নলবাৰীৰ উত্তৰ-পূব খাতা বিদ্যাপীঠত ইউনিফৰ্ম বিতৰণ

নলবাৰীৰ উত্তৰ-পূব খাতা বিদ্যাপীঠত ইউনিফৰ্ম বিতৰণ*

*ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ২২ জুলাই*

কোভিড-১৯ৰ বাবে বিদ্যালয়সমূহত পাঠদান প্ৰক্ৰিয়া বন্ধ  হৈ থকাৰ পৰিপ্ৰেক্ষিতত পূব নলবাৰীৰ বিভিন্ন বিদ্যালয়ত ইউনিফৰ্ম বিতৰণ  কৰিব পৰা হোৱা নাছিল। ক'ৰোনা সংক্ৰমণৰ প্ৰতিৰোধ প্ৰসংগত চৰকাৰী নীতি-নিয়ম সম্পূৰ্ণৰূপে মানি ছাত্ৰ-ছাত্ৰীসকলক ১৭ জুলাইত দুযোৰকৈ ইউনিফৰ্ম প্ৰদান কৰা হয় ১নং খাতা মণ্ডল সমল কেন্দ্ৰৰ অন্তৰ্গত উত্তৰ-পূব খাতা বিদ্যাপীঠ মধ্য ইংৰাজী বিদ্যালয়ত। ছাত্ৰ-ছাত্ৰীয়ে নিৰ্দিষ্ট ব্যৱধান ৰাখি পৰিপাটিকৈ থাকি  চৰকাৰ প্ৰদত্ত এই পোছাক গ্ৰহণ কৰি আনন্দিত হৈ পৰে। ইউনিফৰ্ম বিতৰণ কাৰ্যসূচীত উপস্থিত থাকি ১নং খাতাৰ মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক সুভাষ বৰ্মনে অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰীসকলৰ উদ্দেশ্যি বক্তব্য প্ৰদান কৰে। ভাষণ প্ৰসংগত বৰ্মনে পূব নলবাৰী শিক্ষাখণ্ডত চলি থকা ই-লাণিং প্ৰক্ৰিয়া ফলপ্ৰসুভাৱে প্ৰয়োগ কৰাৰ সমান্তৰালভাৱে নলবাৰী জিলাৰ প্ৰাথমিক শিক্ষা বিভাগৰ তৰফৰ পৰা আগবঢ়োৱা প্ৰশ্নভাণ্ডাৰ আৰু প্ৰশ্ন-পত্ৰৰ ব্যাপক প্ৰয়োগৰ ওপৰত গুৰুত্ব দিয়ে। বিদ্যালয়খনৰ প্ৰধান শিক্ষক কেশব চৌধুৰীয়ে আঁত ধৰা এই কাৰ্যসূচী সম্পন্ন হোৱাত সহায় কৰে বিদ্যালয় পৰিচালনা সমিতিৰ সদস্য কেশব দাসে। উপস্থিত অভিভাৱকসকলে প্ৰধান শিক্ষকৰ কাম-কাজক ভূয়সী প্ৰশংসা কৰে। এই দুৰ্দিনৰ সময়তো ছাত্ৰ-ছাত্ৰীৰ উত্তৰণৰ অৰ্থে লাগি থকা বাবে নলবাৰীৰ জিলা প্ৰাথমিক শিক্ষা বিষয়া সীমান্ত কুমাৰ ডেকাৰ লগতে পূব নলবাৰী শিক্ষাখণ্ডৰ বিষয়া নিকুঞ্জ বৰ্মন, বিদ্যালয় সমূহৰ সহঃ পৰিদৰ্শক সমীন বৈশ্য, ইনামূল মজিদ, পূলক ঠাকুৰীয়া আদিয়ে প্ৰধান শিক্ষকক ধন্যবাদ জনায় ৷

*প্ৰেৰকঃ ৰূপক বৈশ্য, নলবাৰী*

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা