দক্ষিণ মূঢ়াদল যুৱ মৰ্চাৰ সৌজ্যনত টুপিয়া ব্যৱসায় কেন্দ্ৰত ডাচবিন উদ্বোধন বিধায়ক পদ্ম হাজৰিকাৰ
শোণিতপুৰ জিলাৰ উত্তৰ জামুগুৰিস্থিত টুপিয়া ব্যৱসায় কেন্দ্ৰত দক্ষিণ মূঢ়াদল যুৱ মৰ্চাৰ উদ্যোগত আজি স্বচ্ছ ভাৰত অভিযানৰ কাৰ্য্যসূচীভাগ সম্পন্ন হয় । কভিড ১৯ ৰ সন্ধিক্ষনত দক্ষিণ মূঢ়াদলৰ সৌজ্যনত সামাজিক দুৰত্ব মানি চলি সকলোৱে মাক্স পৰিধান কৰি যুৱকসকলৰ একক প্ৰচেষ্টাত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডিৰ স্বচ্ছ ভাৰত অভিযানৰ যি সপোন সেয়া বাস্তৱত কৰাৰ এক ব্যতিক্ৰমী প্ৰয়াস । চতিয়া বিধান সভা সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই স্বচ্ছ ভাৰত অভিযানক উদ্দেশ্যি আজি ডাচবিন উদ্বোধন কৰাৰ লগতে দক্ষিণ মূঢ়াদল যুৱ মৰ্চাৰ যুৱকসকলে টুপিয়া ব্যৱসায় কেন্দ্ৰৰ চৌপাশ আৰু ধলাইবিল চিকিৎসালয়, সমবায় কেন্দ্ৰৰ চৌপাশত চাফাই অভিযানৰ ওপৰিও ১০ টাকৈ ডাচবিন টুপিয়া ব্যৱসায় কেন্দ্ৰত স্থাপন কৰে । বিধায়ক পদ্ম হাজৰিকাই স্বচ্ছ ভাৰত অভিযানৰ জৰিয়তে যুৱকসকলক কৰ্মসংস্কৃতিৰ লগতে নিজৰ নিকা মনোবৃত্তিৰে কাম কৰি সমাজৰ বাবে এক সুস্থ বাতাবৰণ গঢ়ি তুলিবলৈ আহ্বান জনায় । দক্ষিণ মূঢ়াদল যুৱ মৰ্চাৰ সকলো সদস্যক এই ব্যতিক্ৰমী প্ৰচেষ্টাৰ বাবে বিধায়ক পদ্ম হাজৰিকাই আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰে ।
জামুগুৰিহাটৰ পৰা জোন বৰা প্ৰতিবেদন
Comments
Post a Comment