কৃ্ষ্ণাইৰ বান পৰিস্থিতিৰ বুজ ল’লে আছুৰ সভাপতি দিপাংক কুমাৰ নাথে

কৃ্ষ্ণাইৰ বান পৰিস্থিতিৰ বুজ ল’লে আছুৰ সভাপতি দিপাংক কুমাৰ নাথেঃ জলসম্পদ বিভাগক সমালোচনাঃ বানাক্ৰান্ত ৰাইজক আৰ্থিক সকাহ দিয়াৰ দাবী

----------

গোৱালপাৰা জিলাৰ বৃহত্তৰ কৃষ্ণাই অঞ্চলৰ বহু কেইখন গাঁৱৰ সকলো ঢাঁহিমুহি নিলে আহাৰ মহীয়া বানে ৷ মাত্ৰ এটা নিশাৰ ভিতৰতে বহু পৰিয়াল গৃহহাৰা হ’ল ৷ বানৰ কোবাল সোঁতে ধুৱাই নিলে নকৈ ৰোপন কৰা কৃষি পথাৰৰ ভূঁই ৷ হেজাৰ হেজাৰ হেক্টৰ কৃষি ভূমি এতিয়া পানীৰ তলত ৷ আনহাতে বহু জনৰ মৰমৰ বাসগৃহৰ ভিতৰত এতিয়াও একঁকাল পানী ৷ প্ৰাণৰ মমতাত যোৱা নিশাৰে পৰা পাখিৰীগুৰি,খাৰিজা মানিকপুৰ,
চোকাপাৰা আদিকে ধৰি কেবা খনো গাঁৱৰ ৰাইজে আশ্ৰয় লৈছে কৃষ্ণাই ৰেল ষ্টেচন তথা ২৬৫ নং( চি) খৰ্দমাণিকপুৰ প্ৰাথমিক বিদ্যালয়ত ৷ মানুহবোৰৰ এতিয়া আলাই আথানি অৱস্থা ৷ তাতে আকৌ ভুতৰ ওপৰত দানৱ পৰাদি ধাৰাসাৰ বৰষুণ ৷ এনে পৰিস্থিতিত বানাক্ৰান্ত সকলৰ খবৰ ল’বলৈ আহি ক্ষোভত ফাটি পৰিল সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দিপাংক কুমাৰ নাথ ৷ আজি দুপৰীয়া খাৰিজা মানিকপুৰৰ বানে খহাই নিয়া পকী দলং খন পৰিদৰ্শন কৰি আছুৰ সভাপতি গৰাকীয়ে চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে ৷ তেওঁ কয় সময় মতে কৃষ্ণাই নৈৰ মইনামতী মথাউৰিটো নিৰ্মাণ কৰা হ’লে আজি ইমান সংখ্যক গাঁৱৰ ৰাইজ বানৰ কবলত পৰিব নালাগিলেহেঁতেন ৷ সভাপতি গৰাকীয়ে জল সম্পদ বিভাগক অতি শীঘ্ৰে ক্ষতিগ্ৰস্ত অঞ্চল সমূহৰ এক নিৰপেক্ষ চাৰ্ভে কৰাৰ আহ্বান জনায় ৷ লগতে দুৰ্গত কৃষক ৰাইজক আৰ্থিক সকাহ দিয়াৰ বাবে অসম চৰকাৰক দাবী জনায় আছুৰ সভাপতি দিপাংক কুমাৰ নাথে ৷


কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ,first news report

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা