শিৱসাগৰৰ যুৱ ব্যৱসায়ী নয়ন জ্যোতিৰ শইকীয়া মহনুভৱতাক ভূয়সী প্ৰশংসা শিৱসাগৰ বাসীৰ

ফাৰ্ষ্ট নিউজ ৰিপৰ্ট শিৱসাগৰ , ২৬ জুলাই : সমগ্ৰ দেশৰ লগতে ৰাজ্যত সম্প্ৰতি  কৰ'ণা মহামাৰীৰ লগতে বানপানীয়ে সৰ্বসাধাৰণ ৰাইজ সৰ্বশ্ৰান্ত হোৱাৰ সময়তে শিৱসাগৰ পিয়লি নগৰৰ এগৰাকী উদ্যমী যুৱ ব্যৱসায়ীয়ে নিজৰ গাঁঠিৰ ধন ব্যয় কৰি প্ৰায় সাত শতাধিক পৰিয়ালক খাদ্য সামগ্ৰী ৰ লগতে বস্ত্ৰ , মাস্ক আৰু চেনিটাইজাৰ বিতৰণ কৰি নিজৰ মহানুভৱতাৰ পৰিচয় দাঙি ধৰিছে । শিৱসাগৰ পিয়লি নগৰৰ নয়ন জ্যোতি শইকীয়া নামৰ যুৱক জনে লক ডাউনৰ আৰম্ভণিৰে পৰা শিৱসাগৰৰ হাঁহচৰা কৰৈবস্তি , দিচাংমুখ , কোঁৱৰপূৰ , মেটেকা , জয়ৰাপাৰ , বেতবাৰী চাংমাই গাওঁ, খাটপথাৰ  আদি বহু অঞ্চলত বিভিন্ন বস্তৰ লগতে খাদ্য সামগ্ৰী প্ৰদান কৰি আৰ্তজনক কিছু পৰিমাণে হলেও সকাহ প্ৰদান কৰিছে । নয়ন জ্যোতি শইকীয়াৰ এনে মানৱ দৰদী কাৰ্য তথা মহানতাক জিলাখনৰ বিভিন্ন  স্তৰৰ জন লোকে ভূয়সী প্ৰসংশা কৰিছে | তেওৰ এই একক প্ৰচেষ্টতে বহুজন লোক উপকৃত হৈছে বুলি আৰ্ত সকলে জানিবলৈ দিয়ে |

শিৱসাগৰৰ পৰা অপূৰ্ব্ব ভূঞা ফাৰ্ষ্ট নিউজ ৰিপৰ্ট

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা