বেবেজীয়াৰ বৰহোলাত বিশুদ্ধ খোৱাপানী ব্যৱস্থাৰ শুভাৰম্ভ

নগাঁও সদৰ সমষ্টিৰ বিধায়ক পুঁজিৰ চেক বিতৰণ                                                                                                          দেৱব্ৰত বৰা,জাজৰি,২৯ জুলাইঃ নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই যোৱা ২৬ জুলাইত  বেবেজীয়া-ডিমৌ-বাংঠাই গাঁও পঞ্চায়ত এলেকাৰ ১০টা অনুষ্ঠানলৈ বিধায়ক এলেকা উন্নয়ন পুঁজিৰ প্ৰথম কিস্তিৰ ধনৰ চেক বিতৰণ কৰে ।এই উপলক্ষে প্ৰতিটো সামাজিক অনুষ্ঠানলৈ গৈ বিধায়কগৰাকীয়ে চেকসমূহ প্ৰদান কৰে ।ইয়াৰে বিৰহ বেবেজীয়াৰ নামঘৰ প্ৰাঙ্গনত সামাজিক দূৰত্ত্ব অক্ষুন্ন ৰাখি  অনুষ্ঠিত এক সভাত উক্ত অনুষ্ঠানলৈয়ো অনুদানৰ  চেক  প্ৰদানৰ লগতে প্ৰেছ ক্লাৱ ,বেবেজীয়ালৈয়ো আন্তঃগাঁথনি উন্নয়নৰ বাবে প্ৰথম কিস্তিৰ ধনৰ  চেক বিতৰণ কৰে ।এই অনুষ্ঠানসমূহত  বিধায়কৰ স'তে তিৱা স্বায়ত্ত পৰিষদৰ উপাধ্যক্ষ বিদ্যুৎ বৰদলৈ,বেবেজীয়া-ডিমৌ -বাংঠাই গাঁও পঞ্চায়তৰ সভাপতি দিগন্ত কুমাৰ নাথ,কাউঞ্চিলাৰ তপন বৰদলৈ,যুৱ নেতা প্ৰনৱজ্যোতি বৰা,দিগন্ত বৰা,ভূৱন শইকীয়া আদিয়ে সংগ দিয়ে ।সেইদিনাই বেবেজীয়াৰ বৰহোলাত চৰ্তুদশ বিত্তীয় পুঁজিৰ জৰিয়তে নিৰ্মিত বিশুদ্ধ খোৱাপানী ব্যৱস্থাৰ এক আঁচনিৰো আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে বিধায়কগৰাকীয়ে ।ইয়াৰোপৰি শেনচোৱা গাঁও পঞ্চায়তৰো কেইবাটাও অনুষ্ঠানলৈ উক্তদিনাই বিধায়ক পুঁজিৰ চেক বিতৰণ কৰা হয় বুলি জানিৱ পৰা গৈছে ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা