লকডাউনৰ সময়ছোৱাত বৰপেটা জিলাত অনলাইন ক্লাছ আৰম্ভ কৰা শিক্ষকগৰকী

লকডাউনৰ সময়ছোৱাত বৰপেটা জিলাত অনলাইন ক্লাছ আৰম্ভ কৰা শিক্ষকগৰকী
 
#অনলাইন পাঠদান আৰু হোম ভিজিটেৰে ছাত্ৰ-ছাত্ৰীৰ শিকন ঘাটি ৰোধৰ প্ৰয়াস বৰপেটাৰ শিক্ষকৰ

সঞ্জীৱ দাস, ভৱানীপুৰ, ২৫ জুলাইঃ সমগ্ৰ দেশতে ক'ভিড-১৯ সন্ত্ৰাসৰ পৰিপ্ৰেক্ষিতত যোৱা ১৬ মাৰ্চৰ পৰা বিদ্যালয়সমূহ বন্ধ থকা হেতুকে ছাত্ৰ-ছাত্ৰীসকল নিয়মীয়া পাঠ গ্ৰহণৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে। হাইস্কুল, হায়াৰচেকেণ্ডাৰী, কলেজ বা ইউনিভাৰছিটিৰ ছাত্ৰ-ছাত্ৰীসকলে নিজ নিজ দায়িত্ব বুজি নিজে নিজেই কিছু পৰিমাণে অধ্যয়ন চলাই থকাৰ সম্ভাৱনা আছে যদিও প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল নিয়মীয়াভাৱে শিক্ষক-শিক্ষয়িত্ৰীৰ সান্নিধ্য নাপাই এক বৃহৎ শৈক্ষিক ক্ষতিৰ সন্মুখীন হোৱাৰ উপক্ৰম হৈছে। এক বৃহত পৰিমাণৰ শিকণ ঘাটিৰ সৃষ্টি হোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে এইসকল ছাত্ৰ-ছাত্ৰীৰ বাবে। প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ এই সাম্ভাৱ্য সংকটৰ সময়ত একাংশ শিক্ষক-শিক্ষয়িত্ৰী বিভিন্ন মাধ্যমেৰে ছাত্ৰ-ছাত্ৰীসকলৰ ওচৰ চপাৰ প্ৰয়াস চলাই আছে। সমগ্ৰ দেশৰ লগতে অসমতো ক'ভিড-১৯ ৰ জৰুৰী অৱস্থাৰ বাবে বিদ্যালয়সমূহ বন্ধ ৰখাত শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীৰ প্ৰত্যক্ষ সংযোগৰ পথ ৰূদ্ধ। তথাপি একাংশ হাৰ নমনা শিক্ষক-শিক্ষয়িত্ৰীয়ে ইউটিউব, হোৱাটছ্এপ, জুম এপ, ৱেবেক্স আদিৰে অহৰহ প্ৰয়াস চলাই আছে ছাত্ৰ-ছাত্ৰীৰে সংযোগ স্থাপনৰ। বিশেষকৈ বৰপেটা জিলাত ইয়াৰ শিক্ষক প্ৰশিক্ষণ বিভাগৰ জিলা আঁচনি বিষয়া আৰু সমাজ জড়িতকৰণ বিভাগৰ জিলা আঁচনি বিষয়া দুগৰাকীৰ নেতৃত্বত চলিছে ছাত্ৰ-ছাত্ৰীৰ শিকন ঘাটি ৰোধৰ প্ৰয়াস। এফালে ক'ৰোনাৰে প্ৰত্যক্ষ যুঁজ আৰু আনফালে কণ-কণ ছাত্ৰ-ছাত্ৰীসকলৰ শিকন ঘাটি ৰোধৰ শীতল যুদ্ধ। এই যুদ্ধৰ এগৰাকী অক্লান্ত সেনানী হ'ল- বজালী শিক্ষাখণ্ডৰ অন্তৰ্গত ভৱানীপুৰৰ গেৰুৱাপাৰ মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক আব্দুল মুতালিব। এগৰাকী উদ্যমী সমন্বয়ক তথা নিৰাশাই হাৰ মনাব নোৱাৰা শিক্ষকগৰাকীয়ে এই ক'ভিড-১৯ ৰ সংকটাৱস্থাত বৰপেটা জিলাত প্ৰথম আৰম্ভ কৰিছিল ইউটিউৱত অনলাইন ক্লাছ। ২৩ মাৰ্চত পঞ্চম শ্ৰেণীৰ বাবে "বাৰ্ড টক" নামৰ পাঠটোৰে নিজৰ প্ৰয়াস আৰম্ভ কৰাৰ পিছতে চতুৰ্থ শ্ৰেণীৰ বাবে আগবঢ়াইিছল "হু হেজ চিন দ্য উইণ্ড"। আৰ জে ষ্টুডিঅ' আৰু মাইক্ৰ'টেকৰ সহযোগত কৰা এই অনলাইন পাঠদানত বৰপেটা জিলাৰ জিলা প্ৰাথমিক শিক্ষা বিষয়া গৰাকীও উপস্থিত আছিল। শিক্ষকগৰাকীৰ এই প্ৰয়াস এতিয়া বৰপেটা জিলাৰ লগতে সমগ্ৰ অসমতে জনপ্ৰিয় হৈ উঠিছে। সম্প্ৰতি সমগ্ৰ শিক্ষা অভিযানৰ নেতৃত্বত প্ৰথম অৱস্থাত "জুম এপ" আৰু এতিয়া "ৱেবেক্স এপ"ৰ সহায়ত ছাত্ৰ-ছাত্ৰীৰ বাবে নিয়মীয়া ভাৱে বিভিন্ন বিষয়ৰ পাঠদান কৰি থকা হৈছে। তাৰ লগতে সমান্তৰালভাৱে প্ৰতিখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ অভিভাৱকসকলৰ বা আত্মীয় কুটুমৰ হোৱাটছ্এপ নম্বৰ সংগ্ৰহ কৰি শ্ৰেণী অনুযায়ী গোট খুলি বিভিন্ন শৈক্ষিক আলেচনা আগবঢ়াই থকা হৈছে। উল্লেখিত শিক্ষকগৰাকীয়ে মণ্ডল সমন্বয়ৰ বিভিন্ন কাম নিয়াৰিকৈ কৰি থকাৰ উপৰিও বৰ্তমান প্ৰতি সোমবাৰ আৰু শুক্ৰবাৰে ৱেবেক্স এপৰ জৰিয়তে পঞ্চম শ্ৰেণীৰ বাবে আমি আৰু আমাৰ পৰিৱেশৰ পাঠ আগবঢ়াই থকাৰ লগতে দৈনিক উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ বিজ্ঞান শাখাৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ৱেবেক্স এপৰ জৰিয়তে আগবঢ়োৱা এটাকৈ শ্ৰেণীৰ "হষ্ট কাম টেকনিকেল কন্ট্ৰোলাৰ" হৈ নিজৰ দ্বায়িত্ব পালন কৰি আছে। যিসকল ছাত্ৰ-ছাত্ৰীৰ হোৱাটছ্এপ নাই তেনেকুৱা ছাত্ৰ-ছাত্ৰীৰ ফোন নম্বৰত নিয়মীয়াকৈ ফোন কৰি শৈক্ষিক সমৰ্থন দিয়াটো যেন শিক্ষকগৰাকীৰ বাবে এতিয়া হৈ পৰিছে দ্বায়িত্ব আৰু কৰ্তব্য। জানিব পৰা মতে, শিক্ষকগৰাকীয়ে সম্ভৱ হোৱা বহুকেইগৰাকী ছাত্ৰ-ছাত্ৰীৰ হোম ভিজিত কৰিও নিজৰ প্ৰয়াস অব্যাহত ৰাখিছে। তাৰোপৰি বিগত ২৩ মাৰ্চৰ পৰা আব্দুল মুতালিব নামৰ এই শিক্ষকগৰাকীয়ে বিভিন্ন ইউটিউৱ চেনেলত দ্বিতীয়, তৃতীয়, চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ বাবে প্ৰায় পোন্ধৰটা লেচনৰ সাৱলীল পাঠদান আপলোড কৰিছে। একেবাৰে সহজ-সৰল ভাষাত কণ-কণ ছাত্ৰ-ছাত্ৰীসকলে বুজি পোৱাকৈ আগবঢ়োৱা এই পাঠসমূহৰ পৰা ছাত্ৰ-ছাত্ৰীসকলৰ কিছু পৰিমাণে হ'লেও শিকণঘাটি কমিব বুলি তেওঁ আশাবাদী। শিক্ষকগৰাকীয়ে এই দিশত সকলো শিক্ষক-শিক্ষয়িত্ৰীকে আগবাঢ়ি আহিবলৈ আহ্বান জনাইছে।

Comments

  1. ভাল লাগিল। আপোনালোকৰ এই যোগাত্মক সঁহাৰিয়ে আমাক সকলোকে উৎসাহিত কৰিব।

    ReplyDelete

Post a Comment

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা