ৰঙিয়াত ৰেল যাত্ৰীৰ ক্ষোভঃ অসম চৰকাৰ মুৰ্দাবাদ ধ্বনিত উত্তাল

ওদালগুৰি প্ৰশাসনৰ চুড়ান্ত হেমাহি আৰু দায়িত্বজ্ঞানহীনতাৰ বাবে যাত্ৰীসকল হাৰাশাস্তিৰ সম্মুখীন 

প্ৰতিবেদক, ৰঙিয়া ২৮ জুলাইঃ

সূদীৰ্ঘ বেঙ্গালুৰৰ পৰা প্ৰায় তিনিদিন ধৰি লঘোনে ভোকে যাত্ৰা কৰি আজি পুৱা প্ৰায় পাঁচ বজাত বিশেষ  শ্ৰমিক ৰেলেৰে ৰঙিয়া আহি উপস্থিত হোৱাৰ পিছত দিনৰ প্ৰায় ১২ বজালৈ তেওঁলোকক গন্তব্য স্থানলৈ পঠোৱাৰ ব্যৱ্স্থা কৰিব নোৱাৰাত আজি ৰঙিয়া ৰেল স্টেচনত এক হুলস্থূলীয়া পৰিবেশৰ সৃষ্টি হয়। দিনৰ ১২ বজালৈ মাত্ৰ এটা পাঁচটকীয়া বিস্কুট একপেকেট আৰু এটা পাঁচটকীয়া পানীৰ বটল প্ৰদান কৰি  ৰঙিয়া ৰেল স্টেচনৰ অস্থায়ী স্ক্ৰীনিং শিবিৰত বহি থাকিবলৈ বাধ্য কৰোৱাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰি শ্ৰমিক ৰেলত অহা যাত্ৰীসকলে শিবিৰৰ পৰা  ৰাজপথলৈ ওলাই অহাৰ চেষ্টা চলোৱাত এক বিশৃংখল পৰিস্থিতিৰ সৃষ্টি হয়। কন কন শিশু আৰু মহিলা সহ তিনি শতাধিক যাত্ৰীয়ে অসম চৰকাৰ মুৰ্দাবাদ ধ্বনিৰে ৰঙিয়া ৰেল স্টেচন চৌহদ উত্তাল কৰি তোলে। তেওঁলোকৰ অভিযোগ অনুসৰি শিবিৰত বহাৰ পৰ্যাপ্ত ব্যৱস্থা নথকাত অধিকাংশ যাত্ৰীয়ে  কন কন শিশু সহ ৬/৭ ঘন্টা পানীৰ ওপৰত থিয় হৈ থাকিবলগীয়া হৈছে। অকল সেয়াই নহয় শিবিৰত থকা শৌচালয় ব্যৱহাৰ কৰা দূৰৰে কথা ওচৰলৈ যোৱাটো কল্পনাৰ অতীত। তাৰ উপৰিও খোৱালোৱাৰ কোনো ব্যৱস্থা নথকাত তেওঁলোকৰ ক্ষোভৰ বহিঃপ্ৰকাশ ঘটাই বাহিৰলৈ ওলাই আহে। অৱশ্যে পিছত ৰঙিয়া ৰেল আৰক্ষী (জি আৰ পি ) আৰু ৰঙিয়া আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। ঘটনাৰ খবৰ পোৱাৰ লগে লগে ৰঙিয়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰতন দাস আৰু টাউন দাৰোগা হেমন্ত হালৈয়ে ঘটনাস্থলীত উপস্থিত হৈ  ভাৰপ্ৰাপ্ত মহকুমাধিপতি তথা অতিৰিক্ত উপায়ুক্ত ডাঃ বেদাংগ তালুকদাৰৰ সহায়ত তেওঁলোকৰ গন্তব্যস্থানলৈ পঠিয়াই দিয়ে। উল্লেখ্য ওদালগুৰি প্ৰশাসনৰ চুড়ান্ত হেমাহি আৰু দায়িত্বজ্ঞানহীনতাৰ বাবে যাত্ৰী সকলে চুড়ান্ত হাৰাশাস্তিৰ সম্মুখীন হোৱা বুলি অভিযোগ উত্থাপিত হৈছে। ৰঙিয়াৰ পৰা ওদালগুৰিলৈ যাত্ৰী সকলক লৈ যোৱাৰ বাবে কালিয়েই ওদালগুৰি প্ৰশাসনক জনোৱা স্বত্বেও প্ৰশাসনে সময়ত গাড়ী নপঠোৱাত ৰঙিয়াত এই অপ্ৰীতকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল বুলি জনা গৈছে।
প্ৰেৰক, পহৰেদ আলী আহমেদ, ৰঙিয়া

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা