মুষলধাৰ বৰষুণৰ মাজতে আশ্ৰয় শিবিৰত উপস্থিত হৈ বানাক্ৰান্তৰ খবৰ ললে মুখ্যমন্ত্ৰীয়ে
বৰপেটা, ২০ জুলাইঃ ধাৰাষাৰ বৰষুণ ৷ বৰষুণৰ মাজতে বানাক্ৰান্তৰ খবৰ লবলৈ বৰপেটাত উপস্থিত হ'ল ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল ৷ নিৰাপত্তাৰক্ষীৰ ছাতিৰ তলত মুখ্যমন্ত্ৰীৰ খোজ বানাক্ৰান্তই আশ্ৰয় লোৱা শিবিৰলৈ ৷ দক্ষিণ বৰপেটাৰ বিদ্যামন্দিৰ হাইস্কুলত স্থাপন কৰা আশ্ৰয় শিবিৰৰ বানাক্ৰান্তৰ খবৰ ললে মুখ্যমন্ত্ৰীয়ে ৷ জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত, বিজেপিৰ ৰাজ্যিক সভাপতি ৰনজিৎ কুমাৰ দাস, বিধায়ক গুনীন্দ্ৰ নাথ দাস, অশোক কুমাৰ শৰ্মাকে ধৰি বিজেপিৰ কেবাগৰাকীও নেতাৰ সৈতে এনেদৰে বৰষুণৰ মাজতেই শিবিৰত থকা লোকসকলৰ দূখ দূৰ্দশাৰ খবৰ ললে মুখ্যমন্ত্ৰীয়ে ৷ আশ্ৰয় শিবিৰত থকা বানাক্ৰান্তৰ দূৰ্দশাৰ বুজ লোৱা মুখ্যমন্ত্ৰী গৰাকীয়ে ৰাজ্যৰ জনসাধাৰনে কোৰোণা, বান, ধুমুহা, খহনীয়া, ছ'ৱাইন ফ্লু', বাঘজানৰ অগ্নিকাণ্ডকে ধৰি বহু কেইটা দূৰ্যোগৰ সন্মুখীন হবলগীয়া হোৱা বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে ৷ আনহাতে ৰাজ্যৰ বান, খহনীয়া আৰু ভূমিস্খলন সমস্যাৰ সমাধানৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নিতি আয়োগৰ উপাধ্যক্ষক লৈ উত্তৰ পূবৰ ৰাজ্য সমুহৰ প্ৰতিনিধিক লৈ বিশেষজ্ঞ সমিতি গঠন কৰি বান সমস্যাৰ স্থায়ী সমাধানৰ বাবে গ্ৰহন কৰা ব্যৱস্থাৰ কথা উল্লেখ কৰে ৷ অসমৰ বান সমস্যাৰ সমাধানৰ বাবে পাহাৰীয়া চুবুৰীয়া ৰাজ্য আৰু ভূটানৰ সহযোগত যৌথভাৱে আগবাঢ়িব লাগিব বুলিও প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷
আনহাতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে আজি বৰপেটা আৰু সৰভোগ থানাৰ নৱনিৰ্মিত ভৱন দুটা উদ্বোধন কৰে ৷ বৰপেটা সদৰ থানাৰ নৱনিৰ্মিত গৃহ উদ্ধোধনী অনুষ্ঠানত ৰাজ্যৰ আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তও উপস্থিত থাকে ৷ ইপিনে বৰপেটা সদৰ থানাৰ নৱনিৰ্মিত গৃহ উন্মোচনী অনুষ্ঠানত বানত মৃত্যু হোৱা ১৬ গৰাকী লোকৰ পৰিয়ালৰ হাতত চাৰিলাখকৈ টকাৰ আৰ্থিকসাহায্যৰ চেক প্ৰদান কৰে ৷
বৰপেটাৰ পৰা কঞ্জল দাসৰ ৰিপোৰ্ট ফাৰ্ষ্ট নিউজ
Comments
Post a Comment