এইচডিএফচি বেংকে লাভ কৰিলে ইউৰ'মানী এৱাৰ্ডছ ২০২০ত ভাৰতৰ শ্রেষ্ঠতম বেংক'ৰ খিতাপ




 ষ্টাফৰিপ'ৰ্টাৰ,,২৭ জুলাই।।।ভাৰতৰ ব্যক্তিগত বিত্তীয় খণ্ডৰ অন্যতম প্ৰতিষ্ঠান এইচডিএফচি বেংকে 'ইউৰ'মানী এৱাৰ্ডছ ফ'ৰ এক্সিলেন্স ২০২০ভাৰতৰ শ্ৰেষ্ঠতম বেংকৰ খিতাপ লাভ কৰিছে। ইউৰ'মানী এৱাৰ্ডছ ফ'ৰ এক্সিলেন্সে এইবাৰ তেওঁলোকৰ ২৮ তম বৰ্ষপূতি পালন কৰিছে আৰু বেংকটোৱে ক্ৰমাগতভাৱে ১৩ বাৰলৈ ভাৰতৰ শ্রেষ্ঠতম বেংক হিচাপে এই খিতাপ লাভ কৰিছে। আলোচনীখনৰ সম্পাদকে এই সন্দৰ্ভত এইদৰে লিখিছে"ভাৰতৰ অন্যতম শ্ৰেষ্ঠ বেংক এইচডিএফচিত আদিত্য পুৰীয়ে আগন্তক অক্টোবৰ ২০২০ ত অৱসৰ গ্ৰহণ কৰাৰ পিছত তেওঁৰ উত্তৰসূৰীয়ে যথেষ্ট খিনি লাভ কৰিব। ১৯৯৪ চিনত গঠন হোৱাৰে পৰা পুৰীয়ে এইচডিএফচি বেংকক ভাৰতৰ বৃহত্তম তথা শ্ৰেষ্ঠ ব্যক্তিগতখণ্ডৰ বেংক হিচাপে গঢ়ি তুলিছে য'ত আছে প্ৰায় ১৪ ট্ৰিলিয়ন টকা(১৮৪ বিলিয়ন ডলাৰ)ৰ বেলেঞ্চ শ্বীট। বিশ্বজনীন বিত্তীয় প্ৰকাশন উদ্যোগ হিচাপে এই বঁটাটো তেওঁলোকে ১৯৯২ চনত প্ৰৱৰ্তন কৰিছিল। এই বঁটা ইউৰ'মানীৰ উদ্যোগ-নেতৃত্বধীন সৰ্বেক্ষণৰ ভিত্তিত বৰ্ষটোৰ বজাৰ অংশীদাৰীত্ব আৰু গ্ৰাহক সন্তুষ্টি তথ্য সম্বলিত কৰি প্ৰদান কৰা হয়। তাৰোপৰি ইউৰ'মানীৰ সম্পাদকীয় দলটোৱে ইয়াৰ বাবে তিনি মাহ ধৰি তালিকাভুক্ত কৰা পাৰ্থী সমূহৰ মুখা-মুখিকৈ লোৱা সাক্ষাৎকাৰৰ এক প্ৰক্ৰিয়া পূৰণ কৰে। আলোচনীখনৰ বঁটা সংস্কৰণত লিখা অনুসৰি-"পুৰীয়ে এইচডিএফচি বেংকক ভাৰতৰ অন্যতম বিত্তীয়  উদ্ভাৱনীমূলক প্ৰতিষ্ঠানলৈ পৰিগণিত কৰিছে। ইয়াৰ সম্পূৰ্ণ সেৱা ভিত্তিক লেন- দেন ব্যৱস্থাপনা সেৱা স্মাৰ্টহাৰ প্লেটফ'ৰ্ম সহস্ৰাধিক ব্যক্তিগতখণ্ডৰ প্ৰতিষ্ঠানসমূহে ব্যৱহাৰ কৰি আহিছে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা