বগৰীবাৰীৰ মথাউৰি ছিগা অঞ্চলত কংগ্ৰেছ দলৰ সাহাৰ্য্য বিতৰণ

প্ৰতিবেদক, ৰঙিয়া , ২৫ জুলাইঃ 

সমগ্ৰ বিশ্বৰ লগতে অসমতো কৰ'না ভাইৰাছ মহামাৰীৰ সংহাৰী ৰূপ ধাৰণ কৰি থকাৰ সময়তে প্ৰাকৃতিক দুৰ্যোগ  বানপানীৰ ফলত লাখ লাখ মানুহৰ অৱস্থা অতি শোচনীয় হৈ পৰিছে। এনে সময়তে যোৱা ১১ জুলাইৰ নিশা ৰঙিয়া বিধান সভা সমষ্টিৰ  বগৰীবাৰীত পুঠিমাৰী নৈৰ মথাউৰি ছিগি  হঠাতে বানপানী হৈ কাউৰবাহা মৌজাৰ উপৰি বৃহত্তৰ ৰঙিয়া মহকুমাৰ সৰহ সংখ্যক গাঁৱৰে জন জীৱন স্তব্ধ হৈ পৰাৰ লগতে কৃষি ভূমি, পশু ধন, আৰু মানুহৰ ঘৰ দুৱাৰৰ যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে। এনে পৰিস্থিতত পৰহি অসমৰ  মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ৰঙিয়াৰ বানপীড়িত অঞ্চলত পৰিদৰ্শন কৰিব আহি চিৰাখুন্দিৰ মুলপথত উপস্থিত হৈ কোনো ধৰণৰ সকাহ দিয়াৰ আঁচনি বা জনসাধৰণৰ দুৰ্যোগৰ পৰা পৰিত্ৰাণ লাভ কৰি স্বাভাৱিক জীৱন যাপন লাভ কৰাৰ পদক্ষেপ ঘোষণা নকৰাত ক্ষোভ প্ৰকাশ কৰে অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা চালমা বেগমে । আনহাতে সাহাৰ্য আৰু পুনৰ সংস্থাপন বিহীন ৰাইজে গভীৰ ক্ষোভিত হৈ থকাৰ সময়তে অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সহযোগত আৰু ৰঙিয়া গ্ৰাম্য আৰু নগৰ ব্লক কংগ্ৰেছৰ কমিটিৰ উদ্যোগত কালি বগৰীবাৰীৰ বানপীড়িত অঞ্চলৰ ৰাইজৰ মাজত উপস্থিত হৈ দুখৰ খবৰ লৈ কিছু নিত্য নৈমিত্তিক অত্যাৱশ্যকীয় খাদ্য - সামগ্ৰী, চেনিটাৰী নেপকিন সহ প্ৰায় তিনিশ পৰিয়ালৰ মাজত বিতৰণ কৰে বুলি জানিবলৈ দিয়ে সম্পাদিকা চালমা বেগমে। ইয়াৰ উপৰি ৰাজ্য চৰকাৰক অতি শীঘ্ৰে বানগ্ৰস্থ ৰাইজক সাহাৰ্য্য প্ৰদান কৰাৰ লগতে ভগ্নাংশ মথাউৰিৰ নিৰ্মাণ কাম অনতি পলমে কৰাৰ বাবে দাবী জনায়। সাহাৰ্য্য বিতৰণ কাৰ্যসূচীত প্ৰদেশ যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা চালমা চুলতানা, ৰঙিয়া ব্লক আৰু নগৰ ব্লক কংগ্ৰেছ কমিটীৰ সভাপতি উদ্ধৱ দাস, ব্লক মহিলা কংগ্ৰেছৰ সভানেত্ৰীদ্বয় ৰুমী বেগম, অঞ্জুমা কলিতা, জিলা কংগ্ৰেছৰ উপ সভাপতি আবু বক্কৰ ছিদ্দিক, সমষ্টি যুৱ কংগ্ৰেছৰ সভাপতি কামাল আলী, গোৰেশ্বৰ ব্লক কংগ্ৰেছৰ সভাপতি ৰমেশ বড়ো, কাৰ্যনিৰ্বাহক লীলাধৰ ডেকা প্ৰমুখ্যে কেইবাগৰাকী দলীয় কৰ্মীয়ে অংশগ্ৰহণ কৰে।
প্ৰেৰক, পহৰেদ আলী আহমেদ, ৰঙিয়া ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা