বানাক্ৰান্ত লোকক উপযুক্ত সাহায্য প্ৰদান নকৰাৰ অভিযোগ ছাত্ৰ মুক্তিৰ-
ৰাজ্যখনত সৃষ্টি হোৱা প্ৰলয়ংকাৰী বানপানীৰ কবলত পৰা লোক সকলক সঠিক সময়ত উপযুক্ত সাহায্য প্ৰদান নকৰাৰ অভিযোগ তুলি সোচ্ছাৰ হৈ পৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে। অতি শীঘ্ৰে বান আৰু গৰাখহনীয়াত আক্ৰান্ত লোক সকলক লোক সকলক উপযুক্ত সাহায্য প্ৰদান আৰু পুনৰ সংস্থানৰ দাবী জনায় ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে। অসমীয়া গামোচা গলত লৈ আৰু টেলিফোনৰ জৰিয়তে অসমৰ বানপানীৰ খবৰ লৈ ভুৱা প্ৰতিশ্ৰুতিৰে অসমৰ ৰাইজক আভুৱা ভাৰিব বিচাৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই অভিযোগ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ। সোণোৱাল চৰকাৰ আৰু মোদী চৰকাৰে যদি অসমখন ধ্বংস হোৱাৰ পৰা ৰক্ষা কৰিব বিচাৰে তেন্তে অতি শীঘ্ৰে সকলো বৃহৎ নদীবান্ধ নিৰ্মাণৰ পৰিকল্পনা বাতিল কৰিব লাগে বুলিও দাবী উত্থাপন কৰে। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি আশ্ৰাফুল ইছলামে এই সম্পৰ্কত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়",- ক'ৰোণা মহামাৰীৰ বিভীষিকাৰ মাজতেই ৰাজ্যখনত প্ৰলয়ংকাৰী বানপানীৰ সৃষ্টি হৈছে। ক্ষিপ্ৰ উদ্ধাৰ অভিযানৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবেই বানপানী আৰু গৰখহনীয়াত প্ৰায় শতাধিক লোকৰ প্ৰাণ যোৱাৰ লগতে হাজাৰ হাজাৰ পশু ধন মৃত্যুমুখত পৰিছে। ত্ৰিশ লাখতকৈ অধিক লোক বানত আক্ৰান্ত হৈছে। লক্ষাধিক হেক্টৰ কৃষিভূমিৰ বিস্তৰ ক্ষতি সাধন হৈছে! বহু লোকে নিজৰ ঘৰ-বাৰী এৰি ৰাজপথ, মথাউৰি, স্কুল আৰু আশ্ৰয় শিবিৰত দুৰ্বিষহ যন্ত্ৰণাত দিন কটাইছে। প্ৰয়োজনীয় খাদ্য, বস্ত্ৰ আৰু বিশুদ্ধ খোৱা পানীৰ অভাৱত বানাক্ৰান্ত লোক সকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিজেই বিভিন্ন বানাক্ৰান্ত শিবিৰ আৰু অঞ্চল পৰিদৰ্শন কৰি বাহ বাহ লোৱাত ব্যস্ত থাকিলেও প্ৰলয়ংকাৰী বানপানীত ক্ষীপ্ৰতাৰে উদ্ধাৰ অভিযান নচলোৱা আৰু বানাক্ৰান্ত লোকসকলৰ মাজত উপযুক্ত সাহায্য প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হৈছে। অসম ৰাজ্যিক দুৰ্যোগ প্ৰসমন বিভাগৰ মতে এইবেলি বানত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে বৰপেটা জিলা, দক্ষিণ শালমাৰা আৰু গোৱালপাৰা জিলা। এই জিলাবোৰতেই যদি বানাক্ৰান্ত লোক সকলক উপযুক্ত সাহায্য প্ৰদান কৰা হোৱা নাই তেন্তে আন জিলাবোৰত কেনেকুৱা ধৰণৰ সাহায্য প্ৰদান কৰা হৈছে সেয়া সহজেই অনুমেয়। গতিকে শীঘ্ৰে চৰকাৰ, প্ৰশাসন আৰু বিভাগীয় কৰ্তৃপক্ষই বানাক্ৰান্ত লোক সকলক সকলো ধৰণৰ উপযুক্ত সাহায্য প্ৰদানৰ ব্যৱস্থা কৰক। বিহাৰ, মহাৰাষ্ট্ৰ, জম্মু কাশ্মীৰ আৰু পশ্চিমবংগৰ দৰে ৰাজ্যত বানপানী হলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদিয়ে নিজে পৰিস্থিতি বুজ লোৱাৰ লগতে হাজাৰ হাজাৰ কোটি টকাৰ পেকেজ প্ৰদান কৰে। কিন্তু অসমৰ ভয়াৱহ বানপানীৰ খবৰ টেলিফোনৰ জৰিয়তে লৈ টুইট এটা কৰিয়েই দায়িত্ব সামৰে। এই অত্যন্ত দুৰ্ভাগ্যজনক। অসমীয়া গামোচা গলত লৈ আৰু টেলিফোনৰ জৰিয়তে অসমৰ বানপানীৰ খবৰ লৈ ভুৱা প্ৰতিশ্ৰুতিৰে অসমৰ ৰাইজক আভুৱা ভাৰাৰ দিন উকলিছে! নিৰ্বাচনৰ পূৰ্বে অসমৰ বান-গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি প্ৰদান কৰি সমাধানৰ উদ্যোগ গ্ৰহণ কৰিব বুলি প্ৰতিশ্ৰুতি দিয়া মোদী আৰু সোণোৱালৰ বিজেপি চৰকাৰে এতিয়ালৈ কোনো ধৰণৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ নকৰিলে। বৰং বানপানীৰ সময়ত কেন্দ্ৰই অসমলৈ দিয়া সাহায্যৰ পৰিমাণ মোদী চৰকাৰে কমাই আনিছে। কেগৰ প্ৰতিবেদন মতে ২০১৪ চনৰ পৰা ২০২০ চনলৈ কেন্দ্ৰই ৰাজ্যৰ দুৰ্যোগ সাহায্য পুঁজিলৈ আগবঢ়োৱা ধনৰ পৰিমাণ ৬০% লৈ হ্ৰাস কৰিছে! মোদী চৰকাৰে অসমৰ বান-গৰাখহনীয়া সমস্যাক যে গুৰুত্বসহকাৰে লোৱা নাই এয়া তাৰ জ্বলন্ত উদাহৰণ। নামনি অসমত প্ৰলয়ংকাৰী বানৰ মূল কাৰণ ভূটানৰ কুৰিশ নদীবান্ধ আৰু উজনি অসমত প্ৰলয়ংকাৰী বানৰ মূল কাৰণ ৰঙা নদী প্ৰকল্প। ভাৰত চৰকাৰে ভূটান, অসম আৰু অৰুণাচল প্ৰদেশত প্ৰস্তাৱিত বৃহৎ নদীবান্ধ সমূহ নিৰ্মাণ হলে সমগ্ৰ অসম প্ৰলয়ংকাৰী বানৰ কবলত পৰি ধ্বংস হব! সেয়েহে সোণোৱাল চৰকাৰ আৰু মোদী চৰকাৰে যদি অসমখন ধ্বংস হোৱাৰ পৰা ৰক্ষা কৰিব বিচাৰে তেন্তে অতি শীঘ্ৰে সকলো বৃহৎ নদীবান্ধ নিৰ্মাণৰ পৰিকল্পনা বাতিল কৰক",।
Comments
Post a Comment