নগাঁৱৰ ৰাঙলুত চুৰি গৰুসহ ধৃত গভাইত চোৰ

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৯ জুলাইঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে নগাঁও জিলাতো সঘনে সংঘটিত হৈ আহিছে গৰু চুৰি কাণ্ড । আৰক্ষীৰ নিৰাপত্তা ব্যৱস্থাক ভেঙুচালি কৰি সবল নেটৱৰ্ক গঠনেৰে এক দুষ্ট চক্ৰই অব্যাহত ৰাখিছে এই চুৰি কাণ্ড ৷ সঘনে সংঘটিত হৈ থকা এনে চুৰিকাণ্ডই ৰাইজক আতংকিত কৰি ৰখাৰ সময়তে মঙলবাৰে নিশা জিলাখনৰ ৰাঙলুত আটক কৰা হয় এটা গৰু চোৰক ৷ এটা চুৰি গৰুসহ চোৰটোক ৰাইজে হাতে লোতে কৰায়ত্ত কৰি আৰক্ষীক গতাই দিয়ে । জানিব পৰা মতে, নিশা ৰাঙলুৰ গড়হাকি গাওঁৰ ৰাইজৰ লগতে টুবুকিগ্ৰাণ্ট গাঁওৰক্ষী বাহিনীৰ হাতত আটক হয় মকিবুৰ ৰহমান নামৰ এই গভাইত চোৰটো ৷ অৱশ্যে দিলোৱাৰ হুছেইন নামৰ আন এটা চোৰ কৌশলেৰে পলাই যাবলৈ সক্ষম হয় । দুইটা চোৰে মিলি ৰাঙলুৰ টুবুকিগ্ৰান্টৰ এঘৰ মানুহৰ পৰা তিনিদিন আগতে এটা গৰু চোৰ কৰিছিল ৷ পলায়ণ কৰা দিলোৱাৰ হুছেইন নামৰ চোৰটো পূৰ্বেও কেইবাটাও গৰু চুৰি ঘটনাত অভিযুক্ত বুলি জানিব পৰা গৈছে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা