নলবাৰী জিলাৰ ঘগ্ৰাপাৰৰ ধৰ্মপ্ৰাণা মহিলা ব্ৰজবালা ডেকাৰ মৃত্যু*
নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কুঁৱৰীকুছি গাঁও নিবাসী প্ৰয়াত দণ্ডিৰাম ডেকাৰ পত্নী ধৰ্মপ্ৰণা মহিলা ব্ৰজবালা ডেকা(৯০)ৰ শনিবাৰে নিশা মৃত্যু হয় ৷ বাৰ্ধক্যজনিত কাৰণত মৃত্যু হোৱা ডেকা আছিল গাঁওখনৰ অতি অমায়িক স্বভাৱৰ মহিলা ৷ আজিৰ পৰা প্ৰায় ত্ৰিশ বছৰ আগতে স্বামীক হেৰুৱাই অকনো বিচলিত হোৱা নাছিল ৷ বৰঞ্চ কৃষক পৰিয়ালৰ বোৱাৰী হিচাবে জীৱন নিৰ্বাহ কৰা ডেকাৰ সু-পৰিচালনাতে একমাত্ৰ পুত্ৰ আৰু তিনিগৰাকী কন্যাক সু-শিক্ষিত কৰে ৷ তেওঁৰ মৃত্যুত গাঁওখনত শোকৰ ছাঁ পৰে ৷ ইপিনে ধৰ্মপ্ৰাণা মহিলাগৰাকীৰ মৃত্যুত স্থানীয় গোপাল মন্দিৰ পৰিচালনা সমিতি, গাঁও উন্নয়ন সমিতি, কুঁৱৰীকুছি কৰুণা স্মৃতি সংঘৰ লগতে বিভিন্ন দল-সংগঠনে শোক প্ৰকাশ কৰাৰ উপৰিও শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে ৷ মৃত্যুৰ সময়ত তেওঁ একমাত্র পুত্ৰ, তিনিজনী কন্যা সন্তানৰ লগতে অনেক গুণমুগ্ধক ইহঁ সংসাৰত এৰি থৈ যায় ।
*প্ৰেৰকঃ ৰূপক বৈশ্য, নলবাৰী*
Comments
Post a Comment