গুৱাহাটীৰ দৰে নলবাৰীতো ৰাষ্টাৰ এফালে দোকান খোলাৰ নিৰ্দেশনা
*ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ২২ জুলাই*
কোভিড-১৯ মহামাৰীৰ ক্ৰমশঃ বৰ্ধিত সংক্ৰমণৰ হাৰে দেশ তথা ৰাজ্যৰ লগতে নলবাৰী জিলাতো ৰাইজৰ মাজত আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে । গতিকে কোৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে নলবাৰী জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে জিলাখনৰ নলবাৰী পৌৰসভা আৰু টিহু টাউন কমিটী এলেকাত দোকানসমূহ খোলা ৰখাৰ বাবে কিছুমান নিৰ্দেশনা জাৰি কৰিছে আৰু এই পৌৰসভা আৰু টাউন কমিটীৰ কাৰ্যবাহী বিষয়াই এই নিয়মসমূহ কাৰ্যকৰী কৰিব। সেই অনুসৰি ২৩ জুলাইৰ পৰা নলবাৰী পৌৰসভাৰ অধীনৰ সকলো দোকান বিকল্প দিনত প্ৰতিদিনে ৰাস্তাৰ এফালে খোলা থাকিব । অৰ্থাৎ প্ৰথম দিনা সোঁফালে থকা দোকান খোলা থাকিব আৰু বাওঁফালে বন্ধ থাকিব আৰু দ্বিতীয় দিনা বাওঁফালৰ দোকান খোলা থাকিব আৰু সোঁফালৰ দোকান বন্ধ থাকিব । সেইমৰ্মে এল এন বি ৰোডৰ জৈন মন্দিৰৰ পৰা আৰম্ভ কৰি কলেজ ৰোডলৈ, বৰুৱা ৰোডৰ পি এন চি ৰোডৰ পৰা নাগেৰা চ'কলৈ, ভকতপাৰা ৰোডৰ নাগেৰা চ'কৰ পৰা দেৱীৰাম পাঠশালা হাইস্কুললৈ, হাজো ৰোডৰ থানা চ'কৰ পৰা চ'ক বজাৰলৈ, এন টি ৰোডৰ খাতাবাৰী মছজিদৰ পৰা থানা চ'কলৈ, বৰমা ৰোডৰ মছজিদ চ'কৰ পৰা বৰকুৰা চ'কলৈ, আৱৰ্ত ভৱন ৰোডৰ বৰমা ৰোডৰ পৰা পল্লা ৰোডলৈ, পল্লা ৰোডৰ থানা চ'কৰ পৰা প্ৰেমদা হোটেললৈ, হাটখোলা বজাৰ ৰোডৰ এল এন বি ৰোডৰ পৰা পি এন চি ৰোডলৈ, বিকল্প পথ তপন ডেকা নাৰ্ছিংহোম ৰোডৰ হৈ পল্লা ৰোডৰ পৰা হাজো ৰোডলৈ, ভাৰতীয় চিনেমা হল ৰোডৰ চিনেমা হলৰ পৰা দেৱীৰাম হাইস্কুললৈ, মাধৱ মন্দিৰ পথৰ ফ'ৰেষ্ট অফিচৰ পৰা আৰম্ভ কৰি নলবাৰী কলেজ ল'ৰা হোষ্টেললৈ, ষ্টেশ্যন ৰোডৰ ৰেলৱে ষ্টেশ্যনৰ পৰা জৈন মন্দিৰলৈ, সত্ৰ এম ভি স্কুলৰ পৰা প্ৰেমদা হোটেললৈ, জেইল ৰোডৰ ধমধমা ৰোডৰ পৰা ৰেলৱে ষ্টেশ্যনলৈ, বীৰেন গেৰেজৰ পৰা নলবাৰী কলেজলৈ আৰু কল্পনা ষ্টুডিওৰ পৰা কলেজ ৰোডলৈ । সোমবাৰৰ পৰা শুকুৰবাৰলৈ পুৱা ৭-০০ বজাৰ সন্ধিয়া ৭-০০ বজালৈ এই নিয়ম অনুসৰি দোকানসমূহ খোলা থাকিব ৷ ফাৰ্মাচী, চিকিৎসা সামগ্ৰী আৰু ঔষধৰ পাইকাৰী দোকানসমূহ ৰাস্তাৰ সোঁ-বাওঁ দুয়োফালেই খোলা থাকিব । ফাৰ্মাচীবিলাক সপ্তাহৰ সকলো দিনেই খোলা থাকিব ।
*প্ৰেৰকঃ ৰূপক বৈশ্য, নলবাৰী*
Comments
Post a Comment