৰহমান চৌধুৰী,  অধ্যাপক প্রশান্ত চক্রবর্তী  প্রমুখ্যে, লামডিং, লংকাৰ ৰাইজেও সাংবাদিকগৰাকীৰ সুস্থতা কামবা কৰিছে। সাহায্যৰ হাত আগবঢ়াইছে কণ্ঠশিল্পী দেবজিৎ সাহাকে ধৰি বৰাকৰ বিধায়ক কৃষ্ণেন্দু পাল পর্যন্ত বহুজনে। কৰোণাৰ এই জটিল পৰিস্থিতিত হায়াত  হাসপাতালৰ  অমানবিক, ভূমিকা,  সাংবাদিকৰ প্রতি   চৰম অবহেলাক প্ৰশ্ন উঠিছে সকলোতে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা