সমষ্টিৰ সীমা পূণৰ নিৰ্ধাৰণৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল ইত্তেহাদ ফ্ৰন্টৰ






ষ্টাফৰিপৰ্টাৰ, সীমা পূণৰ নিৰ্ধাৰণৰ প্ৰক্ৰিয়াত প্ৰশ্ন উত্থাপন কৰি ইত্তেহাদ ফ্ৰন্ট অসম ৰাজ্যিক সমিতিয়ে উচ্চতম ন্যায়ালয়ত ৫১পৃষ্ঠাৰ লেখ আবেদন দাখিল কৰিছে৷ আবেদন উল্লেখ কৰা অনুসৰি পূৰ্বতেওঁ সমগ্ৰ ভাৰতবৰ্ষত সমষ্টিৰ সীমা পূণৰ নিৰ্ধাৰণ কাম  কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰিছিল কিন্তু দল-সংগঠনৰ প্ৰতিবাদত আইন আৰু ন্যায় মন্ত্ৰালয়ে অসমত সমষ্টিৰ সীমা নিৰ্ধাৰণ প্ৰক্ৰিয়া বন্ধ ৰাখিছিল৷সেই সময়ত সমষ্টিৰ সীমা নিৰ্ধাৰণ স্থগিত ৰখাৰ কাৰণ সমূহৰ মূখ্য কাৰণ আছিল বিদেশী চিনাক্তকৰণ আৰু বহিস্কাৰ কৰা৷অসমৰ উগ্ৰপন্থী সমস্যা বাবে অসমক অশান্ত অঞ্চল ঘোষনা কৰি সশস্ত্ৰ বাহিনী ১৯৫৮ আইন বলবৎ কৰি ৰখা৷ অসমৰ পৰিবেশ শান্ত  নোহোৱালৈ সমষ্টিৰ সীমা নিৰ্ধাৰণ নকৰাৰ বাবে বিভিন্ন পক্ষই  দাবী উত্থাপন কৰাৰ ফলত সমষ্টিৰ সীমা পূণৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া স্থগিত ৰাখিছিল আইন আৰু ন্যায় মন্ত্ৰালয়ে৷ পূৰ্বতে উত্থাপন কৰা সমস্যা সমূহ আজিওঁ বাহাল আছে৷ আজিলৈকে কোনো এটা সমস্যা পূৰ্ণৰূপে সমাধান নোহোৱাৰ বিষয়ে উল্লেখ কৰে৷ বৰ্তমান গোটেই ভাৰতবৰ্ষতে লকডাউন চলি আছে অনুৰূপ ভাবে অসমতো সংক্ৰমণ বৃদ্ধি পাইছে  ফলত ৰাজ্যজুৰি বিভিন্ন  সমস্যা দেখা দিছে।কৰ'নাই গোটেই দেশতে মহামাৰী ৰূপ ধাৰণ কৰাৰ সময়ত ভাৰত চৰকাৰে সমস্যা জৰ্জৰিত ৰাজ্যত সমষ্টিৰ সীমা পূণৰ নিৰ্ধাৰণৰ প্ৰক্ৰিয়া চলোৱাৰ ফলত ৰাজ্য খনত বিৰূপ প্ৰভাব পৰাৰ আশংকা ব্যক্ত কৰিছে৷ যিসময়ত এন পি আৰ ও লোক পিয়লৰ কাম স্থগিত ৰাখিছে৷ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কাম এতিয়ালৈ সম্পূৰ্ণ হোৱা নাই ১৯লাখতকৈ অধিক লোকৰ সিদ্ধান্ত চুডান্ত হোৱা নাই চৰকাৰে এতিয়ালৈ ১৯লাখতকৈ অধিক লোকৰ আপিল প্ৰক্ৰিয়া আৰম্ভ কৰা নাই৷ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কাম সম্পূৰ্ণ নোহোৱালৈ সমষ্টিৰ সীমা নিৰ্ধাৰণৰ প্ৰক্ৰিয়া স্থগিত ৰখাৰ বাবে অনুৰোধ জনাইছেঁ৷ সমষ্টিৰ সীমা নিৰ্ধাৰণ নীতি নিয়ম অনুসৰি শেয়তীয়া লোক পিয়ল অনুসৰি সমষ্টিৰ সীমা নিৰ্ধাৰণ হব লাগে৷ইতিমধ্যে সমগ্ৰ ভাৰতবৰ্ষতে ২০২১ৰ লোক পিয়লৰ কাম চলি আছিল যদিওঁ লকডাউনৰ বাবে স্থগিত ৰখা হৈছে৷ তেনেক্ষেত্ৰত অসমত ২০০১ চনৰ লোক পিয়ল মতে সমষ্টিৰ সীমা নিৰ্ধাৰণৰ প্ৰক্ৰিয়াত প্ৰশ্ন উত্থাপন কৰিছে আবেদন খনত৷
 উচ্চতম ন্যায়লয়ৰ সাংবিধানিক বিচাৰপীঠত নাগৰিকত্ব ভিত্তি বৰ্ষ নিৰ্ধাৰণ সম্পৰ্কীয় গোচৰ বিচৰাধীন হৈ আছে৷ উত্তৰপূৰ্বাঞ্চলৰ জনতাৰ প্ৰতিবাদক আওঁকান কৰি কেন্দ্ৰীয় চৰকাৰে ধৰ্মৰ ভিত্তিত নাগৰিকত্ব সংশোধনী আইন গৃহিত কৰি অসমক বিদেশীৰ বোজা দিব বিচৰাত নাগৰিকত্ব সংশোধনী আইন বাতিলৰ বাবে  মহামান্য উচ্চতম ন্যায়লয়ত ইত্তেহাদ ফ্ৰন্ট, অসম ৰাজ্যিক সমিতিয়ে ৮৫/২০২০ লেখ আবেদন দাখিল কৰাৰ লগতে বিভিন্ন পক্ষই ১৫০ টাৰো অধিক আবেদন দাখিল কৰিছে৷উক্ত আবেদন সমূহৰ চুডান্ত ৰায়দান নোহোৱা তথা অসমৰ জটিল সমস্যা সমূহ সমাধান নোহোৱালৈকে  সমষ্টিৰ সীমা নিৰ্ধাৰণ প্ৰক্ৰিয়া স্থগিত ৰখাৰ বাবে  দেশৰ সৰ্বচ্চ ন্যায়ালয়ত Dairy  ১৪৫৭১/২০২০ নম্বৰৰ লেখ আবেদন দাখিল কৰে  ইত্তেহাদ ফ্ৰন্ট, অসম ৰাজ্যিক সমিতিৰ সভাপতি নুৰ ইছলামে৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা