শিৱসাগৰ আৰক্ষীৰ বৃহৎ সফলতাঃ মেৰাপানীৰ পৰা আতক দুধৰ্ষ গাড়ী চোৰৰ দল

ফাৰ্ষ্ট নিউজ ৰিপৰ্ট শিৱসাগৰ ,২৩ জুলাই : শিৱসাগৰ আৰক্ষীৰ বৃহৎ সফলতা । দীৰ্ঘদিন ধৰি গাড়ী চুৰিকাৰ্য সংঘটিত কৰি শিৱসাগৰৰ লগতে উজনি অসমৰ জিলা কেইখনত ত্ৰাসৰ সৃষ্টি কৰি অহা দুধৰ্ষ গাড়ী চোৰৰ দলটো অৱশেষত জালত পৰিল শিৱসাগৰ আৰক্ষীৰ ।

শিৱসাগৰৰ বিশাল মেগামাৰ্টৰ সমিপৰ পৰা চুৰি হৈছিল AS 04 AC 1660 নম্বৰৰ এখন বলেৰ পিক আপ ভেন । গোপন পুত্ৰৰ তথ্যৰ ভিত্তিত শিৱসাগৰ আৰক্ষীয়ে দেৰগাঁও আৰু মেৰাপানী আৰক্ষীৰ সহযোগত অভিযান চলাই মেৰাপানীৰ পৰা দুধৰ্ষ গাড়ী চোৰৰ দলটোক আতক কৰিবলৈ সক্ষম হোৱাৰ লগতে  উদ্ধাৰ কৰে চুৰি বলেৰ পিক আপ ভেনখন ।

মেৰাপানীৰ পৰা শিৱসাগৰ আৰক্ষীয়ে ইন্দ্ৰ দাস, সুমন শৰ্মা ওৰফে কচু, দীপক দাস, এলিহাজাৰ গনক আৰু জিছকেল বনিয়া নামৰ পাচ দুধৰ্ষ গাড়ী চোৰক গ্ৰেপ্তাৰ কৰে ।
শিৱসাগৰৰ পৰা অপূৰ্ব্ব ভূঞা ফাৰ্ষ্ট নিউজ ৰিপৰ্ট

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা