ৰঙিয়াত "শংকৰ আজান স্বচ্চতা হি সেৱা" সংস্থা আৰু ৰাইজে নিৰ্মাণ কৰিলে পৌৰসভাৰ পথ, নলা-নৰ্দমা
ৰঙিয়াৰ স্বেচ্ছাসেৱী সংগঠন শংকৰ আজান স্বচ্চতা হি সেৱাৰ উদ্যোগত পৌৰসভা এলেকাৰ ৫নং ৱাৰ্ডৰ পঞ্চায়ত ভৱনৰ কাষৰ পথটিৰ জৰাজীৰ্ণ, দুৰ্গন্ধময় হোৱাৰ উপৰি জহি খহি যোৱা নলা-নৰ্দমাটো আজি স্থানীয় ৰাইজৰ সহযোগত মেৰামতি কাম কৰে। এইক্ষেত্ৰত অঞ্চলটোৰ ৰাইজে পৌৰসভাৰ ৫ নং ৱাৰ্ডৰ কমিছনাৰ তথা পৌৰনেত্ৰী ওচৰত কেইবাবাৰো আবেদন দাখিল কৰিছিল যদিও বিভাগীয় ভাৱে কামখিনি হৈ নুঠিল । এজাক বৰষুণ দিলে পথটিৰ ওপৰেৰে নলা-নৰ্দমাটোৰ পৰা বাগৰি অহা দূষিত পানীয়ে অঞ্চলটি কদৰ্যময় কৰি যাতায়তৰ অনুপযোগী কৰি তোলে । এইক্ষেত্ৰত ৰঙিয়া পৌৰসভাৰ নিৰ্লিপ্ত কাম কাজৰ বাবে স্থানীয় ৰাইজে ক্ষুদ্ধ হৈ কৰ্মস্পৃহা স্বেচ্ছাসেৱী সংগঠনটোৰ দক্ষ সভাপতি জাকিৰ হুছেইন আৰু সম্পাদক মোছাব্বিৰ আলীৰ নেতৃত্বত পথটিৰ লগতে নৰ্দমাটোৰ পুনৰ নিৰ্মাণৰ কাম আৰম্ভ কৰে। উল্লেখ্য যে মহকুমাটোৰ আগশাৰীৰ দুখনকৈ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান প্ৰাগমেটিক একাডেমী জুনিয়ৰ কলেজ আৰু বিদ্যামন্দিৰ একাডেমী জুনিয়ৰ কলেজৰ ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰীৰ উপৰি অৰ্ধ-সহস্ৰাধিক ৰাইজৰ ৰঙিয়া টাউনলৈ অহা যোৱা কৰাৰ এইটো একমাত্ৰ মূল পথ। এনেক্ষেত্ৰত অঞ্চলটোৰ ৰাইজৰ লগতে স্বেচ্ছাসেৱী সংগঠনটোৱে বিভাগীয় কৰ্তৃপক্ষৰ দৃষ্টি নিক্ষেপ কৰি যাতায়তৰ উপযুক্ত ব্যৱস্থা কৰাৰ বাবে প্ৰশাসনক কাতৰ আহ্বান জনাইছে। ইতিমধ্যে এই "শংকৰ আজান স্বচ্চতা হি সেৱা" সংগঠনৰ উদ্যোগত লকডাউনৰ ফলত ৰঙিয়া ষ্টেচনৰ লগতে টাউনখনৰ বাটে পথে অঘৰী জীৱন কটোৱা একাংশ লোকৰ জীৱন বিপৰ্যস্ত হৈ খাদ্যৰ অভাৱত অবৰ্ণনীয় জীৱন কটাবলগীয়া এই পথচাৰী লোক সকলক খাদ্য সামগ্ৰী বিতৰণ কৰি ৰাইজৰ শলাগ বুটলিবলৈ সক্ষম হৈছিল শংকৰ আজান স্বচ্চতা হি সেৱাই। গোটেই চহৰখনত ভোকাতুৰ সকলক খাদ্য যোগান ধৰাৰ বাবে কাৰ্যসূচী হাতত লোৱাৰ উপৰি টাউনখনৰ ষ্টেচন, এন টি ৰোড, মহাত্মা গান্ধী পথ প্ৰমূখ্যে টাউনৰ বাটে পথে দেখা পোৱা সকলো অঘৰী ভিক্ষুকবোৰক খাদ্য, পানী আদি যোগান ধৰি ভোকাতুৰ সকলক অন্নদানৰ ব্যৱস্থা কৰিছিল।ইয়াৰ পূৰ্বেও চৰকাৰৰ নিৰ্দেশ মৰ্মে সংগঠনটোৱে স্বচ্ছ ভাৰত অভিযানৰ অংশ হিচাপে ৰঙিয়া পৌৰসভা এলেকাত বহুবাৰ চাফাই অভিযান চলাইছিল।
প্ৰেৰক, পহৰেদ আলী আহমেদ, ৰঙিয়া ।
Comments
Post a Comment