নলবাৰীত ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিযুষ হাজৰিকাই শ্বহীদ মুকুন্দ কাকতি ক'ভিড হাস্পিতেলৰ ব্যৱস্থাৰ বুজ ল'লে

lৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ২৫ জুলাই*

ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিযুষ হাজৰিকাই শুক্ৰবাৰে বিয়লি মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা, বিধায়ক অশোক শৰ্মা আৰু নাৰায়ন ডেকা, নলবাৰী উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ বনদ্বীপ ডেকা, জিলা পৰিষদৰ অধ্যক্ষ নিতুল ডেকা সমন্বিতে  নলবাৰীত উপস্থিত হৈ পোনে পোনে শ্বহীদ মুকুন্দ কাকতি ক'ভিড হাস্পিতেলত গৈ চিকিৎসাধীন ক'ভিড-১৯ পজিটিভ ৰোগীৰ চিকিৎসা, পৰিস্কাৰ-পৰিচ্ছন্নতা, খাদ্য যোগান আদি ব্যৱস্থা পৰিদৰ্শন কৰে আৰু ৰোগীসকলৰ লগত মত বিনিময় কৰে । সাংবাদিকসকলৰ লগত হোৱা সাক্ষাৎকাৰত মন্ত্ৰী হাজৰিকাই কয় যে অসমৰ ৰাইজৰ জীৱনৰ বাবে চৰকাৰে সেৱা আগবঢ়াই যাব । এইক্ষেত্ৰত কোনো ধৰণৰ আপোচ কৰা নহ'ব বুলিও তেওঁ উল্লেখ কৰে । ইয়াৰ পিছত মন্ত্ৰীগৰাকীয়ে জিলা উপায়ুক্তৰ সভাকক্ষত উপায়ুক্ত পূৰৱী কোৱঁৰ, অতিৰিক্ত উপায়ুক্ত (স্বাস্থ্য) অভিজিত সিনহা, আৰক্ষী অধীক্ষক অমনজিৎ কৌৰ, সহকাৰী আয়ুক্ত শশী ভূষণ ৰাজকোৱঁৰ, যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক উমেশ ফাংচুৰ লগতে অন্যান্য চিকিৎসা বিষয়াৰ সৈতে এক সভাত মিলিত হয় । সভাত যুটীয়া সঞ্চালক ফাংচুৰ পৰা জিলাখনত থকা স্বাস্থ্যখণ্ডৰ চিকিৎসক, নাৰ্চ, লেবৰেটৰী টেকনিচিয়ান, আশা কৰ্মী, বহুমুখী চিকিৎসা কৰ্মী, চাফাই কৰ্মী, চিকিৎসালয়ৰ সংখ্যা, বিচনাৰ সংখ্যা আদি দিশৰ সম্পৰ্কত বুজ লয় । মন্ত্ৰী হাজৰিকাই জিলাখনত ইতিমধ্যে থকা ৰোগীৰ বাবে বিচনা যি ২২৪খন আছে তাৰ উপৰি আন ৩০০খন বিচনাৰ বাবে ব্যৱস্থা কৰিবলৈ জিলা উপায়ুক্তক নিৰ্দেশ দিয়ে । ১০ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত তিনি বা চাৰিখন কলেজ বা অন্য অনুষ্ঠানত সকলো প্ৰয়োজনীয় সা-সুবিধাৰে ৩০০ বিচনাৰ ব্যৱস্থা ২৬ জুলাইৰ ভিতৰত কৰিবলৈ জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে আৰু চিকিৎসক তথা অন্যান্য স্বাস্থ্য কৰ্মীৰ উপস্থিতিত সাংসদ বা বিধায়কৰ দ্বাৰা মুকলি কৰিবলৈ কয় । এই ক'ভিড কেয়াৰ কেন্দ্ৰত এম বি বি এচ ডাক্তৰ থাকিব লাগিব যাৰ পিপিই কীটত ডাক্তৰ বুলি  ষ্টিকাৰ লগোৱা থাকিব । তদুপৰি পুঁজিৰ বাবে কোনো অসুবিধা নাই বুলি তেওঁ জিলা প্ৰশাসনক আশ্বাস দিয়ে  ।ঔষধো পৰ্যাপ্ত পৰিমাণে যোগান দিয়াৰ ব্যৱস্থা কৰিব বুলি মন্ত্ৰীগৰাকীয়ে কয় ৷ মন্ত্ৰীগৰাকীয়ে আৰক্ষী অধীক্ষক কৌৰক মাস্ক পিন্ধাটো জিলাখনত নিশ্চিত কৰাৰ ওপৰত গুৰুত্ব দিবলৈ নিৰ্দেশ দিয়ে আৰু দৰকাৰ হ'লে জৰিমনা বিহিবলৈও নিৰ্দেশ দিয়ে । আনহাতে কোভিড-১৯ পজিটিভ ৰোগী ঢুকালে অন্ত্যেষ্টিক্ৰিয়া কৰিবৰ বাবে জনবসতিৰ পৰা দূৰত আছুতীয়াকৈ শ্মশানৰ বাবে এখন ঠাই চিনাক্ত কৰিবলৈও পিযুষ হাজৰিকাই জিলা উপায়ুক্তক নিৰ্দেশ দিয়ে ।

*প্ৰেৰকঃ ৰূপক বৈশ্য, নলবাৰী*

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা