লকডাউনে প্ৰভাৱ পেলাইছে শিৱসাগৰৰ শ্ৰমিক-মজদুৰকঃ শ্ৰম বিহীন হৈ পৰাৰ বাবে দৈনন্দিন জীৱন নিৰ্বাহত জটিলতা

ফাৰ্ষ্ট নিউজ ৰিপৰ্ট শিৱসাগৰ , ২৪ জুলাই : কভিড ১৯ ৰ সংক্ৰমণ ৰোধৰ বাবে শিৱসাগৰত লোৱা লকডাউন ব্যৱস্থাটোত বহু ক্ষেত্ৰত শিথিল কৰা হ'ল যদিও জিলা খনৰ গ্ৰামাঞ্চলৰ শ্ৰমিক-মজদুৰ , দিন হাজিৰা কৰা মানুহৰ কিন্তু বিলাই -বিপত্তিৰ অন্ত নপৰিল । প্ৰণিধানযোগ্য যে শিৱসাগৰ জিলাৰ গ্ৰামাঞ্চলৰ ৭০ শতাংশ দিন হাজিৰা কৰা ব্যক্তি শ্ৰমিক -মজদুৰে শিৱসাগৰ নগৰৰ লগতে নগৰ খনৰ পাশ্বৱৰ্তী এলেকা সমুহত বিভিন্ন কৰ্মত নিয়োজিত হৈ জীৱিকা নিৰ্বাহ কৰি আহিছে । তেওঁলোকে সম্পাদন কৰা কৰ্ম সমুহ প্ৰধানত হৈছে পকা মিস্ত্ৰী , ৰাজ মিস্ত্ৰী , যোগালি , কাঠমিস্ত্ৰী, ৰাস্তা নিৰ্মাণত হাজিৰা কৰা ব্যক্তি আদি । শিৱসাগৰ জিলা প্ৰশাসনে দিনৰ ভাগত ব্যক্তিৰ দৈনন্দিন জীৱন যাত্ৰাৰ প্ৰতি লক্ষ্য ৰাখি লকডাউন শিথিল কৰাৰ সিদ্ধান্তত উপনীত হৈছে যদিও শিৱসাগৰ জিলা প্ৰশাসনৰ এই সিদ্ধান্তয়ো কিন্তু উল্লিখিত শ্ৰমিক সকলৰ বিপত্তি শেষ কৰিব পৰা নাই ।  শিৱসাগৰত সন্ধিয়া ৭ বজাৰ পৰা পুৱা ৭ বজালৈ অব্যাহত আছে লকডাউন ।       শিৱসাগৰ জিলা প্ৰশাসনে বান্ধি দিয়া এই নিয়মৰ বাবেই এতিয়া এই সকল শ্ৰমিক শলঠেকত পৰিছে।  যিহেতু শিৱসাগৰ নগৰ পৰা নিলগত অৱস্থিত গাওঁ সমুহৰ পৰা নগৰলৈ কামৰ সন্ধানত অহা শ্ৰমিক সকলে সন্ধিয়া কৰ্ম সম্পাদন  নিশা ৮বা ৯ বজা মানতহে নিজ নিজ ঘৰত উপস্থিত হয়গৈ। সেই দৃষ্টি কোণৰ পৰা এই সকল শ্ৰমিকে প্ৰশাসনে বান্ধি দিয়া নিৰ্দিষ্ট সময়ৰ ভিতৰত ঘৰত উপস্থিত হবৰ নোৱাৰাৰ বাবেই এতিয়া কৰ্ম সম্পাদনৰ আশা ত্যাগ কৰিছে। এইদৰে কৰ্মহীন হৈ পৰা শ্ৰমিক সকলৰ পৰিয়াল সমুহ এতিয়া ব্যাপক আৰ্থিক সংটত পৰিছে বুলি জানিব পৰা গৈছে। উল্লেখ্য যে চৰকাৰে প্ৰতি পৰিয়াললৈ বিনামূলীয়া প্ৰতিনক পাঁচ কেজিকৈ চাউল আৰু প্ৰতিঘৰে এক কেজিকৈ ডাইল মাহেকীয়া হিচাবত যোগান ধৰিছে যদিও চৰকাৰে আগবঢ়োৱা এই সাহাৰ্য যে এটা পৰিয়ালৰ জীৱন নিৰ্বাহৰ বাবে পৰ্যাপ্ত নহয় এইয়া সহজেই অনুমেয়। পাঁচ কেজি চাউলে এজন লোকে মাহটো কেনেকৈ জোৰাব | তদুপৰি এটা পৰিয়ালত বেমাৰ -আজাৰকে আদি কৰি আৰু দেধাৰ সমস্যা আছে। যি বোৰ সমস্যা নেকি সমাধানৰ ক্ষেত্ৰত পোণপটীয়াকৈ অৰ্থৰহে প্ৰয়োজন । তেনে ক্ষেত্ৰত এতিয়া এনেদৰে কৰ্মহীন হৈ পৰা শিৱসাগৰৰ এই শ্ৰমিক সকলৰ পৰিয়ালক সকাহ দিবৰ বাবে প্ৰশাসনে কেনে ব্যৱস্থা গ্ৰহণ কৰে এইয়া এতিয়া লক্ষণীয় ৰূপেই বিবেচিত হৈছে।
শিৱসাগৰৰ পৰা অপূৰ্ব্ব ভূঞা ফাৰ্ষ্ট নিউজ ৰিপৰ্ট

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা