সদৌ অসম কবি সন্মিলনৰ বিভিন্ন অনলাইন ডিজিটেল কাৰ্যসূচী ঘোষণা

কাজিৰঙাৰ পৰা পলিমা চেতিয়া বসুমতাৰী,৩১ জুলাই :  পাদ-প্ৰদীপৰ অন্ধকাৰত লুকাই থকা প্ৰতিভাসম্পন্ন তৰুণ কবিসকলক একেখন মঞ্চতে একত্ৰিত কৰি এক সুস্থ কাব্যিক পৰিমণ্ডল সৃষ্টি কৰাৰ মানসেৰে ১৯৮৭ চনৰ ৬ ছেপ্টেম্বৰত উদ্যোগ নগৰী নামৰূপত "পথাৰ কবি" ৰাম গগৈ আৰু যোৰহটীয়া কবি আনন্দ চন্দ্ৰ দত্তৰ নেতৃত্বত জন্মলাভ কৰা সদৌ অসম কবি সন্মিলনে  প্ৰতিষ্ঠা কালৰে পৰা অসমৰ কাব্য জগতখনলৈ অভূতপূৰ্ব অৱদান আগবঢ়াই অহাৰ সমান্তৰালভাৱে এই বৃহৎ  জাতীয় অনুষ্ঠানটিয়ে  ভিন-ভিন সময়ত ভিন-ভিন কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে ৷  সাম্প্ৰতিক সময়ত সমগ্ৰ বিশ্বৰ লগতে অসমতো মহামাৰীৰ পৰিপ্ৰেক্ষিতত সৃষ্টি হোৱা অচলাৱস্থা বাবেই পৰিস্থিতিৰ সৈতে সহাৱস্থান কৰি সদৌ অসম কবি সন্মিলনে সপ্তাহৰ প্ৰতিটো দিনতেই ব্যতিক্ৰম ধৰ্মী অনলাইন ডিজিটেল কাৰ্যসূচী ঘোষণা কৰিছে । ইতিমধ্যে কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক হেমন্ত ভাৰতী আৰু বিশাল অনুৰাগৰ ব্যৱস্থাপনাত যোৱা ৭ জুলাইৰ পৰা সদৌ অসম কবি সন্মিলনৰ ফেচবুক গোটৰ সৌজন্যত সপ্তাহৰ প্ৰতি মংগলবাৰ আৰু শুক্ৰবাৰে সন্ধ্যা ৭ বজাত "কাব্যতীৰ্থ" শীৰ্ষক এক পোনপটীয়া (লাইভ) মননশীল অনুষ্ঠানৰ সম্প্ৰচাৰ হৈ আহিছে। সদৌ অসম কবি সন্মিলনৰ মাননীয় সভাপতি তথা বিশিষ্ট কবি প্ৰদীপ শইকীয়াদেৱে শুভ উদ্বোধন কৰা অনুষ্ঠানটিত সদৌ অসম কবি সন্মিলনৰ প্ৰাক্তন সভাপতিসকল ক্ৰমে আনিছ-উজ-জামান, ড° মানিক শইকীয়া, জুলিয়ানা বেগম, নীলকান্ত শইকীয়া আৰু প্ৰেম গগৈয়ে অংশ-গ্ৰহণ কৰে । উল্লেখযোগ্য যে যোৱা ২৮ জুলাই, মংগলবাৰে সন্ধ্যা ৭ বজাত সম্প্ৰচাৰিত "কাব্যতীৰ্থ"ৰ ষষ্ঠ সংখ্যক অনুষ্ঠানত অংশ-গ্ৰহণ কৰি সদৌ অসম কবি সন্মিলনৰ প্ৰধান সম্পাদক উজ্জ্বল পাওগামে এলানি ব্যতিক্ৰমী অনলাইন ডিজিটেল কাৰ্যসূচী ঘোষণা কৰে । সেই অনুসৰি প্ৰতি মংগলবাৰে সন্ধ্যা ৭ বজাত হেমন্ত ভাৰতী আৰু বিশাল অনুৰাগৰ ব্যৱস্থাপনাত সদৌ অসম কবি সন্মিলনৰ লগত জড়িত ব্যক্তিৰ অনুভৱৰ অনুষ্ঠান ফেইচবুক লাইভ "কাব্যতীৰ্থ", প্ৰতি বুধবাৰে সন্ধ্যা ৭ বজাত চৈয়দ পাৰভিজ হুছেইন আৰু মদিৰা শইকীয়া ভূঞাৰ ব্যৱস্থাপনাত এজন বিশেষ কবিৰ কবিতা পাঠৰ অনুষ্ঠান "কাব্যসন্ধ্যা" আৰু সন্ধ্যা ৮ বজাত ২৫ গৰাকী নিৰ্বাচিত কবিৰ ঝোম মীট, প্ৰতি বৃহস্পতি বাৰে সন্ধ্যা ৭ বজাত সঞ্জীৱ সাগৰ চৌধুৰী, মৌচম বুঢ়াগোহাঁই আৰু ভৱেন চন্দ্ৰ নাথৰ ব্যৱস্থাপনাত যুৱ কবিৰ কবিতা পৰ্যালোচনা আৰু পাঠৰ অনুষ্ঠান "কাব্যচৰ্চা"আৰু সন্ধ্যা ৮ বজাত ১৫ গৰাকী নিৰ্বাচিত কবিৰ ঝোম মীট আৰু লগতে ড° লখিমী গগৈ, জোনালী মজুমদাৰ, হাচিনা মমতাজ, পদ্মজা ফুকন, স্নেহা জোনাক দত্ত, তুলিকা দেৱী আৰু প্ৰজ্ঞাপাৰমিতা বৰুৱাৰ ব্যৱস্থাপনাত মহিলা কবিৰ কবিতা পাঠৰ অনুষ্ঠান "কাব্যনন্দিনী" শীৰ্ষক ঝোম মীট, প্ৰতি শুক্ৰবাৰে সন্ধ্যা ৭ বজাত পলিমা চেতীয়া বসুমতাৰী, হেমা চৌধুৰী গগৈ আৰু দীপ হেষ্টিংচ বড়িৰ ব্যৱস্থাপনাত এগৰাকী বিশিষ্ট আবৃত্তিকাৰৰ কবিতা আবৃত্তিৰ অনুষ্ঠান "কাব্যগুঞ্জন'' আৰু সন্ধ্যা ৮ বজাত ১০ গৰাকী উদীয়মান আবৃত্তিকাৰৰ ঝোম মীট, প্ৰতি শনিবাৰে সন্ধ্যা ৭ বজাত যোগেশ বিকাশ গগৈ, উমেশ সোণোৱাল, কেশৱ শইকীয়া আৰু অলকা মহন্ত বৰুৱাৰ ব্যৱস্থাপনাত এগৰাকী বিশিষ্ট সংগীত শিল্পীৰ দ্বাৰা "কবিতাৰ গান-কবিৰ গান", প্ৰতি দেওবাৰে সন্ধ্যা ৭ বজাত দেৱৰাজ মিলি, বাবলুপ্ৰসাদ বৰুৱা আৰু বিপুল কুমাৰ ডিহিঙীয়াৰ ব্যৱস্থাপনাত এগৰাকী বিশিষ্ট কবি আৰু সমালোচকৰ কবিতা বিষয়ক বক্তৃতাৰ অনুষ্ঠান "কাব্যচিন্তন" আৰু সন্ধ্যা ৮ বজাত প্ৰতি মাহৰ দ্বিতীয় আৰু চতুৰ্থ দেওবাৰে ড° উৎপল নাথ, তুফেল জিলানী, দিগন্ত ভাজনী আৰু আইমণি শৰ্মাৰ ব্যৱস্থাপনাত"কাব্য-ৰজনী" শীৰ্ষক ৰাষ্ট্ৰীয়/আন্তঃৰাষ্ট্ৰীয় কবি সন্মিলনৰ ঝোম মীট, প্ৰতি সোমবাৰে সন্ধ্যা ৭ বজাত ৰোস্তম গগৈ, কাৰ্ত্তিক চন্দ্ৰ তালুকদাৰ, মদাৰজ্যোতি আৰু পৱন শৰ্মাৰ ব্যৱস্থাপনাত একোটা বিশেষ অঞ্চলৰ কবি আৰু কবিতাক সামৰি এগৰাকী বিশিষ্ট আলোচকৰ "কবি আৰু কবিতা" শীৰ্ষক ফেইচবুক লাইভ আৰু সন্ধ্যা ৮ বজাত ১৫ গৰাকী নিৰ্বাচিত কবিৰ কবিতা পাঠৰ ঝোম মীট অনুষ্ঠান । উল্লেখযোগ্য যে দেৱজিত গোস্বামী, হেমন্ত ভাৰতী, মদাৰজ্যোতি, অনিত শইকীয়াক সমন্বয়ক আৰু জিন্টু ফুকনক অলংকৰক হিচাপে দায়িত্ব প্ৰদান কৰা আটাইকেউটি অনুষ্ঠান সদৌ অসম কবি সন্মিলনৰ ফেচবুক গোটৰ জৰিয়তে সম্প্ৰচাৰ কৰা হ'ব বুলি সংগঠনটোৰ প্ৰচাৰ সম্পাদকদ্বয় হেমন্ত ভাৰতী আৰু বিশাল অনুৰাগে জানিবলৈ দিছে আৰু লগতে কাব্যপ্ৰাণ ৰাইজৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা