জামুগুৰিহাটৰ "সমাজকৰ্মী হিতেশ্বৰ শইকীয়া ফাউণ্ডেচন"ৰ সহযোগত স্বাস্থ্য সজাগতা সভা আৰু মাস্ক বিতৰণ কাৰ্যসূচী সম্পন্ন

জামুগুৰিহাটৰ "সমাজকৰ্মী হিতেশ্বৰ শইকীয়া ফাউণ্ডেচন"ৰ সহযোগত স্বাস্থ্য সজাগতা সভা আৰু মাস্ক বিতৰণ কাৰ্যসূচী সম্পন্ন । 

জামুগুৰিহাটৰ গুৱাহাটী ফ'ৰামৰ প্ৰশংসনীয় পদক্ষেপ। অাজি জামুগুৰিহাটৰ মধুপুৰ গাৱত  জামুগুৰিহাট গুৱাহাটী ফ'ৰামৰ বিষয় ববিয়া সকলে মাস্ক বিতৰণ কৰে। সমগ্ৰ জামুগুৰিহাটৰ পুব পশ্চিম উত্তৰ দক্ষিন এই চাৰিও দিশত প্ৰায় ১লাখ ৫০ হাজাৰ মাস্ক বিতৰণ কৰি  ক'ৰণা মহামাৰিৰ পৰা ৰাইজক ৰক্ষা কৰাৰ প্ৰয়াস কৰিছে। অাজি মধুপুৰ গাৱৰ নামঘৰ পাঙ্গনত গাঁও খনৰ প্ৰায় তিনি শতাধিক ৰাইজৰ মাজত মাস্ক বিতৰণ কৰাৰ লগতে এখন স্বাস্থ্য সজাগতা সভাও অনুস্থিত কৰে।সমাজ কৰ্মী হিতেশ্বৰ শইকীয়া ফাউণ্ডেচন'ৰ সহযোগত জামুগুৰিহাট গুৱাহাটী ফ'ৰামৰ উদ্যোগত অাৰু সমাজ কৰ্মী নাৰায়ন শইকীয়াৰ সভাপতিত্বত অনুস্থিত হোৱা অাজিৰ সভা খনত অাদৰনী ভাষন প্ৰদান কৰে সাংবাদিক জোন বৰাই ।লগতে সাংবাদিক বেদব্ৰত বৰা চিকিৎসক হৰেন শইকীয়া গুৱাহাটী ফ'ৰামৰ সম্পাদক ড° কন্দৰ্প শইকীয়া  গুৱাহাটী ফ'ৰামৰ কাৰ্য্যালয় সম্পাদক ঈশ্বৰচন্দ্ৰ বৰা,আৰমান আলি গুৱাহাটী ফ'ৰামৰ সদস্য, প্ৰেম প্ৰদীপ শইকীয়া ঘীলাধৰিয়া গাওঁবুঢ়া অাদিয়ে মহামাৰী কৰুণা ভাইৰাছৰ সন্দৰ্ভত বিশেষ সজাগতাৰ ওপৰত আলোকপাত কৰে । সকলোৱে সামাজিক দুৰত্ব মানি চলাৰ উপৰিও মাস্ক পৰিধান কৰি সাৱধানতাৰে অাজিৰ সভাখন পৰিচালনা কৰাৰ লগতে সাংবাদিক লেখক অসমীয়া সাহিত্য সন্মিলনীৰ প্ৰধান সম্পাদক মিংকু কলিতাই সভা খনৰ উপস্থিত ৰাইজৰ লগতে সকলোকে সলাগ লৈ এটি সুৱলা ভাসন অাগবঢ়াই সভাৰ  সামৰনী মৰাৰ লগতে সমগ্ৰ জামুগুৰিহাটৰ বিভিন্ন প্ৰান্তত প্ৰায় ডেৰ লাখ মাস্ক বিতৰণ কৰাৰ যি ব্যতিক্ৰমী প্ৰয়াস এয়া অাগলৈয়ো চলি থাকিব বুলি ৰাইজক জানিবলৈ দিয়ে।
জামুগুৰিহাটৰ পৰা জোন বৰাৰ প্ৰতিবেদন: ৩১ জুলাই

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা