বানপানীৰ মাজত নলবাৰীত অসাধু ব্যবসায়ীৰ দৌৰাত্ম্য*

*ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ২০ জুলাই*

যি সময়ত গোটেই অসম এফালে ক'ৰোণাৰ সংকটৰ লগতে বৰপানীৰ তলত ডুব গৈ আছে, তেনে সময়তো একাংশ স্বাৰ্থলোভী ব্যৱসায়ে নিজৰ ধনৰ ভঁড়াল ভৰ্তি কৰাত ব্যস্ত হৈ পৰিছে ৷ বাঢ়নী পানীয়ে ভঁড়ালৰ ধানৰ পৰা আৰম্ভ কৰি পথাৰৰ খেতিলৈকে সকলো নষ্ট কৰিছে । বন্যাৰ্ত ৰাইজৰ মাজত এমুঠি খাদ্যৰ বাবে হাহাকাৰ লাগিছে । কিন্তু ৰাজ্যৰ এই বিপদৰ সময়ত একাংশ ব্যৱসায়ীয়ে অত্যাবশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি কৰি ৰাইজৰ মূৰত মাধমাৰ সোধাইছে । খাদ্য সামগ্ৰীৰ লগতে শাক-পাচলিৰ উৰ্ধমুখী দামে গ্ৰাহকৰ মাজত সমস্যাৰ সৃষ্টি কৰিছে । শাক-পাচলিৰ অত্যাধিক দামৰ বাবে ৰাইজ বজাৰৰ পৰা খালী হাতে উভতিব লগীয়া পৰিস্থিতিৰো উদ্ভৱ হৈছে । নলবাৰীৰ কেইবাঠাইতো বজাৰসমূহত এই ছবি এতিয়া তেনেই সহজলভ্য ৷ উল্লেখযোগ্য যে যি সময়ত বন্যাৰ্তসকলক সহায়ৰ বাবে ৰাইজ ওলাই আহিব লাগিছিল সেই সময়ত একাংশ ব্যৱসাসীয়ে বস্তুৰ দাম বঢ়াই নিজৰ পকেট গৰম কৰাতহে যেন ব্যস্ত হৈ পৰিছে । কিন্তু অতি পৰিতাপৰ কথা যে সামগ্ৰীৰ এই মূল্যবৃদ্ধিৰ সময়ত নিয়ন্ত্ৰণত যোগান মন্ত্রীৰ ভূমিকা তথৈবচ । সদাশয় ৰাইজে এই ক্ষেত্ৰত মন্ত্রীগৰাকীক বজাৰ পৰিদৰ্শন কৰি বস্তুৰ উচিত মূল্য নিৰ্ধাৰণ কৰি দিবলৈ অনুৰোধ জনায় ।

*প্ৰেৰকঃ ৰূপক বৈশ্য, নলবাৰী*

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা