মুখ্যমন্ত্ৰী পৰিদৰ্শন কৰি যোৱা ৰঙিয়াৰ বান শিবিৰত কোভিট পজিটিভঃ চাঞ্চল্য

প্ৰতিবেদক, ৰঙিয়া, ২৫ জুলাইঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে পৰিদৰ্শন কৰি যোৱা ৰঙিয়া শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ বান শিবিৰত দুগৰাকীকৈ আশা কৰ্মীৰ দেহত কোভিট- ১৯ ৰ সংক্ৰমণ ধৰা পৰিছে। ফলত তীব্ৰ চাঞ্চল্য দেখা দিছে। নিৰাপত্তাৰ অজুহাত দেখুৱাই ৰঙিয়াৰ কোনো সাংবাদিকক শিবিৰত প্ৰৱেশৰ পৰা বিৰত ৰাখিছিল যদিও দলীয় নেতা পালিনেতা সকলে  সামাজিক দূৰত্বক ভেঙুচালি কৰি একেলগে  পৰিদৰ্শন কৰা শিবিৰত কালি আৰু আজি দুগৰাকীকৈ আশা কৰ্মীৰ দেহত কোভিট পজিটিভ ধৰা পৰাত হাহাকাৰৰ সৃষ্টি হৈছে। মুখ্যমন্ত্ৰীৰ লগত মত-বিনিময়ত অংশ লোৱা আশা কৰ্মী দুগৰাকী হ'ল প্ৰমিলা শৰ্মা আৰু মিনু বনিয়া। প্ৰমিলা শৰ্মাৰ দেহত কালি আৰু মিনু বনিয়াৰ দেহত আজি সংক্ৰমণ ধৰা পৰে। প্ৰমিলা শৰ্মাক  চাংসাৰি হেভেলছ্ কোভিট কেয়াৰ চেন্টাৰত আৰু মিনু বনিয়াক আই আই টিৰ কোভিট চিকিৎসালয়ত  ভৰ্তি কৰা হয়। আজি ৰঙিয়া অসামৰিক চিকিৎসালয়, ৰঙিয়া আদৰ্শ চিকিৎসালয় আৰু ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অস্থায়ী পৰীক্ষা কেন্দ্ৰত ৰেপিড এন্টিজেন টেস্টৰ অধীনত  মুঠ ৮০ জন লোকৰ নমুনা পৰীক্ষা কৰাত এগৰাকী নাৰ্ছ সহ  ১৬ গৰাকীৰ দেহত সংক্ৰমণ ধৰা পৰে। আজি ৰঙিয়া অসামৰিক চিকিৎসালয়ত ২৮ জনৰ ৰেপিড এন্টিজেন টেস্টৰ  নমুনা পৰীক্ষা কৰাৰ অন্তত  ৬ গৰাকীৰ দেহত সংক্ৰমণ ধৰা পৰে । তেওঁলোক হল তিতকুৰিৰ জগন্নাথ বড়ো(৩৮), ৰঙিয়া শান্তিপুৰ ৫নং ৱাৰ্ডৰ মন্টু বনিয়া (২৫) আৰু সুনীল শ্ৰীবাস্তৱ(৩৫), নিউ মাৰ্কেটৰ সঞ্জু দাস (৩০) আৰু অনিতা বড়ো (২৮) ,ধেপাৰগাওঁৰ মেহৰুন নেছা(৪২) আৰু ৪ গৰাকী আদৰ্শ চিকিৎসালয়ত স্টাফ নাৰ্ছ প্ৰণতি দাস, ৰঙিয়া ৫নং ওৱাৰ্ডৰ প্ৰনয় বনিয়া, জুৰি দাস আৰু আশা কৰ্মী মিনুু বনিয়া। ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেেন্দ্ৰত  ছগৰাকী লোকৰ দেহত  সংক্ৰমণ ধৰা পৰে। আক্ৰান্ত সকলক আজি আই আই টি কোভিড কেয়াৰ চেন্টাৰত ভৰ্তি কৰা হয়। ইপিনে ৰঙিয়া আদৰ্শ চিকিৎসালয়ৰ নাৰ্ছৰ দেহত সংক্ৰমণ ধৰা পৰাত  চিকিৎসালয়খন কনটেইনমেন্ট জোন হিছাপে ঘোষনা কৰি পাঁচ দিনৰ বাবে চিকিৎসা সেৱা বন্ধ কৰি দিয়া হৈছে। আনহাতে ৰঙিয়া ৰেলৱে স্কুলত অনুষ্ঠিত এক অনুষ্টুপীয়া সভাত অংশগ্ৰহণ কৰা গৌৰ দাসৰ শৰীৰত কোভিটৰ সংক্ৰমণ ধৰা পৰাত প্ৰশাসনে বিদ্যালয়খন কনটেইনমেন্ট জোন হিছাপে ঘোষনা কৰি সাধাৰণ ৰাইজৰ বাবে প্ৰৱেশ নিষিদ্ধ কৰিছে। প্ৰশাাসনে বিদ্যালয়খনৰ প্ৰধান শিক্ষক জীতেন দাস সহ সকলো অংশগ্ৰহণকাৰীৰ শ্বোৱাব পৰীক্ষা কৰাৰ নিৰ্দেশ  জাৰি কৰিছে।
প্ৰেৰক, পহৰেদ আলী আহমেদ, ৰঙিয়া ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা