ৰঙিয়াত মুখ্যমন্ত্ৰীৰ বানপানী পৰিদৰ্শন পুঠিমাৰী নৈৰ বগৰীবাৰীৰ ছিগি যোৱা মথাউৰিত ততাতৈয়াকৈ ৰোধ কৰিবলৈ নিৰ্মাণ কাৰ্য আৰম্ভ —মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল

প্ৰতিবেদক, ৰঙিয়া ,২৩ জুলাইঃ 

অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে আজি  ৰঙিয়াত উপস্থিত হৈ  মহকুমাধিপতিৰ কাৰ্যালয়লৈ যোৱা পথটোৰ বানপানীত ছিগি যোৱা ভগ্নাংশ পৰিদৰ্শন কৰি বানপানীৰ বুজ লয়। মুখ্যমন্ত্ৰী সোনোৱালে সংবাদ মাধ্যমৰ আগত কয় যে পুঠিমাৰীৰ নদীৰ পৰা যিটো খহনীয়া হৈছে এই খহনীয়াৰ ফলত গোটেই বৃহত্তৰ অঞ্চলৰ ৰাইজৰ যথেষ্ট ক্ষতি সাধন হৈছে।সমগ্র অসমতে ২৮খন জিলাৰ জনসাধাৰণে তৃতীয়টো বানত বহুধৰণে ক্ষয়-ক্ষতিৰ সন্মুখীন হৈছে।এই মুহূর্তত ৰাাজ্যযি চৰকাৰৰ তৰফৰ পৰা যতপৰোনাস্তি চেষ্টা অব্যাহত ৰখা হৈছে। জিলা প্ৰশাসনকো এই সন্দৰ্ভত নিৰ্দেশ প্ৰদান  কৰা হৈছে বুলি তেওঁ কয় । মুখ্যমন্ত্ৰীৰ মতে  জনপ্ৰতিনিধি, মন্ত্রী, সাংসদ, বিধায়ক আৰু পঞ্চায়তৰ নিৰ্বাচিত প্ৰতিনিধি সকলেও এই মুহূর্তত ক্ষতিগ্ৰস্ত ৰাইজ সকলক আন্তৰিকতাৰে সেৱা আগবঢ়াইছে। বিভিন্ন ঠাইত ক্ষতিগ্রস্ত ৰাইজে যাতে এই মুহূর্তত সাহাৰ্য্য সামগ্রী খিনি সঠিক ভাবে পায় আৰু ইয়াৰ যাতে গুণগত মান ঠিক থাকে তাৰ প্ৰতি বিশেষ দৃষ্টি দিয়াৰ বাবে মুখ্যমন্ত্ৰীয়েে শদিয়াৰ পৰা ধুবুৰীলৈ বিভিন্ন জিলাত গৈ সেই অঞ্চলৰ ৰাইজৰ বুজ লোৱাৰ  উপৰিিও পৰিস্থিতিৰ পৰ্যালোচনা কৰা বুলি মুখ্যমন্ত্ৰীয়েে জানিবলৈ দিয়ে। তেওঁ কয় যে এই মুহূর্তত চৰকাৰৰ প্ৰাথমিক দায়িত্ব হৈছে বান বিধ্বস্ত অঞ্চলৰ ৰাইজক আন্তৰিকতাৰে সেৱা আগবঢ়োৱা। কিছুমান ঠাইত যদি ভুলবশতঃ সাহাৰ্য্য দিবলৈ ৰৈ গৈছে বাতৰিৰ যোগেদি  সেয়া দৃষ্টিগোচৰ হোৱাৰ লগে লগে  ততাতৈয়াকৈ ব্যবস্থা লোৱা হৈছে বুলি তেওঁ কয় । ৰঙিয়া সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ মন্ত্রী ভৱেশ কলিতা আৰু সাংসদ দিলীপ শইকীয়াও দিনে-নিশাই  বানত ক্ষতিগ্রস্ত ৰাইজৰ  সৈতে সম্পূর্ণৰূপে সহযোগিতা আগবঢ়োৱা বুলি উল্লেখ কৰি  মুখ্যমন্ত্ৰী সোনোৱালে প্ৰশংসাৰে ওপচাই দিয়ে।তেওঁ  জিলা প্ৰশাসনৰ বিষয়া কৰ্মচাৰী সকলৰো শলাগ লয়। মুুখ্যমন্ত্ৰীয়ে কয় যে পুঠিমাৰী নৈৰ বগৰীবাৰীৰ ছিগি যোৱা মথাউৰিত ততাতৈয়াকৈ ৰোধ কৰিবলৈ আজি দহ বজাৰ পৰা নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হৈছে ।  ৰাজ্যৰ বানপানী আৰু গৰাখহনীয়া  সমস্যাটোৰ স্হায়ী সমাধানৰ বাবে মুখ্যমন্ত্ৰীয়ে ৰাইজৰ সহযোগিতা কামনা কৰি কয় যে, প্ৰধানমন্ত্ৰী মোডীয়ে ইতিমধ্যে ৰাষ্ট্ৰীয় স্তৰত এটা শক্তিশালী পদক্ষেপ হাতত লৈছে। তেওঁ  নীতি আয়োগৰ উপাধ্যক্ষ হিচাবে লৈ নৰ্থ ইষ্ট ৱাটাৰ মেনেজমেন্ট অথৰিটি' নামেৰে এখন ৰাষ্ট্ৰীয় পৰ্যায়ত কমিটি গঠন কৰিছে যিখন কমিটিত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যৰ একো একো গৰাকী ব্যক্তিক সদস্য হিচাবে ৰখা হৈছে। এই সমিতিৰ লক্ষ্য হৈছে যে দীর্ঘদিনীয়া এই বানপানী, গৰাখহনীয়া সমস্যাটো স্হায়ী ভাবে সমাধান বিচাৰি উলিওৱা। আগন্তুক দিনত যেতিয়া লোকসভাৰ, ৰাজ্য সভাৰ অধিৱেশন অনুষ্ঠিত হব এই বিষয়টোক লৈ এখন বিল আহিব। এই বিলখন উপস্থাপন হ'ব আৰু পৰৱৰ্তী সময়ত আইনত পৰিণত হ'ব। ই হ'ব অসমৰ দীর্ঘদিনীয়া সমস্যাৰ স্হায়ী সমাধানৰ এটা শক্তিশালী পদক্ষেপ। মুখ্যমন্ত্ৰী সোনোৱালৰ মতে স্বাধীনতাৰ যোৱা সত্তৰ বছৰে কোনো প্ৰধানমন্ত্ৰীয়ে এনেধৰণে বলিষ্ঠতাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বানপানী, গৰাখহনীয়া, ভুমিস্খলনৰ সমস্যাটোৰ স্হায়ী সমাধানৰ বাবে শক্তিশালী পদক্ষেপ লোৱা নাছিল।মুখ্যমন্ত্ৰী সোনোৱালৰ সৈতে আজিৰ ভ্ৰমণকালত মঙ্গলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া, জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত, জলসিঞ্চন আৰু ৰাজ্যিক শিক্ষা মন্ত্ৰী তথা স্থানীয় বিধায়ক ভৱেশ কলিতা, কমলপুৰ সমষ্টিৰ বিধায়ক সত্যব্ৰত কলিতা, জিলা উপায়ুক্ত কৈলাশ কাৰ্তিক এন, মহকুমাধিপতি তথা অতিৰিক্ত উপায়ুক্ত ডাঃ বেদাংগ তালুকদাৰ, আৰক্ষীৰ উচ্চ পদস্থ বিষয়াও উপস্থিত আছিল। মুখ্যমন্ত্ৰী সোনোৱালে মহকুমাটোৰ ৰঙিয়া বিএড কলেজৰ আশ্ৰয় শিৱিৰ পৰিদৰ্শন কৰি তাত থকা লোকসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে পৰিস্থিতিৰ বুজ লয়।আনহাতে আশ্ৰয় শিবিৰত থকা জ্যেষ্ঠ নাগৰিক আৰু শিশু সকলৰ বিশেষ যত্ন লোৱাৰ, পৰিস্কাৰ পৰিচন্নতা, মাস্ক পৰিধান আৰু সামাজিক ব্যৱধানৰ নীতি নিৰ্দেশনা সমূহ পালন কৰিবলৈ আহ্বান জনায়। ইতিমধ্যে প্ৰশাসনক আশ্ৰয় শিবিৰত থকা সকলক প্ৰয়োজনীয় সামগ্ৰীৰ উপৰি দৰব পাতি যোগান কৰিবলৈ নিৰ্দেশ দিয়ে।

প্ৰেৰক, পহৰেদ আলী আহমেদ, ৰঙিয়া ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা