সেনা-আৰক্ষীৰ জিম্মাত হত্যাৰ বলি হোৱা তিতাবৰ বৰহোলাৰ নিৰীহ অসমীয়া যুৱক জয়ন্ত বৰাৰ হত্যাৰ তদন্ত প্ৰতিবেদন ৰাজহুৱা কৰাৰ দাবীত পুনৰ উত্তাল বৰহোলাৰ ৰাজপথ

সেনা-আৰক্ষীৰ জিম্মাত হত্যাৰ বলি হোৱা তিতাবৰ বৰহোলাৰ নিৰীহ অসমীয়া যুৱক জয়ন্ত বৰাৰ হত্যাৰ তদন্ত প্ৰতিবেদন ৰাজহুৱা কৰাৰ দাবীত পুনৰ উত্তাল বৰহোলাৰ ৰাজপথ।
২৯ জুলাই, ২০২০-

সেনা-আৰক্ষীৰ জিম্মাত ৰহস্যজনক হত্যাৰ বলি হোৱা যোৰহাট বৰহোলাৰ যুৱক জয়ন্ত বৰাৰ মৃত্যুৱে আজি ৪৫ দিন অতিক্ৰম কৰিলে । এই ঘটনা সংঘটিত হোৱাৰ পিছতে ৰাইজৰ নেৰানেপেৰা প্ৰতিবাদত বাধ্য হৈ অসম চৰকাৰৰ দায়িত্বশীল মন্ত্ৰীয়ে ৭ দিনৰ সময়সীমা বিচাৰি দোষীক শাস্তি প্ৰদানৰ লিখিত প্ৰতিশ্ৰুতি প্ৰদান কৰে । পৰৱৰ্তী পৰ্যায়ত চৰকাৰৰ ঘৰৰ পৰা কেৱল মাত্ৰ ক্ষতিপূৰণ প্ৰদান কৰাৰ বিপৰীতে হত্যাকাণ্ডত জড়িত হত্যাকাৰীক গ্ৰেপ্তাৰো নকৰিলে । ইটোৰ পিছত সিটো প্ৰতিশ্ৰুতি দি আজি পৰ্যন্ত জয়ন্তৰ তদন্তৰ কোনো প্ৰতিবেদন ৰাজহুৱা হোৱা নাই । সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত গুপ্তহত্যাৰ পুনৰাবৃত্তি ঘটিছে । চৰকাৰৰ পৃষ্ঠপোষকতা অবিহনে হত্যাৰ অভিযুক্তই মুকলি আকাশৰ তলত থাকিব নোৱাৰে । জয়ন্ত বৰা হত্যাকাণ্ডৰ ন্যায় দাবী সমন্বয় সমিতি আজি পুনৰাই ৰাজপথলৈ ওলাই আহিছে । সমিতিৰ আহ্বায়ক তথা ছাত্ৰ মুক্তিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া, অন্যতম আহ্বায়ক নৰেন বৰা, অংশুমান শইকীয়া, অংকুৰ সোনোৱাল, সুপ্ৰতিম ৰাজখোৱাই নেতৃত্ব দিয়া প্ৰতিবাদী কাৰ্যসূচীত ব্যক্তব্য আগবঢ়াই বিশিষ্ট অধিবক্তা হেমেন বৰা, বিশিষ্ট লেখক দিব্যজ্যোতি শৰ্মা, যুৱ ছাত্ৰ পৰিষদৰ বৰহোলা অঞ্চলিকৰ সভাপতি মিলন গগৈ, সম্পাদক বিজু শইকীয়া, চুতীয়া ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক ৰাজবাঢ়ৈ বৰা, যোৰহাট জিলা সম্পাদক জীৱন চুতীয়া, ঠেঙাল কছাৰী ছাত্ৰ সন্থাৰ উপ-সভাপতি  প্ৰফুল্ল শইকীয়া, কৃষক মুক্তিৰ যোৰহাট জিলাৰ সম্পাদক প্ৰমোদ গগৈ, সহকাৰী সম্পাদক ৰাজীৱ চুতীয়া, নিতুল চাইকীয়ায়ে সোচ্চাৰ হৈ পৰে চৰকাৰ প্ৰশাসনৰ বিৰুদ্ধে। আজি সমন্বয় সমিতিয়ে কয় যে জয়ন্ত বৰা হত্যাকাণ্ডৰ তদন্ত কি পৰ্য্যায়ত আছে, কিয় ক্ষমতাত মত্ত আৰক্ষী সেনা বিষয়াক গ্ৰেপ্তাৰ কৰা নাই তাৰ উত্তৰ বিচাৰি ৰাইজে পুনৰাই আৰম্ভ কৰিছে ন্যায় দাবীৰ সংগ্ৰাম । চৰকাৰলৈ সকীয়নী যিদিনালৈকে দোষীৰ শাস্তি প্ৰদান কৰা নহব সেইদিনালৈকে চৰকাৰৰ অৱহেলা, বঞ্চনাৰ বিৰুদ্ধে নিৰবিচ্ছিন্নভাৱে এই সংগ্ৰাম আগুৱাই নিয়া হব ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা