ৰঙিয়া টাউনত ভয়াবহ ভাৱে সংক্ৰমণ বৃদ্ধি

ৰঙিয়া টাউনত ভয়াবহ ভাৱে সংক্ৰমণ বৃদ্ধি

তিনিদিনত ৫০ গৰাকীৰ কোভিট পজিটিভ 

প্ৰতিবেদক, ৰঙিয়া, ২৬ জুলাইঃ অসম চৰকাৰৰ নিৰ্দেশ মৰ্মে সমগ্ৰ ৰাজ্যৰ লগতে কামৰূপ জিলাৰ ৰঙিয়াতো আৰম্ভ হৈছে ৰেপিড এন্টিজেন টেস্ট । ৰঙিয়াত ৰেপিড এন্টিজেন টেস্ট আৰম্ভ হোৱাৰ লগে লগে ভয়াবহ ভাবে বৃদ্ধি পাই আহিছে কোভিট আক্ৰান্তৰ সংখ্যা। পৰহি ৮০ গৰাকীৰ নমুনা পৰীক্ষাৰ অন্তত ১৮ গৰাকী লোকৰ দেহত সংক্ৰমণ ধৰা পৰাৰ পিছত কালি আকৌ ৮০ গৰাকী লোকৰ নমুনা পৰীক্ষা কৰাত ১৬ জনৰ দেহত কৰনাৰ উপস্থিতি ধৰা পৰাত আজি পুনৰ ১৬ জনৰ দেহত কৰনাৰ উপস্থিতি ধৰা পৰে। ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অস্থায়ী নমুনা পৰীক্ষা কেন্দ্ৰত আজি ৮৭ জনৰ নমুনা পৰীক্ষা কৰাত পুনৰ ১৬ জনৰ দেহত কৰনাৰ উপস্থিতি ধৰা পৰে। আজি সংক্ৰমণ ধৰা পৰা শিশু মহিলা সহ লোক সকল হ'ল ৰঙিয়া ৫ নং ৱাৰ্ডৰ ৰমেশ বনিয়া (৬৭),গৌতম বনিয়া (৩৪),তনু কৰ্মকাৰ (১৭), চনু বনিয়া (৩৫),  বিক্ৰম কুমাৰ শ্বাহ(২৭),গোপাল বৈশ্য (৩৯),প্ৰকাশ শ্বাহ (৩৫),অনিমা বনিয়া (৭০),ৰুমী বনিয়া (৩০),অৱন্তিকা গুপ্তা(৮), দেবাশীষ ঘোষ (৫),শিখা বনিয়া(২০)৬ নং ৱাৰ্ডৰ ভাস্কৰ দাস (১৩),অভয় পাল(২০), প্ৰণৱজ্যোতি মিত্ৰ(২১) আৰু ৭ নং ৱাৰ্ডৰ জোৎস্না বৈশ্য (৩৭)।তেওঁলোকক লগে লগে চাংসাৰিৰ হেভেল কোভিট কেয়াৰ চেন্টাৰ আৰু উত্তৰ গুৱাহাটীৰ আই আই টি কোভিড কেয়াৰ চেন্টাৰলৈ চিকিৎসাৰ বাবে স্থানান্তৰ কৰা হয়।
প্ৰেৰক, পহৰেদ আলী আহমেদ, ৰঙিয়া ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা