ৰঙিয়াত ভোকাতুৰক খাদ্য বিলাই পালন কৰিলে কাৰ্গিল বিজয় দিৱস

ৰঙিয়াত ভোকাতুৰক খাদ্য বিলাই পালন কৰিলে কাৰ্গিল বিজয় দিৱস 

প্ৰতিবেদক, ৰঙিয়া, ২৬ জুলাইঃ

আজি ২১ সংখ্যক কাৰ্গিল বিজয় দিৱস।যোৱা বৰ্ষৰ জুন মাহত সীমান্তৰ কাৰ্গিলত ভাৰতীয় সেনাৰ সৈতে হোৱা পাকিস্তানী সেনাৰ তুমুল সংঘৰ্ষৰ পিছতে ২৬ জুলাইত ভাৰতীয় সেনাই পাকিস্তানী সেনাক পৰাভূত কৰি পাকিস্তান সীমান্তত উৰুৱাইছিল বিজয় নিচান । এনেক্ষেত্ৰত ভাৰতৰ বাবে আজিৰ অৰ্থাৎ ২৬ জুলাই দিনটো এটা চিৰস্মৰনীয় দিন ।প্ৰায় ডেৰমাহ দিন ধৰি চলা দেশ মাতৃক ৰক্ষাৰ যুজঁত কেবা শতাধিক সৈনিকৰ মৃত্যু হোৱাৰ বিপৰীতে আহত হৈছিল সহস্ৰাধিক সেনা জোৱানৰ ।এই যুজঁত ভাৰতীয় সেনাই ভাগৰি নপৰি পাকিস্তানী শত্ৰুৰ সকলো বাধা দূৰ কৰি কাৰ্গিলত প্ৰায় ১৮ হাজাৰ ফুট উচ্চতাত উৰুৱাইছিল বিজয় ধ্বজ্জা ।এই বিজয় উৎসৱৰ দিনটোতে আজি ৰঙিয়াত উত্তৰ কামৰূপ জিলা বিজেপিৰ প্ৰাক্তন সম্পাদক সুবল পাল, ৰঙিয়া টাউন মণ্ডল বিজেপিৰ সম্পাদক দিনেশ আগৰৱাল, গৌতম লহকৰ, সমাজকৰ্মী গুঞ্জন দাস, বিজেপিৰ কৰ্মী পুলকেশ ডেকা, সমাজকৰ্মী ৰাতুল কাকতি, বিজেপিৰ জ্যেষ্ঠ কৰ্মী ৰবীন শইকীয়া, বুথ সম্পাদক অভিজিত পালে ৰঙিয়া টাউনখনৰ অঘৰী জীৱন যাপন কৰা লোকসকলক লগতে লকডাউনৰ বাবে যাতায়ত কৰিব নোৱাৰি ষ্টেচনৰ প্লেটফৰ্মত থকা সকলৰ মাজত খোৱা খাদ্য, পানী আদি যোগান ধৰি কাৰ্গিল বিজয় দিৱস কৰে।
প্ৰেৰক, পহৰেদ আলী আহমেদ, ৰঙিয়া ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা