দুখৱৰ : পৱিত্ৰ শাওন মাহৰ আৰম্ভনিতে বন্ধ হ'ল শিৱদৌল

ফাৰ্ষ্ট নিউজ ৰিপৰ্ট শিৱসাগৰ , ২২ জুলাই ; দেশজুৰি ত্ৰাসৰ সৃষ্টি কৰা ক'ভিড-১৯ সংক্ৰমণৰ বাবে শিৱসাগৰত প্ৰথম বাৰলৈ বন্ধ হ'ল কোনো ধৰ্মীয় উপাসনা স্থল । 

আজি শিৱসাগৰৰ জিলা প্ৰশাসনে ঐতিহাসিক শিৱদৌল চৌহদক কন্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰাৰ লগে লগে ভক্তৰ বাবে সম্পূৰ্ণ ৰূপে বন্ধ হৈ পৰিল শিৱদৌলৰ লগতে দেৱী দৌল আৰু বিষ্ণু দৌল ।

প্ৰয়াত বিজেপি নেতা অশ্বিনী চেতিয়াৰ অন্ত্যেষ্টিক্ৰিয়া অনুষ্ঠানৰ পৰা সৃষ্টি হোৱা গণসংক্ৰমণৰ আশংকাই চুই গৈছিল ঐতিহাসিক শিৱদৌল চৌহদ । দৌল উন্নয়ন সমিতিৰ সৈতে জড়িত অশ্বিনী চেতিয়াৰ নশ্বৰ দেহত শেষ শ্ৰদ্ধাঞ্জলি জনোৱা হৈছিল দৌল চৌহদত ।

এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থকা দৌল উন্নয়ন সমিতিৰ সকলো সদস্যৰ স্বাৱ টেষ্ট কৰোৱাত দৌল চৌহদত কৰ্মৰত সঞ্জীৱ দাস নামৰ লোকজনৰ কালি পৰীক্ষাৰ ফলাফলত ক'ভিড-১৯ পজিটিভ পোৱাত সমগ্ৰ দৌল চৌহদৰ লগতে সঞ্জীৱ দাসৰ বাসগৃহ থকা যমুনা ৰ'ডৰ নিউ কলনি অঞ্চলটো কন্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰে জিলা প্ৰশাসনে ।
উল্লেখ্য যে, ক'ভিড-১৯ সংক্ৰমণ প্ৰতিৰোধৰ স্বাৰ্থত এইবাৰ পবিত্ৰ শাওন মাহৰ বৌল-বৌম অনুষ্ঠান বাতিল কৰিছিল দৌল উন্নয়ন সমিতিয়ে । এই পবিত্ৰ শাওন মাহতে শিৱদৌলৰ লগতে দেৱী দৌল আৰু বিষ্ণু দৌল কন্টেইনমেণ্ট জ'নত পৰিণত হোৱাত ভক্ত সকলৰ মাজত নিশ্চিত ভাবে সৃষ্টি হৈছে হতাশা ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা