নলবাৰীত ১৪৪ ধাৰাৰ অধীনত প্লাষ্টিক ব্যৱহাৰত নিষেধাজ্ঞা

নলবাৰীত ১৪৪ ধাৰাৰ অধীনত প্লাষ্টিক ব্যৱহাৰত নিষেধাজ্ঞা*

*ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ২৮ জুলাই*

প্লাষ্টিকৰ ব্যৱহাৰে পাৰিপাৰ্শ্বিকতাত পেলোৱা কুপ্ৰভাৱৰ প্ৰতি লক্ষ্য ৰাখি ফৌজদাৰী কাৰ্যবিধি আইনৰ ১৪৪ ধাৰাৰ অধীনত জিলাখনত জধেমধে প্লাষ্টিক ব্যৱহাৰ কৰাত নিষেধাজ্ঞা জাৰি কৰিছে নলবাৰীৰ জিলা দণ্ডাধীশ পূৰৱী কোৱঁৰে ৷ প্লাষ্টিক বহন বেগ ব্যৱহাৰ কৰি বহুলোকে দায়িত্বহীনভাৱে নলা-নৰ্দমা তথা য'তে ত'তে পেলাই পৰিৱেশ আৰু জনস্বাস্থ্যৰ প্ৰতি চৰম ভাবুকিৰ সৃষ্টি কৰিছে । গতিকে দোকানী, বিক্ৰেতা, পাইকাৰী ব্যৱসায়ী, খুছুৰা ব্যৱসায়ী, ট্ৰেডাৰ, হকাৰ, ফেৰীৱালা কোনোৱে প্লাষ্টিক বহন মোনা, প্লাষ্টিক শ্বীটচ ( sheets), ৫০ মাইক্ৰনতকৈ কম ডাঠ কেবাতৰপীয়া প্লাষ্টিক মোনা, ৬০ মিলি মিটাৰতকৈ কম ব্যাসাৰ্ধ আৰু ৫০ মাইক্ৰনতকৈ কম ডাঠ প্লাষ্টিক কাপ, কম দিন চলা পিভিচি আৰু ক্লোৰিনযুক্ত প্লাষ্টিক বেগ, বেনাৰ, ফ্লেক্স আৰু ডাঠ নিৰ্বিশেষে যিকোনো ধৰণৰ পতাকা বা পতাকা বনোৱা সামগ্ৰী আদি নলবাৰী জিলাত নিষিদ্ধ কৰা হৈছে । যিকোনো ধৰণৰ প্লাষ্টিক বেগ কোনো উদ্যোগ বা লোকে উৎপাদন, আমদানি, যোগান, মজুতকৰণ, সৰবৰাহ, বিক্ৰী আৰু বিতৰণ আদি নলবাৰী জিলাত কৰিব নোৱাৰিব ৷ কোনো লোকে আলোচনী, নিমন্ত্ৰণী পত্ৰ বা শুভেচ্ছা পত্ৰ আদি বান্ধিবলৈ প্লাষ্টিক ক'ভাৰ, প্লাষ্টিক শ্বীট বা প্লাষ্টিক ফিল্ম বা প্লাষ্টিক টিউব ব্যৱহাৰ কৰিব নোৱাৰিব ৷ নলবাৰী জিলাত কোনো লোকে প্লাষ্টিক গিলাছ বা প্লাষ্টিক প্লেট আদিও ব্যৱহাৰ কৰিব নোৱাৰিব । এই নিষেধাজ্ঞাসমূহ সমগ্ৰ  নলবাৰী জিলাতে তৎকালীনভাৱে বলবৎ হ'ব আৰু পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বাহাল থাকিব । অৱশ্যে বায়'-মেডিকেল ৱেষ্ট মেনেজমেন্ট বিধি, ২০১৬ ৰ অধীনত ব্যৱহৃত প্লাষ্টিক বেগৰ ক্ষেত্ৰত এই নিষেধাজ্ঞা প্ৰযোজ্য নহ'ব । লগতে গাখীৰ বা অন্য খাদ্য প্ৰক্ৰিয়াকৰণত ব্যৱহৃত প্লাষ্টিক আৰু নাৰ্চাৰীত গছৰ পুলিৰ ক্ষেত্ৰত ব্যৱহৃত প্লাষ্টিকৰ ক্ষেত্ৰত এই নিষেধাজ্ঞা প্ৰযোজ্য নহ'ব বুলিও নিৰ্দেশনাত উল্লেখ কৰা দিয়া হৈছে ।


*প্ৰেৰকঃ ৰূপক বৈশ্য, নলবাৰী*

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা