চিৰাঙত দহ দিন ধৰি নিখোজ কিশোৰী

বঙাইগাঁওঃ ৩০ জুলাইঃ চিৰাং জিলাৰ এগৰাকী ১৬ বছৰীয়া কিশোৰী বিগত দহদিন ধৰি নিখোজ হৈ আছে । প্ৰাপ্ত খবৰ অনুসৰি জিলাখনৰ ঢালিগাঁও থানাৰ অন্তৰ্গত চাপাগুৰিৰ ১ নং ৱার্ড নিবাসী  বিষ্ণুদেৱ প্রসাদৰ কন্যা ৰঞ্জিতা প্রসাদ নামৰ কিশোৰীগৰাকী যোৱা ২১ জুলাইৰ পুৱা ৯ বজাত নিজ গৃহৰ পৰা ওলাই যোৱাৰ পিছৰে পৰা নিখোঁজ হৈ আছে । কিশোৰী গৰাকীৰ মাকে ২২ জুলাইত কন্যা নিৰুদ্দেশ সন্দৰ্ভত ঢালিগাঁও থানাত বিষয়টো অৱগত কৰাত আৰক্ষীয়ে জি ডি ই  619/20 নম্বৰত এটি গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে যদিও এতিয়ালৈকে কিশোৰীগৰাকীৰ সন্ধান লাভ কৰিব পৰা নাই । প্ৰায় ৪ ফুট ৫ ইঞ্চি উচ্চতাৰ বগা বৰণৰ কিশোৰীজনীয়ে নীলা বৰণীয়া জিনছৰ পেণ্ট আৰু ট'প পিন্ধি আছিল বুলি পৰিয়ালৰ লোকে জানিবলৈ দিছে ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা