ৰয়েল এনফিল্ডে মুকলি কৰিলে ছাৰ্ভিচ অন হুইলছ





ষ্টাফৰিপ'ৰ্টাৰ, বিশ্বৰ মধ্যম বৰ্গৰ (২৫০-৭৫০ চি চি) মটৰচাইকেল শাখাৰ অগ্ৰণী প্ৰতিষ্ঠান ৰয়েল এনফিল্ডে গ্ৰাহক সকলক দুৱাৰদলিলৈ সেৱা আগবঢ়াবৰ বাবে সুৰক্ষিত আৰু সমস্যাবিহীন এক নতুন গ্ৰাহক অনুকূল পদক্ষেপ ছাৰ্ভিচ অন হুইলছ মুকলি আৰু আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে। এই পদক্ষেপৰ অধীনত ৰয়েল এনফিল্ডে দেশজুৰি থকা ইয়াৰ ডীলাৰশ্বীপ সমূহত উদ্দেশ্য প্ৰণোদিতভাৱে নিৰ্মাণ কৰা ৮০০ খন ৰয়েল এনফিল্ড মটৰ চাইকেল মোতায়ন কৰিছে। এই ছাৰ্ভিচ অন হুইলছ মটৰচাইকেল সমূহ বিভিন্ন প্ৰয়োজনীয় সঁজুলি-সৰঞ্জাম আৰু স্পেয়াৰ পাৰ্ট কঢ়িয়াব পৰাকৈ সুসজ্জিত, যিয়ে গ্ৰাহকৰ দুৱাৰদলিতে নিৰ্ধাৰিত ৰক্ষণাবেক্ষণ সেৱা, সাধাৰণ মেৰামতি, যন্ত্ৰাংশ সাল-সলনি, আদিকে ধৰি অন্যান্য প্ৰায় ৮০ শতাংশ কাম সমাধা কৰিবলৈ সক্ষম। এই মুকলি সন্দৰ্ভত ৰয়েল এনফিল্ডৰ মুখ্য বাণিজ্যিক বিষয়া ললিত মালিকে কয়"-আমি গ্ৰাহকৰ সামগ্রী ক্ৰয় আৰু মালিকীস্বত্বৰ অনুভৱ উন্নত কৰিবৰ বাবে অবিৰামভাৱে চেষ্টা কৰি আহিছো। শেহতীয়াকৈ মুকলি কৰা কেইবাটাও সেৱা বিশেষ পদক্ষেপ আৰু এতিয়া এই ছাৰ্ভিচ অন হুইলছৰ জৰিয়তে গ্ৰাহকসকলক গুণগত মানৰ ক্ষেত্ৰত আপোচবিহীনভাৱে সেৱা আগবঢ়াবলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ"। আনহাতে, ছাৰ্ভিচ অন হুইলছৰ উপৰিও ৰয়েল এনফিল্ডে আগবঢ়াইছে কনটেক্টলেছ পাৰ্ছেজ এণ্ড ছাৰ্ভিচ এক্সপিৰিয়েন্স। সহজ হোম টেষ্ট ৰাইডৰপৰা মটৰচাইকেল ক্ৰয় আৰু সেৱাৰ বাবে ই -পেমেণ্ট,পিক-আপ আৰু ড্ৰপ সুবিধালৈকে এনে সেৱাসমূহে গ্ৰাহক, সুৰক্ষা আৰু সুবিধা নিশ্চিত কৰে। উল্লেখযোগ্য যে, উত্তৰ পূৰ্বাঞ্চলতো ৰয়েল এনফিল্ডৰ ডীলাৰশ্বীপসমূহত ২৪ খন 'ছাৰ্ভিচ অব হুইলছ' মটৰচাইকেল মোতায়ন কৰা হৈছে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা