চাংসাৰি কভিড টেষ্ট চেন্টাৰত চাৰি দিনত ওলাল ৩৪ জনৰ দেহত কভিড১৯ পজিটিভ।

চাংসাৰি কভিড টেষ্ট চেন্টাৰত চাৰি দিনত ওলাল ৩৪ জনৰ দেহত কভিড১৯ পজিটিভ।

পঙ্কজ নাথ, চাংসাৰি , ২৮ জুলাই :

কামৰূপ জিলাৰ অন্তৰ্গত চাংসাৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত জিলা প্ৰশাসনৰ লগতে স্বাস্থ্য বিভাগে আয়োজন  কৰা কভিড টেষ্ট চেন্টাৰত কালি বিয়লিলৈ ৩৪ জনৰ কভিড১৯ পজিটিভ ধৰা পৰিছে । মনকৰিবলগীয়া কথা যে  যোৱা ২৪ জুলাইৰ পৰা চাৰি দিনীয়াকৈ আয়োজন কৰা চাংসাৰি কভিড টেষ্ট চেন্টাৰত প্ৰায় ৪০০জনে নিজৰ স্বোৱাব পৰীক্ষা কৰিছিল । উল্লেখ যোগ্য যে কামৰূপ জিলাৰ উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ অন্তৰ্গত বৃহত্তৰ চাংসাৰি, ধোপাতাৰি, জলাহ, চৌকি, বনমাঝা, আঠিয়াবৈ আদি এলেকাত দৈনিক বৃদ্ধি পায় আছে কভিদ আক্ৰান্ত ৰোগীৰ সংখ্যা । প্ৰাপ্ত তথ্য অনুসৰি এতিয়ালৈকে সমগ্ৰ অঞ্চলটোত প্ৰায় দুই শতাধিক লোক কভিড পজিটিভ হিচাপে আক্ৰান্ত হৈছে । এনেদৰে ধাৰাবাহিক ভাৱে কভিদ আক্ৰান্ত লোকৰ সংখ্যা বাঢ়ি থকাত স্থানীয় ৰাইজৰ উপৰি জিলা প্ৰশাসন চিন্তিত হয় ।কৰণা ভাইৰাচৰ হটস্পট হিচাপে পৰিগণিত হোৱা চাংসাৰিত বহিৰাগত লোকৰ সংস্পৰ্শৰ ফলত ক্ৰমান্বয়ে সংক্ৰমন বৃদ্ধি পাই আছে । উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ অন্তৰ্গত উক্ত এলেকাত থকা  ব্যক্তিগত কোম্পানী সমূহত অসংখ্য বহিৰাগত লোক কৰ্মৰত অৱস্থাত আছে । তদুপৰি ট্ৰাকৰ চালক, হেণ্ডিমেনৰ লগতে হোটেল আৰু ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা ধাবা সমূহৰ পৰা কৰণা ভাইৰাছৰ সংক্ৰমক অধিক হোৱা বুলি নিশ্চিত হৈছে স্বাস্থ্য বিভাগ । এনেবোৰ কথা আগত ৰাখি কামৰূপ জিলা প্ৰশাসনৰ অনুমতি সাপেক্ষে উত্তৰ গুৱাহাটী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ জৰিয়তে চাংসাৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এটা চাৰিদিনীয়া কভিদ টেষ্ট চেন্টাৰ মুকলি কৰা হৈছিল । স্বাস্থ্য বিভাগৰ তৰফৰ পৰা পোৱা খবৰ অনুসৰি চাৰি দিনত ৩৪জনৰ দেহত কভিড১৯ পজিটিভ ধৰা পৰিছে । স্থানীয় লোকে জনোৱা অনুসৰি চাংসাৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত কৰা কভিদ টেষ্ট চেন্টাৰৰ সময় বৃদ্ধি কৰিব লাগে । এতিয়াও চাংসাৰিৰ বিভিন্ন প্ৰতিষ্ঠানত কাম কৰা বহিৰাগত লোকে জিলা প্ৰশাসনে আয়োজনকৰা কভিড টেষ্ট চেন্টাৰত স্বোৱাব পৰীক্ষা কৰা নাই ।এই ক্ষেত্ৰত প্ৰশাসনৰ ফালৰ পৰা উচিত পদক্ষেপ গ্ৰহণ কৰি এই সকল লোকৰ পৰীক্ষা কৰাৰ ব্যৱস্থা হাতত লব লাগে বুলি স্হানীয় একাংশ সচেতন লোকে জিলা প্ৰশাসনক আহ্বান জনাইছে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা