ৰঙিয়াৰ বান পৰিস্থিতি উদ্বেগজনকঃ সম্পূৰ্ণ ৰঙিয়া চহৰ পানীৰ তলত

ৰঙিয়াৰ বান পৰিস্থিতি উদ্বেগজনকঃ সম্পূৰ্ণ ৰঙিয়া চহৰ পানীৰ তলতঃ শতাধিক গাওঁ প্লাবিত 

প্ৰতিবেদক, ৰঙিয়া ,৩১ জুলাইঃ ৰঙিয়াত বতৰ সামান্য ফৰকাল হোৱাত  ৰঙিয়া মহকুমাৰ বান পৰিস্থিতি সামান্য উন্নত হৈছিল যদিও যোৱা নিশা ভূটানৰ পৰা নামি অহা পানীৰ ঢলে সমগ্ৰ ৰঙিয়া মহকুমা আৰু পাৰ্শ্বৱৰ্তী অঞ্চলত তাণ্ডৱৰ সৃষ্টি কৰিছে। পুঠিমাৰী নৈৰ বগৰীবাৰীৰ ছিগা অংশৰে  যোৱা নিশা প্ৰায় ১০ বজাৰ পৰা তীব্ৰ বেগত ৰঙিয়া চহৰত বাঢ়নী পানী সোমাবলৈ ধৰাত ৰঙিয়াৰ বান পৰিস্থিতি জটিল ৰূপ ধাৰণ কৰিছে।  বানৰ পানীয়ে মুহূৰ্তৰ ভিতৰতে সম্পূৰ্ণ ৰঙিয়া চহৰ বুৰাই পেলায়। ফলত যোৱা নিশা ৰঙিয়াত হাহাকাৰৰ সৃষ্টি হয়। নিশাটোৰ ভিতৰত ৰঙিয়া চহৰৰ মাজমজিয়াত এক কঁকাল পানীৰে উপচি পৰে। বানৰ পানীয়ে কাছাৰী শ'লমাৰীত ৰঙিয়া গোৰেশ্বৰ সংযোগী পথ খহাই নিয়াত যাতায়ত সম্পূৰ্ণ ব্যহত হয়। যাৰ ফলত ৰঙিয়া মহকুমাধিপতিৰ কাৰ্যালয় ৰঙিয়া চহৰৰ লগত সম্পূৰ্ণ বিচ্ছিন্ন হৈ পৰে। বানৰ পানীয়ে ৰঙিয়া মহকুমাধিপতি পথ, ৰঙিয়া এন টি পথ, ৰঙিয়া মহাত্মা গান্ধী পথ, নুৰুদ্দিন পথ, থানা পথ, স্টেডিয়াম কলনী, শ'লমাৰী আদি অঞ্চল সম্পূৰ্ণ বুৰাই পেলায়। এই অঞ্চল সমুহত ঘৰে ঘৰে পানী সোমাই যোৱাত ৰাইজৰ আলৈ আথানি নহোৱা হৈছে। বিশেষকৈ ইছলাম ধৰ্মাৱলম্বী লোক সকলে পবিত্ৰ ঈদপ মূহূৰ্তত যথেষ্ট আহুকালৰ সম্মুখীন হৈছে। বানৰ পানীয়ে বগৰীবাৰী, ধেপাৰগাঁও ,বাৰীবান্ধা, খন্দিকৰ, ধূলাবড়ী, মাদৈকাটা, জানোপাৰ, উল্লুবাৰী, কেতকীধোপা, চেনিমাৰা, বিহাপাৰা, চিৰাখুন্দি,শৌলমাৰী,  নকুল, চেপ্টীৰ উপৰিও ৰঙিয়া পৌৰসভাৰ ৮টা  ৱাৰ্ডৰ লোকসকলক জলাকলা খুৱাইছে।
প্ৰেৰক, পহৰেদ আলী আহমেদ, ৰঙিয়া ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা