ঐতিহাসিক কুঁজিসত্ৰত কৰ’নাৰ প্ৰবেশ≈≈বাৰজনকৈ লোকৰ দেহত ক’ভিড পজিটিভ চিনাক্ত

ঐতিহাসিক কুঁজিসত্ৰত কৰ’নাৰ প্ৰবেশ≈≈বাৰজনকৈ লোকৰ দেহত ক’ভিড পজিটিভ চিনাক্ত #

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৬ জুলাইঃ ৰাজ্যৰ সৰ্বত্ৰে এতিয়া মাৰাত্মক কৰ’নাৰ বিভীষিকা ৷ দ্ৰুত গতিত বৃদ্ধি পাই আছে আক্ৰান্তৰ সংখ্যা ৷ চৰকাৰ তথা স্বাস্থ্য বিভাগে কৰ’নাৰ সংক্ৰমণ প্ৰতিহত কৰাৰ বাবে বিভিন্ন পদক্ষেপ অব্যাহত ৰাখিলেও ঠায়ে ঠায়ে ইয়াৰ গণ সংক্ৰমণ ঘটি অভাৱনীয় পৰিস্থিতিৰ উদ্ভৱ ঘটাইছে ৷ এনে এক বিভীষিকাৰ মাজতেই গুৰুজনাৰ স্মৃতি বিজড়িত নগাঁও আৰু মৰিগাঁও জিলাৰ সীমান্তত অৱস্থিত ঐতিহাসিক কুঁজি সত্ৰত শনিবাৰে বাৰ জনকৈ লোক নতুনকৈ কৰ’নাত আক্ৰান্ত হোৱা ঘটনাই  আতংকিত কৰি তুলিছে সত্ৰবাসীক । জানিব পৰা মতে, ঐতিহাসিক কুঁজি সত্ৰৰ প্ৰশান্ত হাজৰিকা নামৰ এজন যুৱকৰ দেহত ছয়দিন পূৰ্বে কভিড-১৯ ৰ উপস্থিতি ধৰা পৰিছিল ৷ ইয়াৰ পিছতেই স্বাস্থ্য বিভাগে যুৱকজনক চিকিৎসাৰ ব্যৱস্থা কৰাৰ বিপৰীতে বিশেষ তৎপৰতাৰে  যুৱকজনৰ সংস্পর্শলৈ অহা লোকসকলৰ পৰা স্বাৱ সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছিল । কিন্তু শনিবাৰে স্বাৱ পৰীক্ষাৰ ফলাফলত বাৰ জনকৈ লোকৰ দেহত কভিড-১৯ পজিটিভ ধৰাত এতিয়া ৰাইজ শংকিত হৈ পৰিছে । ইফালে, কুঁজি সত্ৰৰ সত্ৰাধিকাৰ তথা সত্র পৰিচালনা সমিতিয়ে আগন্তুক ১৪ দিনৰ বাবে সত্ৰলৈ আগমন ঘটিব লগীয়া তীৰ্থ যাত্রীৰ আগমনৰ ক্ষেত্ৰত বাধা প্ৰদান কৰিছে । ইয়াৰ সমান্তৰালকৈ আগন্তুক ১৪ দিনৰ বাবে সত্ৰৰ দুগৰাকী ভকতে নিত্য নৈমিত্তিক প্ৰসংগ চলাই থাকিব বুলি সত্ৰ পৰিচালনা সমিতিয়ে জানিবলৈ দিছে ৷ 
===================

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা