ৰঙিয়াত এদিনতে ১৮ গৰাকীৰ দেহত ক'ভিড পজিটিভ

ভয়ংকৰ গণসংক্ৰমণৰ দিশে আগবাঢ়িছে ৰঙিয়া 

প্ৰতিবেদক, ৰঙিয়া, ২৪ জুলাইঃ 
বৰ্তমান বিশ্বজুৰি কৰ'ণা ভাইৰাছে এক মহামাৰীৰ ৰূপ ধাৰণ কৰিছে। ইতিমধ্যে আমাৰ দেশৰ লগতে ৰাজ্যখনোতো এই ৰোগে বিভিন্ন ধৰণে সংক্ৰমিত হৈছে । এনেক্ষেত্ৰত কভিড - ১৯ৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰকে ধৰি ৰাজ্য চৰকাৰ সমূহেও যৎপৰোনাস্তি চেষ্টা চলাই আহিছে। আমাৰ ৰাজ্যখনতো ক্ৰমাৎ ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সময়তে আজি একেদিনাই ৰঙিয়া মহকুমাত ১৮ গৰাকীৰ কভিড পজিটিভ ধৰা পৰিছে । তেওঁলোক ৰঙিয়া টাউন ৫ নং ৱাৰ্ড শান্তিপুৰৰ নৱ কুমাৰ বনিয়া(৩৬), মৰমী বনিয়া (২৮), খগেন বনিয়া(৬০),বিকাশ বনিয়া (৩৬), গোলাপী বনিয়া(৭০),ৰাজু কৰ্মকাৰ (৪৫), সবিতা কৰ্মকাৰ (৩৮),ৰনিত কৰ্মকাৰ (১২), সুমন বনিয়া (১৫),সীমান্ত বনিয়া (৭), দিপালী দেৱনাথ(৪২),পপীয়া দেৱনাথ (২০), ৰঙিয়া ৫ নং ৱাৰ্ডৰ লক্ষ্মী গুপ্তা (৩৪), প্ৰমিলা শৰ্মা (৬০),৬ নং ৱাৰ্ডৰ জিন্টু দাস (২৬),জয়ন্তী দাস (৩০),মুৰাৰাৰ ৰাজেশ কুমাৰ (২৪) আৰু টাউনৰ ২ নং ৱাৰ্ডৰ সত্যজিৎ বৰুৱাৰ (৩০) দেহত কোভিট-১৯ সংক্ৰমণ ধৰা পৰিছে বুলি স্বাস্থ্য বিভাগে জানিবলৈ দিয়ে ।উল্লেখ্য যে ৰঙিয়া অসামৰিক চিকিৎসালয়ৰ উপ অধীক্ষক ডাঃ দিলীপ কুমাৰ বৈশ্যও আজি ৰেপিড এন্টিজেন টেস্ট কৰে যদিও ফলাফল ঋণাত্মক হোৱা দেখা গৈছে। আজিৰ কোভিট পজিটিভ সকলক চিকিৎসাৰ বাবে চাংসাৰিৰ হেভেল কোভিট কেয়াৰ চেন্টাৰ চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছে ।এই মহামাৰীত আক্ৰান্ত হোৱা বুলি চিনাক্ত হোৱাৰ পিছতেই অঞ্চল সমূহৰ সৰ্বসাধাৰণ ৰাইজৰ মাজতো আতংকময় পৰিস্থিতি বিৰাজ কৰা পৰিলক্ষিত হৈছে । আনহাতে আটাইকেইগৰাকীৰ বাসস্থান এলেকাটো তাৎক্ষণিক কন্টেইনমেন্ট জ'ন ঘোষণা কৰা হৈছে ।লগতে পৰিয়াল সমূহৰ বাকী কেইজনৰো  পৰীক্ষাৰ ব্যৱস্থা কৰা হয় বুলি জানিব পৰা গৈছে। ক’ভিড -১৯ সংক্ৰমণ ৰোধ কৰাৰ ক্ষেত্ৰত চৰকাৰী প্ৰচেষ্টাসমূহৰ উপৰিও  নিজা কিছুমান সজাগতা এই ক্ষেত্ৰত যথেষ্ট উপকাৰী। সামাজিক দূৰত্ব বজাই ৰখা, সঘনাই চাবোন আৰু পানীৰে হাত ধুই থকা, এলকহলযুক্ত ছেনিটাইজাৰ ব্যৱহাৰ কৰা, জৰুৰী কাম নাথাকিলে ঘৰৰ বাহিৰত ওলোৱাই নাহা ইত্যাদি।এই সমূহেও সংক্ৰমণ ৰোধ কৰাৰ ক্ষেত্ৰত যথেষ্ট  অৰিহণা যোগাব পাৰে।
প্ৰেৰক, পহৰেদ আলী আহমেদ, ৰঙিয়া ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা