কৃষি-বিজ্ঞানীয়ে পৰিদৰ্শন কৰিলে নলবাৰী পোৰাকুছিৰ কৃষিভূমি

কৃষি-বিজ্ঞানীয়ে পৰিদৰ্শন কৰিলে নলবাৰী পোৰাকুছিৰ কৃষিভূমি*    

*ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ২৯ জুলাই*
                               
অসম কৃষি-বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰ আঁচনিৰ অধীনত নলবাৰীস্থিত কৃষি বিজ্ঞান কেন্দ্ৰৰ সহঃ প্ৰকল্প বিজ্ঞানী প্ৰাণজিৎ ভৰালী আৰু গৱেষণা প্ৰযুক্তিবিদ বিশ্বজিৎ গগৈয়ে মহামাৰী কভিড-১৯ৰ ভয়াবহ দিনতো নলবাৰী জিলাৰ পোৰাকুছিৰ কৃষিভূমি আজি পৰিদৰ্শন কৰাত ৰাইজে সন্তুষ্টি প্ৰকাশ কৰিছে। কৃষি বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা প্ৰদান কৰা বীজৰে কৰা কৃষিকৰ্মৰ মান আৰু পদ্ধতি নীৰিক্ষণৰ বাবে  উপস্থিত হোৱা বুলি বিজ্ঞানীদ্বয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে । কৃষি ভূমি আৰু ধাননিৰ বৃদ্ধি-বিকাশ সম্বন্ধীয় পৰিদৰ্শন কালত বিশেষ সহায় কৰে পোৰাকুছিৰ আদৰ্শ যুৱ খেতিয়ক ভূপেন বৰ্মন আৰু হৰিহৰ বৰ্মনে । পৰিদৰ্শন কালত স্থানীয় কৃষকসকলক বিজ্ঞানীদ্বয়ে কয় যে বিজ্ঞানসন্মত পদ্ধতিৰে শাৰী শাৰীকৈ ধান ৰোপণৰ বিভিন্ন ইতিবাচক দিশ আছে । অধিক পৰিমাণৰ ফচল প্ৰাপ্তিকে ধৰি উদ্ভিৰ ৰোগ নিৰ্মূলতো এই পদ্ধতিয়ে সহায় কৰে । মূলতঃ 'বাহাদুৰ ছাব-১' প্ৰজাতিৰ ধান শাৰীকৈ ৰোৱা বাবে পোৰাকুছি গাঁৱৰ যুৱ খেতিয়ক ভূপেন বৰ্মনক ভূয়সী প্ৰশংসা কৰাৰ লগতে ভবিষ্যতে বীজ-সাৰ-কীটনাশক আদি যোগান ধৰাৰ কথা দিয়ে । ইয়াৰ উপৰি উন্নত কৃষি-পদ্ধতিৰ বাবে যাৱতীয় দিহা-পৰামৰ্শ দিয়াৰ কথাও সদৰী কৰে ।


*প্ৰেৰকঃ ৰূপক বৈশ্য, নলবাৰী*

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা