নলবাৰীত পণ্ডিত প্ৰৱৰ ভৱদেৱ ভাগৱতীৰ স্মৃতিদিৱস পালন
পণ্ডিত প্ৰৱৰ ভৱদেৱ ভাগৱতী দেৱৰ ৩৩ সংখ্যক স্মৃতি দিৱস ৰবিবাৰে নলবাৰীৰ উত্তৰ ধৰ্মপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পালন কৰা হয় । পণ্ডিতগৰাকীৰ প্ৰতিমূৰ্তি বেদীত বন্তি প্ৰজ্বলন কৰে সমাজকৰ্মী দিলীপ বৰ্মনে । পুষ্পাঞ্জলি প্ৰদান কৰে বিদ্যালয়খনৰ অধ্যক্ষ হেমন্ত কুমাৰ ভাগৱতী, অভিভাৱক লংকেশ্বৰ বৰ্মন আৰু বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ উপ-সভাপতি অঞ্জন কুমাৰ ভাগৱতীয়ে । বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু একাংশ ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত অনুষ্ঠিত স্মৃতিচাৰণ অনুষ্ঠানত বিদ্যালয়খনৰ বিষয় শিক্ষক নৃপেন্দ্ৰ বৰ্মনে পণ্ডিত গৰাকীৰ বহুমুখী ব্যক্তিত্ব, সংস্কৃত সাহিত্য সৃষ্টি তথা পাণ্ডিত্য, জ্যোতিষ শাস্ত্ৰৰ ব্যুৎপত্তি আদিৰ বিষয়ে আলোকপাত কৰে ।
*প্ৰেৰকঃ ৰূপক বৈশ্য, নলবাৰী*
Comments
Post a Comment