নলবাৰীৰ বৰক্ষেত্ৰীত বন্যাৰ্তক অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ "দ্যা ড্ৰিমাৰ্চ ক্লাৱ"ৰ।

মুকালমুৱা:: 22 জুলাই,
কোৰোনা মহামাৰীৰ ভয়াবহতাৰ মাজত সংহাৰী ৰূপ ধাৰণ কৰা বানপানীৰ কৱলত পৰি এমুঠি অন্নৰ বাবে হাহাকাৰ কৰিছে বানাক্ৰান্ত ৰাইজে।নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ বিভিন্ন অঞ্চলৰ বানাক্ৰান্ত ৰাইজক অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰে দ্যা ড্ৰিমাৰ্চ ক্লাৱে।বৰক্ষেত্ৰীৰ অন্তৰ্গত কাপলাবড়ী, ৩নং বৰতলা, চতেমাৰী আদি গাওঁত 'দ্য ড্ৰিমাৰ্ছ ক্লাৱ' এ প্ৰায় দুই শতাধিক
বানাক্ৰান্ত পৰিয়ালক চাউল, দালি , মিঠাতেল, আলু, চাবোন , বিস্কুট, মেক্সো, মম, লগতে কীট নাশক দ্ৰব্য, কল'গেট আদি বিতৰণ কৰাৰ লগতে বান পৰিস্থিতিৰ বুজ লয় ক্লাৱৰ সদস্য সকলে। ইয়াৰ উপৰিও পৰৱৰ্তী সময়ত বানাক্ৰান্ত ৰাইজক ঔষধ-পাতিৰ লগতে পশুধনৰ বাবে খাদ্যৰ সামগ্ৰী আদি বিতৰণ কৰিব বুলি কয় ক্লাৱৰ বিষয়বৱীয়া সকলে।বিতৰণ কাৰ্যসূচীত ক্লাৱৰ সদস্য সকলৰ লগতে গাঁৱৰ গাওঁবুঢ়া,বিশিষ্ট লোক সকল উপস্থিত থাকে।দেশৰ জটিল পৰিস্থিতিৰ সময়ত অৰ্তজনৰ ওচৰত থিয় হৈ সহায়ৰ হাত আগবঢ়োৱা বাবে অঞ্চলটোৰ ৰাইজে ক্লাৱটোৰ দীৰ্ঘস্থায়ী কামনা কৰাৰ লগতে ভূয়সী প্ৰশংসা কৰে ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা