চিৰাঙত হস্তনিৰ্মিত বন্দুক সহ আটক চোৰাং চিকাৰী

বঙাইগাঁওঃ ২৩ জুলাইঃ চিৰাং জিলাৰ ভাৰত- ভূটান সীমান্তৱৰ্তী মানাস ৰাষ্ট্ৰীয় উদ্যানত আজি এছ এছ বিৰ দ্বাৰা চলোৱা অভিযানত এজন চোৰাং চিকাৰী আটক হয় ৷ এছ এছ বিৰ ১৫ নম্বৰ বেটেলিয়নৰ ই কোম্পানীয়ে চলোৱা এই অভিযানত আটক কৰা চোৰাং চিকাৰীটো বিলিপং বসুমতাৰী( ২২ ) ৷ অভিযানকাৰী দলটোৱে চিকাৰীটোৰ পৰা এটা হস্তনিৰ্মিত বন্দুক, পাঁচটা গুলী আৰু ৫০ গ্ৰাম বাৰুদো উদ্ধাৰ কৰে । চিকাৰীটো বল্লামগুৰী উপ আৰক্ষী চকীৰ অধীনৰ দংশিয়াপাৰাৰ ৮ নং গৌজামপুৰীৰ বুলি জানিব পৰা গৈছে ৷ চিকাৰীটোক সম্প্ৰতি আৰক্ষীক চমজাই দিয়া হৈছে ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা