নলবাৰীৰ বিশিষ্ট সমাজসেৱক তাৰিনী কলিতাৰ মৃত্যুত শোকৰ ছাঁ

*ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ২৪ জুলাই*

কালি নিশা ২ বজাত নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত দলুৱা গাঁৱৰ বিশিষ্ট সমাজসেৱক তাৰিনী কলিতাই ইহলীলা সম্বৰণ কৰে । দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা কলিতাৰ মৃত্যুৰ সময়ত বয়স আছিল ৬৮ বছৰ । ২০১৮ চনৰ ডিচেম্বৰ মাহত এফ চি আইৰ কৰ্মচাৰী হিচাপে অৱসৰ গ্ৰহণ কৰা কলিতাৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে লক্ ডাউনকো নেওঁচি অসংখ্য গুণমুগ্ধই তেখেতৰ ঘৰত উপস্থিত হৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । স্থানীয় বিষ্ণুজ্যোতি এম ই স্কুল আৰু হাইস্কুল নিৰ্মাণৰ ক্ষেত্ৰত বিশেষভাৱে সহায় আগবঢ়োৱা কলিতা বিদ্যালয় পৰিচালনা সমিটিৰ লগতো ওতঃপ্ৰোতঃভাৱে জড়িত থকাৰ উপৰিও ১৫০ নং দলুৱা প্ৰাথমিক বিদ্যালয়ৰ শতবাৰ্ষিকী সমিতিৰ উপ সভাপতিও আছিল । দলুৱা গাঁও উন্নয়ন সমিতি, দলুৱা শ্ৰীশ্ৰী হৰিমন্দিৰ সমতিৰ তেখেত অন্যতম সদস্য কলিতা পূব নলবাৰী ক'চিং চেণ্টাৰৰ উপদেষ্টাকে আদি কৰি বিভিন্ন অনুষ্ঠানৰ লগত জড়িত হৈ কায়িক, মানসিক আৰু অৰ্থিকভাৱেও সহায়ৰ হাত আগবঢ়াইছিল বুলিও সুত্ৰত প্ৰকাশ । মৃত্যুৰ লগে লগে পূব নলবাৰী বৃহত্তৰ অঞ্চলটোত শোকৰ ছাঁ পৰে । মৃত্যুৰ সময়ত কলিতাই দুগৰাকীকৈ জী-জোৱাই, নাতি-নাতিনীৰ লগতে অসংখ্য গুণমুগ্ধক এৰি থৈ যায় । কলিতাৰ মৃত্যুত স্থানীয় বিধায়ক অশোক শৰ্মা, ভাৰতীয় জনতা পাৰ্টীৰ বড়িগোগ বনভাগ মণ্ডল সমিতিৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱা, পূব নলবাৰী ক'চিং চেণ্টাৰৰ সভাপতি দীপক কুমাৰ দাস, দলুৱা গাঁও উন্নয়ন সমিতিৰ সভাপতি, সম্পাদক প্ৰমুখ্যে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰি শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে ।

*প্ৰেৰকঃ ৰূপক বৈশ্য, নলবাৰী*

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা