বন্ধন বেংকৰ বিৰুদ্ধে জাজৰিত শ্ৰমিক সন্থা অাৰু প্ৰগতিশীল নাৰী সন্থাৰ উত্তাল প্ৰতিবাদ

বন্ধন বেংকৰ বিৰুদ্ধে জাজৰিত শ্ৰমিক সন্থা অাৰু প্ৰগতিশীল নাৰী সন্থাৰ উত্তাল প্ৰতিবাদ


    জাজৰিৰ প্ৰতিবেদক,২৭ জুলাই: ৰাজ্যৰ সকলো ঠাইৰ মানুহে বন্ধন গোটৰ লগত জড়িত হৈ অাহিছে। বন্ধন গোটৰ লগত সৰ্বসাধাৰণ ৰাইজ জড়িত হৈ বিভিন্ন টকা পইচাৰ লেনদেনৰ মেৰপাকত অাবদ্ধ হোৱা পৰিলক্ষিত হৈছে। ক'ভিড ১৯ ৰ ভয়বহতাৰ পৰিপেক্ষিতত ৰাজ্যত বলবৎ হোৱা লকডাউনে সৰ্বসাধাৰন ৰাইজক বাৰুকৈয়ে প্ৰভাৱিত কৰা পৰিলক্ষিত হৈছে। কিয়নো  যি সকল লোকে দৈনন্দিন কাম কাজ , বেপাৰ বাণিজ্য কৰি পৰিয়াল পোহপাল দিয়া সকলৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থা হৈছে। যাৰ ফলত বন্ধত গোটৰ লগত জড়িত লোক সকলে সপ্তাহিকে হওক বা মাহিলী পদ্ধতিতে হওক ধন জমা দিবলৈ অপাৰগ হোৱা স্বত্বেও কিছু লোকক বন্ধন বেংকৰ কৰ্মচাৰীয়ে জোৰ কৰি পইচা বিচৰাক কেন্দ্ৰ কৰিয়ে অাজি প্ৰতিকূল বতৰকো নেওচি জাজৰিস্থিত বন্ধন বেংকৰ সন্মুখৰ ৰাজ পথলৈ প্ৰতিবাদ কৰিবলৈ উলাই অাহিল সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ লগতে সদৌ অসম  প্ৰগতিশীল নাৰীসন্থাৰ বিষয়ববীয়া সকল। প্ৰতিবাদকাৰীসকলে বিভিন্ন শ্ল'গানেৰে ৰাজপথ উত্তাল কৰি তুলে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা