Posts

Showing posts from 2020

নগাঁৱত অৱসৰৰ দিনাই পেঞ্চন পেপাৰ লাভ কৰিলে শিক্ষকে≈≈নগাঁও সংমণ্ডলৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ত অৱসৰী শিক্ষকক সম্বৰ্ধণা

Image
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ৩১ ডিচেম্বৰঃ নগাঁৱত অৱসৰৰ দিনাই পেঞ্চন ভাট্টা আৰু পেঞ্চন পেপাৰ লাভ কৰিলে এগৰাকী শিক্ষকে । নগাঁও সংমণ্ডলৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক মৃদুল কুমাৰ নাথৰ তৎপৰতাত অৱসৰৰ দিনটোতেই পেঞ্চনৰ সকলো নথি-পত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা এই শিক্ষক গৰাকী হৈছে নগাঁৱৰ মাৰোৱাৰী হিন্দী হাইস্কুলৰ সহকাৰী শিক্ষক সুৰেন্দ্ৰ মিশ্ৰ । চাকৰি জীৱনৰ অন্তিম দিন ৩১ ডিচেম্বৰৰ দিনটোতেই নগাঁও সংমণ্ডলৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ৰ তৎকালীন পদক্ষেপত এই নথি-পত্ৰ লাভ কৰিবলৈ সক্ষম হয় শিক্ষক গৰাকী । এই উপলক্ষে নগাঁও আই এছ অফিচত অনুষ্ঠিত হোৱা এক সীমিত পৰিসৰৰ সভাত অৱসৰী শিক্ষক গৰাকীক সম্বৰ্ধণাও জ্ঞাপন কৰা হয় ।

ডিমৌ-চকলাঘাটত অসম আন্দোলনৰ তিনি শ্বহীদক স্মৰণ

Image
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ৩১ ডিছেম্বৰঃ অসম আন্দোলনৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰামত ত্যাগৰ চিতাজুইত ১৯৮১ চনৰ ৩১ ডিছেম্বৰত নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ ডিমৌত আৰক্ষীৰ গুলীত শ্বহীদ হৈছিল ডিমৌ পূৱ শালমৰাৰ ভূধৰ ডেকা, ৰাজীৱ ৰাজকুমাৰ আৰু চকলাঘাটৰ নৰেন্দ্ৰ নাথৰ ৷ সেই গৌৰৱোজ্বল ইতিহাসৰ স্মৃতিত বৃহস্পতিবাৰে দক্ষিণ-পঞ্চিম নগাঁও আঞ্চলিক ছাত্ৰ সন্থাই ডিমৌ চাৰিআলিত থকা তিনি শ্বহীদৰ স্মৃতি সৌধৰ বাকৰিত শ্বহীদ দিৱস পালন কৰে ৷ তদুপলক্ষে পুৱা শ্বহীদ দিৱসৰ পতাকা উত্তোলন কৰে নগাঁও জিলা ছাত্ৰসন্থাৰ উপ সভাপতি পংকজ জ্যোতি বৰাই ৷ ইয়াৰ পাছতেই বন্তি প্ৰজ্বলন আৰু স্মৃতিচাৰণ অনুষ্ঠানত জিলা সাংগঠনিক সম্পাদক মনোজ কুমাৰ দাস, মহকুমা ছাত্ৰসন্থাৰ সম্পাদক কুলেন্দু  পাঠক, দক্ষিণ পশ্চিম নগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সম্পাদক মৃদুল বৰুৱাকে ধৰি বেবেজীয়া, ফুলগুৰি, ডিমৌ, দক্ষিণপাট আদি শাখা ছাত্ৰ সন্থাৰ বিষয়ৱবীয়াসকল উপস্থিত থাকে ৷ ইফালে, হাতীচোং আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত চকলাঘাটৰ গান্ধীজী প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগনত থকা শ্বহীদ নৰেন্দ্ৰ নাথৰ স্মৃতি সৌধত পালন কৰা শ্বহীদ দিৱসৰ কাৰ্যসূচীত পতাকা উত্তোলন কৰে হাতীচোং আঞ্চলি

দিয়াচলাই কাঠিৰে বিশ্ববিখ্যাত আইফেল টাৱাৰ নিৰ্মাণ, ৰঙিয়াৰ ছাত্ৰ চাহিল হুছেইনৰ ইণ্ডিয়ান বুক অফ ৰেকৰ্ডত স্থান লাভ

Image
দিয়াচলাই কাঠিৰে বিশ্ববিখ্যাত আইফেল টাৱাৰ নিৰ্মাণ  ৰঙিয়াৰ মেধাৱী ছাত্ৰ চাহিল হুছেইনৰ ইণ্ডিয়ান বুক অফ ৰেকৰ্ডত স্থান লাভ  প্ৰতিবেদক, ৰঙিয়া ৩১ ডিচেম্বৰঃ কোভিড-১৯ সংক্ৰমণ পৰিপ্ৰেক্ষিতত লকডাউনৰ সময়ত ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নৱপ্ৰজন্মৰ প্ৰতি নিজ নিজ কৰ্মস্পৃহাক লৈ জনোৱা আহ্বানত সঁহাৰি জনাই ৰঙিয়া মহকুমাৰ অন্তৰ্গত ৰঙিয়া পৌৰসভা এলেকাৰ ২ নং ৱাৰ্ড, উত্তৰ বনগাওঁৰ এগৰাকী মেধাৱী ছাত্ৰই  নিজৰ প্ৰতিভা আৰু একাগ্ৰতাৰ ফলত ঘৰতে অকল দিয়াচলাইৰ কাঠিৰে নিৰ্মাণ কৰি উলিয়াইছে বিশ্ব বিখ্যাত আইফেল টাৱাৰ । ইয়াৰ বাবে ছাত্র গৰাকীয়ে ইণ্ডিয়ান বুক অফ ৰেকৰ্ডত নিজৰ নাম সনিবিষ্ট কৰিবলৈ সক্ষম হৈছে।ৰঙিয়াৰ বিশিষ্ট ব্যৱসায়ী চাইদুল ইছলাম (অতুল)আৰু ৰুণুমনি বেগমৰ জ্যেষ্ঠ পুত্ৰ তথা পলিটেকনিকৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰ চাহিল হুছেইন। শিক্ষাৰ্থী হুছেইনে আইফেল টাৱাৰটো নিৰ্মাণ কৰি ইতিমধ্যে ইণ্ডিয়া বুক অফ ৰেকৰ্ডত SMALLEST REPLICA OF EIFFEL TOWER MADE USING MATCHSTICKS নামেৰে  নিজৰ নাম অন্তৰ্ভুক্ত  কৰিবলৈ সক্ষম হৈছে।এই গৰাকী পলিটেকনিকৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰ চাহিল হুছেইনে মাত্ৰ দহ দিনৰ ভিতৰত  নিৰ্মাণ কৰি উলিয়াইছে বিশ্ববিখ

আমিনগাঁওত প্ৰধানমন্ত্ৰী কৃষি জল সিঞ্চন যোজনাৰ শুভাৰম্ভণি মূখ্যমন্ত্ৰী সোণোৱালৰ

Image
পঙ্কজ নাথ, চাংসাৰি, ৩০ ডিচেম্বৰ : দেশৰ কৃষকৰ ফচল দুগুন কৰাৰ লক্ষ্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ। ২০২২ ত দেশৰ ফচল দুগুন কৰি খাদ্য শস্যত ভাৰত হব স্বাবলম্বী । এই উদ্দেশ্য আগত ৰাখি কেন্দ্ৰীয় চৰকাৰৰ প্ৰধান মন্ত্ৰীৰ কৃষি জল সিঞ্চন যোঁজনা(DMKSY) ৰ আজি শুভ উন্মোচণ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে । কৃষি জলসিঞ্চন মন্ত্ৰী ভবেশ কলিতাৰ উপস্থিতিত আচনিখন উন্মোচণ কৰি মুখ্য মন্ত্ৰী গৰকীয়ে ২০২২ত খাদ্য শস্যৰ ক্ষেত্ৰত ভাৰত স্বাবলম্বী হব বুলি আশা প্ৰকাশ কৰে । ২৯ জিলাক সামৰি দুটা পৰ্যায়ত ৰূপায়ণ হব লগীয়া আচণি খণৰ প্ৰথম পৰ্যায়ত ৪৭৭৯টাম পানী পাম্পৰ আজি ছয় জন হিতাধিকাৰীক চেকৰ  জৰিয়তে ধন প্ৰদান কৰে । ২৪৩ কৌটি ব্যয় সাপেক্ষ আচণি খনৰ ৯৯৬০টা পাম্প অসমৰ কৃষকক বিতৰণৰ  বাবে স্থিৰ কৰিছে । ৰাজ্যৰ তিনি লাখ হেক্টৰ কৃষি ভুমিত জল সিঞ্চনৰ লক্ষৰে  ১৬ ,৭৫০ টা নলীনাদেৰে সামৰিব পথাৰ ।  আমিন গাঁও কুমাৰ ভাস্কৰ বাৰ্মা ক্ষেত্ৰৰ একেটা অনুস্থানতে চেণ্ট্ৰেল লেবৰেটৰী  অডিটৰিয়াম এণ্ড গেছ হাউছৰো আধাৰ শিলা স্থাপন কৰে মুখ্যমন্ত্ৰী সোণোৱালে। কৃষি ভুমি পৰীক্ষাৰ বাবে প্ৰয়োগশালাৰ লগতে লখৰাত নিৰ্মিত হবলগীয়া  প্ৰাক কলন মুল্য পাঁছ ক

নগাঁৱৰ কাৱৈমাৰীত নিখিল অসম সমাজ কল্যাণ সমিতিৰ উদ্যোগত বৃক্ষৰোপন আৰু স্বচ্ছ ভাৰত অভিযান

Image
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ৩০ ডিচেম্বৰঃ নগাঁও জিলাৰ কাৱৈমাৰীস্থিত ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান আলহাজ হুছেইন আলী একাডেমীত স্বেচ্ছাসেৱী সংগঠন নিখিল অসম সমাজ কল্যাণ সমিতিৰ উদ্যোগত পৰিবেশ সজাগতাৰ উদ্দেশ্যে এক বৃক্ষৰোপণ আৰু স্বচ্ছ ভাৰত অভিযান কাৰ্যসূচী ৰূপায়ণ কৰা হয় । একাডেমীৰ ছাত্ৰ-ছাত্ৰী, অভিভাৱক-অভিভাৱিকা আৰু একাংশ সচেতন ৰাইজৰ উপস্থিতিত অনুষ্ঠিত হোৱা এই বৃক্ষৰোপন আৰু স্বচ্ছ ভাৰত অভিযান কাৰ্যসূচীত স্বেচ্ছাসেৱী সংগঠনটোৰ সাধাৰণ সম্পাদক ৰাছিদ আহমেদে অংশ গ্ৰহণ কৰি গছ-গছনি থাকিলেহে আমি সকলোৱে জীয়াই থাকিব পাৰিম । পৰিবেশ সংৰক্ষণ কৰা আমাৰ সকলোৰে দায়িত্ব আৰু কৰ্তব্য। বৰ্তমান সময়ত একাংশ দুষ্ট প্ৰকৃতিৰ লোকে নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে অবাধে বনাঞ্চল ধ্বংস কৰি গোটেই মানৱ জীৱনলৈ ভাবুকি কঢ়িয়াই আনিছে। এই ক্ষেত্ৰত সকলোৱে সজাগ আৰু সচেতন হব লাগিব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায়। স্থানীয় অঞ্চলৰ কেইবাজনো বিশিষ্ট ব্যক্তিৰ উপস্থিতিত সংগঠনটোৰ বিষয়-ববীয়াই একাডেমী প্ৰাংগনত বৃক্ষৰোপণ কৰাৰ লগতে স্বচ্ছ ভাৰত অভিযান কাৰ্যসূচী গ্ৰহণ কৰে । উল্লেখ্য যে, এই স্বেচ্ছাসেৱী সংগঠনটোৰ উদ্যোগত বিগত সময়চোৱাত বৃহত্তৰ গ

দক্ষিণপাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ প্ৰস্তুতি

Image
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ৩০ ডিচেম্বৰঃ নগাওঁ জিলাৰ দক্ষিণ-পশ্চিম প্ৰান্তৰ অন্যতম পুৰণি শিক্ষানুষ্ঠান হৈছে দক্ষিণপাট উচ্চতৰ মাধ্যমিক বিদ্যালয় ৷ দেশৰ স্বাধীনতাৰ পূৰ্বেই ১৯৪৬ চনৰ কোনো এক শুভ ক্ষণত বহুকেইজন বিশিষ্ট নাগৰিকৰ ঐকান্তিক আৰু আশাশুধীয়া প্ৰচেষ্টাত প্ৰতিষ্ঠা লাভ কৰিছিল এই শিক্ষানুষ্ঠানখন ৷ প্ৰতিষ্ঠা কালৰে পৰা বৃহত্তৰ অঞ্চলটোৰ নৱ প্ৰজন্মক সু-শিক্ষাৰে শিক্ষিত কৰি তোলাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰি অহা এই শিক্ষানুষ্ঠানখনে ২০২১ বৰ্ষত সগৌৰৱে ৭৫ বছৰত ভৰি দিব ৷ সেয়ে এনে এক শুভ ক্ষণত বিদ্যালয় কৰ্তৃপক্ষই শিক্ষানুষ্ঠানখনৰ গৌৰৱময় অতীতক সোঁৱৰি ইয়াৰ মহাৰজত জয়ন্তী উৎসৱ উদযাপনৰ নিমিত্তে ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছে ৷ ইয়াৰ অংশ হিচাপে সোমবাৰে বিদ্যালয়ৰ সভাকক্ষত বিদ্যালয়ৰ অধ্যক্ষ গকুল চন্দ্ৰ দাসৰ পৌৰহিত্যত এখনি সভা অনুষ্ঠিত কৰা হয়। বিদ্যালয়খনৰ সহকাৰী শিক্ষক লৱ কান্ত শৰ্মাই উদ্দেশ্য বাখ্যা কৰা এই গাম্ভীৰ্যপূৰ্ণ সভাখনিত বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, অৱসৰপ্ৰাপ্ত শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱক, শুভাকাংক্ষী আৰু বৰ্তমানৰ কৰ্মৰত শিক্ষক-শিক্ষয়িত্ৰীসহ প্ৰায় শতাধিক লোক উপস্থিতি থাকে। এই স

ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ চাইকেল ৰেলী

Image
ফাষ্ট নিউজ,জামুগুৰিহাট,২৯ ডিচেম্বৰ:জামুগুৰিহাটৰ কুসুমতোলা আঞ্চলিক উচ্চ মাধ্যমিক বিদ্যালয়ৰ ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীয়ে আজি সজাগতা বৃদ্ধিৰ উদ্দেশ্যে এখনি চাইকেল ৰেলী উলিয়ায়।এই উদ্দেশ্যে আয়োজিত আৰম্ভণি অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে বিদ্যালয়খনৰ প্ৰধান শিক্ষক ললিত বৰাই। কুসুমতোলা আঞ্চলিক উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক প্ৰশান্ত বৰুৱাই পতাকা উত্তোলন কৰা আৰু ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ উপাধক্ষ্য অৰুণ শৰ্মাই চাইকেল ৰেলীৰ শুভ উদ্ধোধন কৰা অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি দক্ষিণ নাগশংকৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ তত্বাৱধায়ক শিক্ষক অঞ্জন বাচকোটাই ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ লক্ষ্য আৰু উদ্দেশ্যৰ বিষয়ে আলোকপাত কৰে৷ উল্লেখযোগ্য যে আজিৰ এই চাইকেল ৰেলী স্থানীয় ৰাইজক গঁড় হত্যা ৰোধ কৰা, পানীৰ সংৰক্ষণ কৰা, মাদক দ্ৰব্যৰ সেৱন বন্ধ কৰা, গছ কটা বন্ধ কৰা আদি সামাজিক সমস্যাৰ বিষয়ে সচেতন কৰাৰ উদ্দেশ্যে উলিওৱা হয়। চাইকেল ৰেলীটো জামুগুৰিহাটৰ কুসুমতোলা, পদ্মপুৰ, ডিপাটোলা, টলকাবাৰী, জামুগুৰিহাট ব্যৱসায়ী কেন্দ্ৰ, বৰিগাঁও, মহেখাতী, ডিকৰাই

জামুগুৰিহাটৰ বিশিষ্ট ব্যবসায়ী ভূপেন বৰুৱাৰ মৃত্যু

Image
ফাৰ্ষ্ট নিউজ,জামুগুৰিহাট,২৯ ডিচেম্বৰ:৮০ দশকৰ প্ৰায় ১৯৭৫-৭৬ চনতে ব্যৱসায় আৰম্ভ কৰি জামুগুৰি হাটৰ থলুৱা ব্যৱসায়িৰ বাটকটীয়া বিশিষ্ট ব্যবসায়ী ভূপেন বৰুৱাৰ কালি নিশা মৃত্যু হয়। শোণিতকোঁৱৰ গজেন বৰুৱা মইনা পাৰিজাতৰ প্ৰাক্তন সভাপতি, জামুগুৰি ব্যবসায়ী সন্থাৰ জন্মলগ্নৰ পৰা সক্ৰিয় সদস্য, ডেকাসুন্দৰ যুৱক সংঘ, গাঁও উন্নয়নকে ধৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত ওতপ্রোতভাবে জড়িত এইগৰাকী স্ব-নিৰ্ভৰশল, স্বাভিমানী অসমীয়াৰ মৃত্যুত অঞ্চল জুৰি শোকৰ ছাঁটা পৰে। গাঁওখনৰ এগৰাকী ভাৱৰীয়া ভূপেন বৰুৱাৰ মৃত্যুত আজি পুৱা তেখেতৰ বাসগৃহত অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ডেকাসুন্দৰ গাঁও উন্নয়ন সমিতি, জামুগুৰি ব্যবসায়ী সন্থা, ডেকাসুন্দৰ যুৱক সংঘ, ডেকাসুন্দৰ মহিলা সমিতি, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সমাজৰ ডেকাসুন্দৰ প্ৰাথমিক প্ৰমুখ্যে অঞ্চলটোৰ গুণমুগ্ধ অনুষ্ঠান প্ৰতিষ্ঠানে তেখেতলৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। আনহাতে তেখেতৰ মৃত্যুত জামুগুৰি ব্যবসায়ী সন্থাই পুৱা ৮ বজাৰ পৰা ১১ বজালৈ ব্যৱসায় প্ৰতিষ্ঠান বন্ধ ৰাখি প্ৰবীণ ব্যৱসায়ী সতীৰ্থ গৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰে। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৬৪ বছৰ। তেখেতে পত্

সৰ্ব ভাৰতীয় অধ্যয়নে দেখুৱাইছে যে, ১৮-৩০ বছৰ বয়সৰ যুৱ ভাৰতীয় সকল ভিটামিন ডি'ৰ অভাৱ আৰু অপৰ্যাপ্ততাৰ দ্বাৰা আটাইতকৈ বেছি প্ৰভাৱিত হয়

ষ্টাফ ৰিপৰ্টাৰ,২৯ ডিচেম্বৰ, ২০২০ৰ মে মাহত প্ৰকাশিত এক সৰ্ব ভাৰতীয় অধ্যয়ন, যাৰ ভিতৰত আছে ভাৰতৰ ৮১ খন চহৰৰ ২২৯ টা স্থানত ৪,৬২৪ জন ৰোগী, যি দেখুৱাই যে, ৭৬ শতাংশত ভাৰতীয় জনসংখ্যা ভিটামিন D(ডি)ৰ অভাৱত ভুগিছে। অধ্যয়নটোত লগতে দেখা গৈছে যে,১৮-৩০ বছৰ বয়সৰ ভাৰতীয় সকলৰ ক্ষেত্ৰত এই অভাৱৰ প্ৰচলন সৰ্বাধিক। ডাঃ সঞ্জিভ গোৱেল, এম,এছ এমচি এইচ,,গাৰ্জিয়ান হাস্পতাল ঞ্জলন্ধৰ আৰু ইণ্টাৰনেছনেল জাৰ্নেল অব ৰিচাৰ্ছ ইন অর্থ- পেডিক্সত প্ৰকাশিত অধ্যয়নৰ লেখকে এই সন্দৰ্ভত কয়"-যিহেতু ভিটামিন ডি হৈছে এই গুৰুত্বপূৰ্ণ সুক্ষপুষ্টি যি পেশী আৰু হাড়ৰ লগতে সামগ্ৰিক স্বাস্থ্যত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এই মহামাৰীৰ চিকিৎসা সক্ষম কৰিবলৈ চিকিৎসক আৰু ৰোগীৰ মাজত অধিক সজাগতাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব দিয়ে"। আনহাতে এই সন্দৰ্ভত এব'টৰ চিকিৎসা পৰিচালক ডাঃ ৰুপা দাসে কয়"-এতিয়ালৈকে ভিটামিন ডি' ৰ অভাৱ বিশেষকৈ বয়সস্থ ব্যক্তি সকলৰ বাবে এক উদ্বেগজনক বিষয় বুলি ভৱা হৈছিল যাৰ বাবে ই হাড়ৰ স্বাস্থ্যৰ আশংকা সৃষ্টি কৰে। কিন্তু এই অধ্যয়নত দেখুওৱা হৈছে, যুৱ সকলৰ মাজত উচ্চস্তৰৰ অভাৱ আছে । সেয়ে ভিটামিন ডি' ৰ গুৰুত্বৰ বিষয়ে

কেইৰ্ণ অইল আৰু গেছৰ আৰু এপ'ল' হাস্পতাল গুৱাহাটীৰ সহযোগত যোৰহাটত স্বাস্থ্য পৰীক্ষা শিবিৰ

ষ্টাফ ৰিপ'ৰ্টাৰ,২৯ ডিচেম্বৰ,,কেইৰ্ণ অইল আৰু গেছ, ৱেদান্ত লিমিটেড এ এপ'ল হাস্পতাল গুৱাহাটীৰ সহযোগত যোৰহাটত প্ৰথমটো বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ ২১ ডিচেম্বৰৰে পৰা ২৩ ডিচেম্বৰ ২০২০ লৈ আয়োজন কৰিছে। দ্বিতীয় পৰ্য্যায়ৰ স্বাস্থ্য পৰীক্ষণ শিবিৰ সমূহ ৮-১০ জানুৱাৰী ২০২১লৈ কেন্দ্ৰীয় যোৰহাট আৰু টীয়ক চক্ৰৰ অধীনত কলিয়াপানী খণ্ডত অনুষ্ঠিত কৰা হ'ব। ২১ ডিচেম্বৰত যোৰহাট জিলাৰ অতিৰিক্ত উপায়ুক্ত তপন গোহাঁই য়ে খেৰণি বস্তিত এই বিনামূলীয়া স্বাস্থ্য শিবিৰৰ উদ্বোধন কৰে আৰু প্ৰায় ২০০ গৰাকী ব্যক্তিয়ে প্ৰথম দিনাই এই শিবিৰৰ সুবিধা সমূহ লাভ কৰে। উক্ত অনুষ্ঠানত তপন গোহাঁইয়ে কেইৰ্ণ ৱেদান্ত আৰু এপল হাস্পতাল গুৱাহাটীক এনে ধৰণৰ শিবিৰ আয়োজন কৰাৰ বাবে অভিনন্দন জনায় আৰু জনসাধাৰণৰ স্বাস্থ্য সেৱাৰ বাবে এনে শিবিৰৰ প্ৰয়োজনীয়তা সম্পৰ্কে গুৰুত্ব প্ৰদান কৰে"। এই বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰত সাধাৰণ স্বাস্থ্য পৰীক্ষাৰ ভিতৰত চকু আৰু দাঁতৰ পৰীক্ষণ ৰেণ্ডম ব্লাড চুগাৰ, ওজন আৰু উচ্চতা নিৰূপণ তথা বিএমআই পোষণ সম্পৰ্কীয় পৰামৰ্শৰ লগতে বিনামূলীয়া ঔষধ প্ৰদান অন্তৰ্ভূক্ত কৰা হয়। এই সন্দৰ্ভত কেইৰ্ণ অইল আৰু গেছ ৱেদান

ফেচবুক গ্ৰুপ 'জোনবাই'ৰ মহানুভৱতা≈≈আৰ্তজনক আগবঢ়ালে আৰ্থিকভাবে সহায়ৰ হাত

Image
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৯ডিচেম্বৰঃ বৰ্তমান সময়ত ছ’চিয়েল মিডিয়া বুলি ক'লে একাংশ লোকে প্ৰথমে ইয়াৰ ঋণাত্মক দিশৰ কথাহে আঙুলিয়াই দি সমালোচনাত মুখৰ হৈ পৰে যদিও ইয়াৰ যে বহু ধনাত্মক দিশ আছে তাৰ কথা পাহৰি যায় ৷ কিয়নো বহু সময়ত জনপ্ৰিয় ছ’চিয়েল নেটৱৰ্কিং চাইড ফেচবুকত গঠিত গ্ৰুপে সময়ে সময়ে বিভিন্ন সামাজিক কৰ্মৰাজি সম্পাদন কৰি অহা দেখিবলৈ পোৱা গৈছে ৷ ইয়াৰ অন্যতম উদাহৰণ হৈছে ফেচবুক গ্ৰুপ- 'জোনবাই'। উল্লেখ্য, লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ টিপলিং কচুৱা গাঁও নিবাসী অতি দৰিদ্ৰ পৰিয়ালৰ ৰাম পাঠক আৰু গীতালি বৰুৱা পাঠকৰ একমাত্ৰ দহমহীয়া পুত্ৰ বিশ্বজিৎ পাঠক এক দুৰাৰোগ্য ৰোগত (Hirschiprungs) চলিত বৰ্ষৰ যোৱা জানুৱাৰী মাহৰ আক্ৰান্ত হয়। শিশুটিৰ চিকিৎসাৰ বাবে অভিভাৱকে ঘৰৰ মাটি বিক্ৰি কৰি দুটাকৈ অস্ত্ৰোপচাৰ কৰে যদিও শিশুটো সুস্থ হৈ নুঠিল। পিছত চিকিৎসকে শিশুটো সুস্থ কৰি তুলিবলৈ আৰু এটি অস্ত্ৰোপচাৰৰ প্ৰয়োজনৰ কথা কোৱাত দুৰ্ভগীয়া পৰিয়ালটো কিংকৰ্তব্যবিমূঢ়ত পৰে ৷ কিয়নো এইটো অস্ত্ৰোপচাৰৰ খৰচ প্ৰায় লক্ষাধিক টকা । এনে অৱস্থাত পূৰ্বৰ অস্ত্ৰোপচাৰৰ বেলিকা সৰ্বস্বান্ত হৈ পৰা শিশুটিৰ পৰিয়ালে উপায়হীন হৈ

ৰঙিয়াত কংগ্ৰেছৰ একতা-সদ্ভাৱনাৰ সংকল্প দিৱস উদযাপন

Image
প্ৰতিবেদক, ৰঙিয়া, ২৮ ডিচেম্বৰঃ সমগ্ৰ দেশৰ লগতে ৰঙিয়াতো আজি দিনজোৰা কাৰ্যসূচীৰে  ভাৰতীয় জাতীয় কংগ্ৰেছৰ ১৩৬ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত  সংগতি ৰাখি একতা-সদ্ভাৱনাৰ দিৱস পালন কৰা হয়। কামৰূপ জিলা কংগ্ৰেছ কমিটিৰ সৌজন্যত ৰঙিয়া ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত ৰঙিয়া ৰাজীৱ ভৱনত উদযাপন কৰা এই দিৱস উপলক্ষে এক জনসভাৰ আয়োজন কৰা হয়। ৰঙিয়া ব্লক কংগ্ৰেছৰ সভাপতি উদ্ধৱ দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাত  উদ্দেশ্য ব্যাখ্যা কৰে ব্লক কংগ্ৰেছৰ সাধাৰণ সম্পাদক পংকজ কলিতাই। সভাত কামৰূপ জিলা কংগ্ৰেছ কমিটিৰ সভাপতি তথা প্ৰাক্তন বিধায়ক ঘনশ্যাম কলিতাই  কংগ্ৰেছ দলৰ ইতিহাস, ভাৰতৰ স্বাধীনতা আন্দোলনত দলৰ ভূমিকা লগতে  কংগ্ৰেছ দলৰ চৰকাৰৰ সময়ত  প্ৰবৰ্তন কৰা জনকল্যাণ মূলক আঁচনিসমূহ সমহ  সন্দৰ্ভত বিতং  বক্তব্য দাঙি ধৰে। তেওঁ বিজেপি চৰকাৰৰ কাম কাজক তীব্ৰ সমালোচনা কৰি কয় যে দিল্লী দিছপুৰৰ বিজেপি চৰকাৰে ধাপ্পাত চলি আছে।  ২০২১ চনত কংগ্ৰেছ দলে ৰাজ্যত চৰকাৰ গঠন কৰিব বুলি তেওঁ নিশ্চয়তা প্ৰদান কৰে ।  সভাত  একতা-সদ্ভাৱনাৰ সংকল্পৰ শপত বাক্য পাঠ কৰায় ৰঙিয়া নগৰ ব্লক কংগ্ৰেছৰ সভাপতি মুৰতাজ ৰহমানে। সভাত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ নী

গ্ৰাম্যাঞ্চলৰ মহিলাৰ বাবে লায়ন্স ক্লাবৰ 'আত্ম নিৰ্ভৰ' কাৰ্যসূচী

Image
ষ্টাফ ৰিপৰ্টাৰ,,,২৮ ডিচেম্বৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আত্ম নিৰ্ভৰ কাৰ্যসূচী বাস্তৱত ৰূপায়িত কৰাৰ বাবে লায়ন্স ক্লাব গুৱাহাটীয়ে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। গ্ৰাম্যাঞ্চলৰ মহিলা সকলক স্বাৱলম্বী কৰাৰ বাবে লায়ন্স ক্লাব গুৱাহাটীয়ে আত্ম নিৰ্ভৰ এক কাৰ্যসূচী হাতত লৈছে। উক্ত কাৰ্যসূচীৰ অংশ হিচাপে আজি মহানগৰীৰ পাৰ্শ্বৱৰ্তী ক্ষেত্ৰীৰ ৰবিন গাওঁত লায়ন্স ক্লাব গুৱাহাটীয়ে মহিলাৰ বাবে বিনামূলীয়া চিলাই প্ৰশিক্ষণ কেন্দ্ৰ মুকলি কৰে। এই কেন্দ্ৰটো আজি লায়ন্স ইন্টাৰনেছনেলচ্ ডিষ্ট্ৰিক ৩২২ জি, ডিষ্ট্ৰিক গৱৰ্ণৰ ৰাজকুমাৰ ৰিংগানিয়া আৰু লায়ন্স ডিষ্ট্ৰিক ফাষ্ট লেডি অনিতা ৰিংগানিয়াই  কঅনুষ্ঠানিক ভাৱে মুকলি কৰে। ছমাহ চিলাই প্ৰশিক্ষণ গ্ৰহণৰ অন্তত লায়ন্স ক্লাব গুৱাহাটীয়ে প্ৰতিগৰাকী মহিলাকে এটা এটাকৈ চিলাই মেচিন প্ৰদান কৰিব। উল্লেখযোগ্য যে,প্ৰতিমাহতেই লায়ন্স ক্লাব গুৱাহাটীয়ে আত্ম নিৰ্ভৰ কাৰ্যসূচীৰ অংশ হিচাপে প্ৰকল্প হাতত ল'ব। আজিৰ মুকলি অনুষ্ঠানত ভিডিজি (প্ৰথম)শুভাংকৰ সেন, বি ভিডিজি(দ্বিতীয়) বিএছ ৰাথোৰৰ লগতে লায়ন্স ক্লাবৰ সভাপতি অন্তিমা লধা, সম্পাদক অমিত আগৰৱাল, ধন ভড়ালী গৌৰৱ হাৰলালকা কে ধৰি কেইবাজনো ল

নগাঁৱত সদৌ অসমীয়া কৈৱৰ্ত্ত সন্মিলনীৰ সভা

Image
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৮ ডিচেম্বৰঃ কৈৱৰ্ত্ত সমাজক একগোট কৰি সামাজিক,সাংস্কৃতিক আৰু অৰ্থনৈতিকভাৱে আগুৱাই নিয়াৰ বাবে সোমবাৰে নগাঁৱত অনুষ্ঠিত হয় সদৌ অসমীয়া কৈৱৰ্ত্ত সন্মিলনীৰ এখন সভা । ১৯৫৫ চনতে গঠিত হোৱা এই সন্মিলনীক উদ্বাৰ আৰু পুনৰ গঠন প্ৰক্ৰিয়া ইতিমধ্যে অব্যাহত আছে ৰাজ্যজুৰি । কেন্দ্ৰীয় তদৰ্থ সমিতি শিৱসাগৰত গঠন হোৱাৰ পিছত এতিয়া জিলা সমিতি গঠন আৰু শক্তিশালী কৰাৰ কামত নিমগ্ন হৈ পৰিছে সদৌ অসমীয়া কৈৱৰ্ত্ত সন্মিলনী । ইয়াৰ অংশৰূপেই নগাঁৱৰ মাহৰোল বিলৰ পাৰৰ এক সভাকক্ষত সোমবাৰে অনুষ্ঠিত হয় এই বিশেষ সভাখনি । অসমৰ বিভিন্ন প্ৰান্তত সিঁচৰত হৈ থকা কৈৱৰ্ত্ত লোকসকলক সামাজিক নিৰাপত্তা প্ৰদান কৰাৰ উদ্দেশ্যেৰে এই সন্মিলনীয়ে শীঘ্ৰেই পদক্ষেপ গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে ।

বিশিষ্ট শিক্ষাবিদ, অৱসৰপ্ৰাপ্ত অধ্যক্ষ বলোৰাম দাসৰ জীৱনাৱসান

Image
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৮ ডিচেম্বৰঃ নগাঁও চহৰৰ হয়বৰগাঁও নিৱাসী বিশিষ্ট শিক্ষাবিদ বলোৰাম দাসৰ দেওঁবাৰে দুপৰীয়া প্ৰায় ১২ বজাত বাৰ্ধক্যজনিত কাৰণত নিজা বাসভৱনত পৰলোকপ্ৰাপ্তি ঘটে ৷ ১৯৬৪ চনত জিলাখনৰ ৰহা বিধানসভা সমষ্টিৰ উচ্চ শিক্ষাৰ একমাত্ৰ প্ৰতিষ্ঠান ঐতিহ্যমণ্ডিত ৰহা মহাবিদ্যালয় প্ৰতিষ্ঠাৰ ক্ষেত্ৰত বিশেষ ভাৱে অৰিহণা আগবঢ়োৱা ব্যক্তিসকলৰ ভিতৰত দাস আছিল অন্যতম। তেওঁ মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠাপক অধ্যাপক হোৱাৰ উপৰিও আছিল শিক্ষানুষ্ঠানখনৰ ৰাজনীতি বিজ্ঞান বিভাগৰ প্ৰতিষ্ঠাতা আৰু ভূতপূৰ্ব মুৰব্বী অধ্যাপক ৷ ৰহা মহাবিদ্যালয়ৰ লগতে ৰহাৰ শৈক্ষিক পৰিবেশ উৰ্ধ্বগামী কৰি তোলাৰ ক্ষেত্ৰত উল্লেখনীয় অৱদান আগবঢ়োৱা দাসে পৰৱৰ্তী পৰ্যায়ত শিক্ষানুষ্ঠানখনৰ উপাধ্যক্ষ আৰু পিছলৈ ভাৰপ্ৰাপ্ত অধ্যক্ষৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্ব অতি নিষ্ঠাসহকাৰে পালন কৰি সকলোৰে প্ৰিয়ভাজন হৈ পৰিছিল ৷ সৎ, অমায়িক আৰু মৰমিয়াল স্বভাৱৰ দাসৰ মৃৃৃত্যুৰ বাতৰি পোৱাৰ লগে লগে তেখেতৰ বাসগৃহত অনেক গুণমুগ্ধ আৰু ৰহা মহাবিদ্যালয়ৰ পৰিয়ালৰ সদস্য উপস্থিত হৈ মহান শিক্ষাবিদ জনলৈ শেষ শ্ৰদ্ধা জনায় । আজীৱন শিক্ষাব্ৰতী, সৰল মনৰ দাসৰ মৃত্যুত বিভিন্ন অনুষ

জামুগুৰিহাটত প্ৰাকৃতিক থেৰাপি কেন্দ্ৰ মুকলি

Image
জামুগুৰিহাটৰ বৰভগীয় গাঁওত আজি এটা প্ৰাকৃতিক থেৰাপি কেন্দ্ৰ মুকলি কৰা হয়।শৰীৰত দেখা বিষ সমুহ নিৰাময় কৰাৰ উদ্দেশ্যে আগত ৰাখি বৰভগীয়া গাঁওৰ ষ্টেট বেংকৰ সমীপত ফিজিওথেৰাপিষ্ট মিন্টু বৰাৰ পৰিচালনতাত আজি শুভাৰম্ভ কৰা কেন্দ্ৰটো দেওবাৰৰ বাদে সপ্তাহৰ সকলো কেইদিন পুৱা ৮বজাৰ পৰা আবেলি ৫ বজালৈকে খোলা থাকিব।নদুৱাৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া ৰাজীৱ বৰাই শুভ উদ্বোধন কৰা অনুষ্ঠানটিত সমাজকৰ্মী মাধৱ ওজা, প্ৰকৃতি প্ৰেমী ৰাজু জৈনকে ধৰি লোকসকল উপস্থিত আছিল।  জামুগুৰিহাটৰ পৰা জোন বৰা।

কাইলৈ অজন্তা নেওঁগ আৰু ৰাজদ্বীপ গোৱালাৰ বিজেপিত যোগদান

Image
কাইলৈ মংগলবাৰে অসম প্ৰদেশ কংগ্ৰেছৰ অন্যতম জ্যোষ্ঠ নেত্ৰী, প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী তথা বৰ্তমানৰ কংগ্ৰেছীৰ বিধায়ক অজন্তা নেওগৰ লগতে বিধায়ক ৰাজদ্বীপ গোৱালাই ভাৰতীয় জনতা পাৰ্টিত আনুষ্ঠানিকভাবে যোগদান কৰিব। সেই উপলক্ষে ৰাজ্যিক বিজেপিৰ হেঙেৰাবাৰীস্থিত মুখ্য কাৰ্যালয়ত কাইলৈ পুৱা ১১ বজাত ৰাজ্যিক বিজেপিৰ সন্মানীয় সভাপতি ৰণজিত কুমাৰ দাসৰ উপস্থিতিত এক যোগদান অনুষ্ঠানৰ আয়োজন কৰা হৈছে।

বঙাইগাঁও জিলাৰ তিনিওটা সমষ্টিতে বিজেপিয়ে নিৰ্বাচন খেলাটো বিচাৰো- অপৰাজিতা ভূঞা

Image
বঙাইগাঁৱত বিজেপিৰ মহিলা মৰ্চাৰ উদ্যোগত আদৰণি আৰু চিনাকী পৰ্ব অনুষ্ঠান  অজন্তা নেওগক দললৈ আদৰণি  বঙাইগাঁওঃ ২৭ ডিচেম্বৰঃ বঙাইগাঁও জিলা বিজেপিৰ মহিলা মৰ্চাৰ উদ্যোগত দেওবাৰে বৰপাৰাস্থিত দলীয় কাৰ্যালয়ত এক আদৰণি আৰু চিনাকী পৰ্ব অনুষ্ঠিত হয় ৷ এই অনুষ্ঠানত মহিলা মৰ্চাৰ ৰাজ্যিক সভানেত্ৰী অপৰাজিতা ভূঞাক আদৰণি জনোৱা হয় ৷ অনুষ্ঠানত জিলাখনৰ মহিলা মৰ্চাৰ বিভিন্ন পৰ্যায়ৰ বিষয়ববীয়াসকলৰ সৈতে চিনাকী হোৱাৰ লগতে সাংগঠনিক দিশ সন্দৰ্ভতো ৰাজ্যিক সভানেত্ৰীগৰাকীয়ে আলোচনা কৰে ৷ ইপিনে সংবাদ মাধ্যমৰ আগত মহিলা মৰ্চাৰ ৰাজ্যিক সভানেত্ৰীগৰাকীয়ে কয় যে এই ভ্ৰমণৰ মূল লক্ষ্য আৰু উদ্দেশ্য আগন্তুক নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি সাংগঠনিক দিশটো জড়িত হৈ আছে ৷ লগতে আমি মহিলা মৰ্চাৰ দায়িত্ব লোৱাৰ পিচত গোটেই অসম ভ্ৰমণ কৰি আছো আৰু বঙাইগাঁও হ'ল ৩২ নং জিলা ভ্ৰমণ ৷ নিশ্চতভাৱে সাংগঠনিক দিশটো আগত ৰাখিয়ে আমাৰ এই জিলা ভ্ৰমণ কাৰ্যসূচী ৷ আনহাতে আগন্তুক বিধান সভা নিৰ্বাচনতো মিত্ৰতা অক্ষুন্ন থাকিব বুলি গৃহমন্ত্ৰী অমিত শ্বাহে যিহেতু মন্তব্য কৰিছে ,সেয়ে বঙাইগাঁও সমষ্টিত বিজেপি দলে প্ৰাৰ্থীত্ব আগবঢ়াব নে বুলি  সাংবাদিকে প্ৰশ্ন কৰ

বঙাইগাঁৱত অগপৰ মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ দূৰ্গত খহনীয়া

Image
ডাংতল গাঁও পঞ্চায়তৰ নিৰ্বাচিত সভানেত্ৰী , উপ সভাপতি ,আঞ্চলিক সদস্যাসহ আঠ গৰাকী সদস্যৰ সমূহীয়া পদত্যাগ  অসম জাতীয় পৰিষদ যোগদান  দলত্যাগ কৰিলে আন কেইবাজনেও  বঙাইগাঁওঃ ২৭ ডিচেম্বৰঃ অসম গণ পৰিষদ দলৰ দূৰ্গ হিচাপে পৰিচিত তথা দলটোৰ জ্যেষ্ঠ নেতা , বিধায়ক আৰু ৰাজ্য চৰকাৰৰ মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ দখলত থকা বঙাইগাঁও বিধান সভা সমষ্টিত শেহতীয়াকৈ দলটোত খহনীয়াৰ আৰম্ভণি হৈছে ৷ দল ত্যাগ কৰিলে অগপৰ দখলত থকা গাঁও পঞ্চায়তৰ সভানেত্ৰী ,আঞ্চলিক পঞ্চায়তৰ সদস্যাৰ লগতে ছয়গৰাকী সদস্য তথা অগপ ,যুৱ পৰিষদৰ জিলাৰ পৰা আঞ্চলিক সমিতিৰ বিভিন্ন বিষয়বাবত কাৰ্যনিৰ্বাহ কৰা কেইবাগৰাকীও প্ৰাক্তন বিষয়ববীয়াই ৷ অগপ দল ত্যাগ কৰাসকলে যোগদান কৰিলে নতুনকৈ গঠন হোৱা অসম জাতীয় পৰিষদত ৷ অগপৰ দূৰ্গত এইদৰে অসম বিধান সভা নিৰ্বাচনৰ পূৰ্বে হঠাৎ দলটোত খহনীয়া আৰম্ভ হোৱা বিষয়টোৱে বাকী ৰাজনৈতিক দলবোৰক উৎসাহী কৰি তুলিছে ৷ উল্লেখ্য যে অগপ দল ত্যাগ কৰাসকলে শনিবাৰে দলটোৰ টেঙাইগাঁও আঞ্চলিক সমিতিৰ সভাপতিলৈ দিয়া পদত্যাগ পত্ৰত অসম গণ পৰিষদৰ নেতৃবৰ্গৰ ৰাষ্ট্ৰীয়তাবাদী চিন্তা ধাৰা আৰু 'কেব'ৰ  পৰা 'কা' লৈ দলটোৰ নেতা তথা ৰাজ্য চৰকা

ভাৰতীয় ইতিহাস সংকলন সমিতিৰ বঙাইগাঁও জিলা সমিতিৰ ত্ৰি- বাৰ্ষিক অধিৱেশন সম্পন্ন

Image
নতুন সমিতি গঠন  বঙাইগাঁওঃ২৭ ডিচেম্বৰঃ ভাৰতীয় ইতিহাস সংকলন সমিতি, অসম প্ৰান্তৰ অন্তৰ্গত বঙাইগাঁও জিলা সমিতিৰ ত্ৰি- বাৰ্ষিক অধিৱেশনখন দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে বঙাইগাঁৱৰ বৰপাৰাস্থিত ৰত্নপীঠ প্ৰকাশনত অনুষ্ঠিত হয় ৷ ভাৰত মাতাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পনেৰে আৰম্ভ হোৱা কাৰ্যসূচীত বঙাইগাঁও অঞ্চলৰ লগতে অভয়াপুৰী ,বইটামাৰী আদি অঞ্চলৰ বিশিষ্ট শিক্ষাবিদ , সাহিত্য চৰ্চাৰ লগত জড়িত ব্যক্তিসকল উপস্থিত থাকে ৷ অধিৱেশন উপলক্ষে জিলা সমিতিৰ কাৰ্যকৰী সভাপতি মনুচাঁদ সিংহৰ সঞ্চালনাত অনুষ্ঠিত সভাত সমিতিৰ সম্পাদক বিদ্যুৎ ৰায়ে আদৰণি ভাষণ আৰু তিনি বছৰীয়া কাৰ্যকালৰ প্ৰতিবেদন পাঠ কৰে ৷ সভাত বিশিষ্ট অতিথি তথা ৰাজ্যিক  পৰ্যৱেশক হিচাপে উপস্থিত থাকি সংগঠনটোৰ সচিব ড° শুভজীৎ চৌধুৰীয়ে ভাৰতীয় ইতিহাস সংকলন  সমিতিৰ জন্মলগ্নৰ পৰা এটি সংক্ষিপ্ত খতিয়ান দাঙি ধৰে ৷ তেওঁ নিজৰ ভাষণত ভাৰতীয় ইতিহাসক বিকৃত ৰূপ প্ৰদান কৰাত বিদেশী উপনিৱেশকাৰী তথা বিভিন্ন সময়ত হোৱা বিদেশী আক্ৰমণকাৰীৰ প্ৰভাৱৰ কথাও উল্লেখ কৰে ৷ উল্লেখ্য যে এই সভাতে সংগঠনটোৰ পুৰণি জিলা সমিতিখন ভংগ কৰি এখন নতুন ২৪ জনীয়া সমিতি গঠন কৰা হয় ৷ সমিতিখনত ড° ৰবীন্দ্ৰ দাসক

জাজৰিত অসম সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস পালন

Image
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৭ ডিছেম্বৰঃ “অতীতটোক জুকিয়াই চাই আমি সজাগ হৈ থাকিব লাগিব ৷ জাতিটোৰ প্ৰতি, আইৰ মুখৰ ভাষাটোৰ প্ৰতি অহা সংশয়বোৰ নিৰাময়ৰ বাট বিচৰাৰ এয়াই সময় ৷ অসম সাহিত্য সভাৰ  প্ৰতিজন বিষয়ববীয়া, প্ৰতিজন সদস্যই ভাষা জননীক সেৱা কৰিবলৈ ওলাই আহি জাতিটোক শক্তিশালী কৰিব লাগিব ৷” আজি নগাঁও জিলা সাহিত্য সভাই জাজৰি শতদল শাখা সাহিত্য সভাৰ সহযোগত আয়োজন কৰা অসম সাহিত্য সভাৰ ১০৪ সংখ্যক প্ৰতিষ্ঠা দিৱসত অংশ লৈ এনেদৰে মন্তব্য কৰে অসম সাহিত্য সভাৰ নগাঁও আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক মৃনাল কুমাৰ হাজৰিকাই ৷ নগাঁও জিলা সাহিত্য সভাৰ উপ সভাপতি থগিত মহন্তই পৌৰোহিত্য কৰা প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত নিদিষ্ট বক্তাৰ ভাষনত বিশিষ্ট শিক্ষাবিদ ৰাণা প্ৰকাশ বৰাই নতুন চামক ভাষা সাহিত্যৰ ভাৰখন তুলি ল’বলৈ আহ্বান জনায় ৷ জিলা সাহিত্য সভাৰ সম্পাদক ৰেৱত কুমাৰ হাজৰীকা আৰু  জাজৰি শাখা সাহিত্য সভাৰ সম্পাদক জেহিদুৰ ৰহমানে আঁত ধৰি আগবঢ়াই নিয়া আৰু জাজৰি শাখা সাহিত্য সভাৰ সভাপতি অনন্ত বৰদলৈয়ে আদৰণি ভাষন আগবঢ়োৱা সভাখনত বিশিষ্ট শিশু সাহিত্যিক ত্ৰৈলোক্য ভট্টাচাৰ্য্যই কয় যে-ভাষা জীয়াই থাকে মানুহৰ মুখত ৷ যিমানেই বেছি মানুহে

"সৰা ফুলে কথা ক’লে" শীৰ্ষক উপন্যাস উন্মোচন

Image
ষ্টাফৰিপোৰ্টাৰ, ২৬ ডিচেম্বৰ :  ' গণতন্ত্ৰ নাথাকিলে বহু ভাল কথা ডুবি যাব। অৱশ্যে গণতন্ত্ৰত ভাল বেয়া দুয়োটা থাকে। সম্প্ৰতি ছ'চিয়েল মিডিয়া বিশেষকৈ ফেচবুকত উন্নত মানৰ সাহিত্য সৃষ্টি হৈছে। প্রান্তিক, সাদিন, গৰিয়সীৰ দৰে উচ্চ মানৰ সাহিত্য সকলোতে সৃষ্টি হ'ব পাৰে- এইদৰে কয় 'যশস্বী ঔপন্যাসিক,কবি,বিশিষ্ট চিন্তাবিদ ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰীয়ে। শনিবাৰে গুৱাহাটীৰ কটন এলাম্‌নাই ভৱনত অনুষ্ঠিত এখন গ্ৰন্থ উন্মোচনী সভাত গীতিকা শইকীয়াই সাংবাদিকতাৰ ক্ষেত্ৰখনৰ বৰ্ণিল অভিজ্ঞতাৰ ভিত্তিত লিখা "সৰা ফুলে কথা ক’লে" শীৰ্ষক উপন্যাসখন যশস্বী ঔপন্যাসিক,কবি,বিশিষ্ট চিন্তাবিদ ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰীয়ে উন্মোচন কৰি লগতে কয় 'সৰা ফুলে কথা ক’লে এখন ব্যতিক্ৰমী উপন্যাস। সামাজিক মাধ্যমত নিম্ন মানৰ সাহিত্য ৰচনা কৰা হোৱা বুলি ভবাটো ভুল। উচ্চমানৰ সাহিত্য সকলোতে সৃষ্টি হ'ব পাৰে। এই উপন্যাসখনৰ কাহিনী অলপ ব্যতিক্ৰম। অন্যায়ৰ বিৰুদ্ধে যুঁজ দিয়াৰ এক সুন্দৰ বার্তা উপন্যাস খনৰ জৰিয়তে দিয়া হৈছে। যিমানেই দুৰ্যোগ, প্ৰতিকূল পৰিবেশ আহিলেও ন্যায়ৰ বাবে যুজঁ কৰিব লাগিব। নীতি নিয়মৰ মাজেৰে ন্যায় প্ৰতিষ

প্ৰচণ্ড শীত আৰু কুৱলীৰ বাবে উত্তৰ গুৱাহাটীত ব্যহত জল পৰিবহন ব্যৱস্থা।

Image
পঙ্কজ নাথ, চাংসাৰি, ২৫ ডিচেম্বৰ : প্ৰচণ্ড শীতৰ লগতে ধৰালৈ নামি আহিছে অতিপাত কুঁৱলী । যাৰবাবে লুইতৰ ইপাৰ সিপাৰ নেদেখা কুঁৱলীৰ বাবে পুৱাৰ ভাগত গুৱাহাটীৰ ফেৰী সেৱা প্ৰায়ে বাতিল কৰি অহা হৈছে বিগত কেইবাদিনো ধৰি । আজিও পুৱাৰে পৰা ডাঠ কুঁলীৰ পৰাৰ বাবে গুৱাহাটীত ফেৰী চলাচলৰ সাহস গোটাব পৰা নাই জল পৰিবহন কৰ্মীয়ে । আজি ৰাতিপুৱা ৬ বজাত গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটীৰ তিনিওটা ঘাটলৈ আগবাঢ়ে ফেৰী । কিন্তু পুৰনিকলীয়া জলপৰিবহন ব্যবস্থাই কুঁৱলী ভেদি এতিয়াও যাতায়ত কৰিবলৈ অক্ষম । যাৰ পৰিনতিত পাৰ ঘাটতে আবদ্ধ হৈ পৰিছে শ শ যাত্ৰী । ইফালে ফেৰীৰ বিকল্প বাছ সেৱাৰো নাই কোনো সুব্যবস্থা। যাৰবাবে এই অঞ্চলৰ লগতে দূৰণিবটীয়া জলযাত্ৰা কৰিবলৈ অহা যাত্ৰীসকলে নানা আহুকালৰ সন্মূখীন হবলগীয়াত পৰিছে। সেয়েহে উত্তৰ গুৱাহাটী অঞ্চলবাসী ৰাইজৰ লগতে জল যাতায়তকাৰী একাংশই শীঘ্ৰেই ৰাইজে সন্মূখীন হৈ থকা উপৰোক্ত সমস্যাৰ কথা অনুধাৱন কৰি জলপৰিবহনৰ সুব্যৱস্থাৰ উপৰিও বাছসেৱা প্ৰবৰ্তন কৰিবৰ বাবে পৰিবহন বিভাগৰ লগতে কামৰূপ প্ৰশাসনক আহ্বান জনাইছে।  কামৰূপ ব্যুৰো পঙ্কজ নাথৰ ৰিপৰ্ট । কামৰূপ ব্যুৰো পঙ্কজ নাথৰ ৰিপৰ্ট ।

বঙাইগাঁৱৰ ফুলকুমাৰীত অবৈধ কাঠফলা কল উৎখাত

Image
বঙাইগাঁওঃ ২৪ ডিচেম্বৰঃ আজি বঙাইগাওঁ আই উপত্যকা বন সংমণ্ডল প্ৰাধিকাৰীৰ নিৰ্দেশত বঙাইগাওঁস্থিত বিশেষ বন সুৰক্ষা বাহিনী আৰু বহলপুৰ বনাঞ্চলিক কাৰ্য্যালয়ৰ বন কৰ্মচাৰীয়ে চলোৱা এক যৌথ অভিযানত বিদ্যাপুৰৰ ওচৰৰ ফুলকুমাৰী গাঁৱত এটা অবৈধ ভ্ৰাম্যমাণ কাঠ ফলা কল উৎখাত কৰে। উল্লেখ্য যে বন বিভাগৰ অভিযানকাৰী দল অহাৰ উমান পাই দুষ্কৃতিকাৰীয়ে কাঠফলা মিলটো কিছুদূৰলৈ নি লুকুৱাই ৰাখে যদিও বনবিভাগৰ দলটোৱে অনুসৰণ কৰি উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ লগতে কিছু সংখ্যক অবৈধ কাঠৰ কুণ্ডা আৰু ফলা কাঠো জব্দ কৰে । জব্দকৃত কাঠখিনি আৰু কাঠ ফলা কলটো পিচত বহলপুৰ বনাঞ্চলিক কাৰ্য্যালয়লৈ নিয়া হয় ৷ জব্দকৃত কাঠখিনিৰ বজাৰ মূল্য অনুমানিক প্ৰায় এক লক্ষাধিক হ'ব। উক্ত চোৰাং কাঠৰ সৰবৰাহত জড়িত তথা কাঠফলা কল স্থাপন কৰা দুষ্কৃতিকাৰীক কৰায়ত্ব কৰাৰ বাবে বন বিভাগে বৰ্তমানে তদন্ত অব্যাহত ৰাখিছে । প্ৰণৱ কুমাৰ ডেকা  বঙাইগাঁও 

যমপুৰী দৰ্শন। মৃত্যুক জিনিলে উত্তৰ গুৱাহাটীৰ গণেশ বৰাই

Image
পঙ্কজ নাথ, চাংসাৰি, ২৪ ডিচেম্বৰ : ৰাখে হৰি মাৰে কোনে। আজি এই বাক্যটো সত্য প্ৰমাণিত হ'ল উত্তৰ গুৱাহাটী ভেটামুখত। আজি ৰাতিপূৱা ৮:৩০ মান বজাত তীব্ৰ গতিত অহা As06s1477 নম্বৰ বলেৰ'অ গাড়ী এখনে পথৰ দাঁতিত ৰৈ থকা অৱস্থাত মহতিয়াই লৈ যায় এজন লোকক। লোক জন ভেটামুখ নিৱাসী গণেশ বৰা। গণেশ বৰাই পূৱা ঘৰৰ পৰা দোকানলৈ যাবৰ বাবে ঘৰৰ দুৱাৰ মুখত ৰৈ থাকোতেই এই ঘটনা সংঘটিত হয়। এই সমগ্ৰ ঘটনা বন্দী হল চিচি টিভিৰ কেমেৰাত। এক শ্বাসৰুদ্ধকাৰী  ঘটনা। ঘটনাত গুৰুতৰ ভাৱে আঘাত প্ৰাপ্ত গণেশ বৰা বৰ্তমান নাৰায়ণ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে যদিও বিপদ মুক্ত নহয় বুলি পৰিয়াল লোকে জানিবলৈ দিছে। ঘটনা সংঘটিত হোৱাৰ পিছতেই উত্তৰ গুৱাহাটী আৰক্ষীয়ে তৎপৰতাৰে দুৰ্ঘটনা সংঘটিত কৰা গাড়ীখন আবদ্ধ কৰি তদন্ত আৰম্ভ কৰিছে। শেহতীয়া খবৰ অনুসৰি চিকিৎসকৰ মতে গণেশ বৰা বিপদ মুক্ত যদিও শৰীৰত যথেষ্ট আঘাত পাইছে। চালকৰ অমনোযোগিতাৰ বাবেই এই ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাৰ সময়ত বৰাি নলাত পৰি সোমাই যোৱা বাবে নিশ্চিত মৃত্যৰ পৰা ৰক্ষা পৰে। সেয়েহে এই দুৰ্ঘটনাৰ পিছতে ৰাখে হৰি মাৰে কোনে মাৰে হৰি ৰাখে কোনে এই কথাষাৰ সত্য প্ৰমাণিত হল বুলি অঞ্চ

কনজুমাৰ্চ লিগেল প্রটেক্টশ্বন ফৰামৰ উদ্যোগত ৰাষ্ট্ৰীয় গ্ৰাহক দিৱস পালন

Image
গুৱাহাটী, ২৪ ডিচেম্বৰ : সমগ্ৰ দেশৰ লগতে বৃহস্পতি বাৰে কনজুমাৰ্চ লিগেল প্রটেক্টশ্বন ফৰামে অসমতো ৰাষ্ট্ৰীয় গ্ৰাহক দিৱস পালন কৰে। কোভিড জনীত পৰিস্থিতিৰ বাবে ফৰামে মূলতঃ ৰাজ্যৰ বিভিন্ন বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্র-ছাত্ৰীৰ মাজত ভাৰ্চুৱেল মাধ্যমৰে ২০১৯ চনত গ্ৰাহক সুৰক্ষা আইনত হোৱা সংশোধনী সমূহৰ ওপৰত সজাগতা অভিযান চলায়। ১৯৮৬ চনত আজিৰ দিনটোতে অৰ্থাৎ ২৪ ডিচেম্বৰত দেশত প্ৰথম বাৰৰ কাৰণে গ্ৰাহক সুৰক্ষা আইন কাৰ্য্যকৰী হৈছিল। তেতিয়াৰে পৰা ২৪ ডিচেম্বৰৰ দিনটো ৰাষ্ট্ৰীয় গ্ৰাহক দিৱস হিচাপে পালন কৰি অহা হৈছে। সুদীৰ্ঘ ৩৪ বছৰ পিছত ২০১৯ চনত এই আইন খনৰ অধিকাংশ অনুচ্ছেদ সময়ৰ লগত খাপ খোৱাকৈ শক্তিশালী ভাবে সংশোধন কৰা হয়। কনজুমাৰ্চ লিগেল প্রটেক্টশ্বন ফৰামে আজি গোৰেশ্বৰৰ নিজম বড়ো, নলবাৰীৰ নাজিয়া চুলতানা আৰু খাৰুপেটীয়াৰ চেমিম আখতাৰাই যৌথ ভাবে প্ৰস্তুত কৰা সজাগতামূলক ভিডিওৰ জৰিয়তে ছাত্র-ছাত্ৰীৰ মাজত উপভোক্তা হিচাপে প্ৰতিজন লোকক গ্ৰাহক সুৰক্ষা আইনে প্ৰদান কৰা অধিকাৰৰ বিষয়ে বিস্তৃত ভাবে অৱগত কৰে। এই ভাৰ্চুৱেল সজাগতামূলক কাৰ্যসূচীত কনজুমাৰ্চ লিগেল প্রটেক্টশ্বন ফৰামৰ সচিব অধিবক্তা অজয় হাজৰিকা আৰু যো

অনলাইন জ্যোতি সংগীত প্ৰতিযোগিতাৰ আয়োজন

Image
সঞ্জীৱ দাস, ভৱানীপুৰ, ২৪ ডিচেম্বৰঃ 'হৃদয়' মাহেকীয়া আলোচনীয়ে শিল্পী দিৱস উপলক্ষে 'অনলাইন জ্যোতি সংগীত' প্ৰতিযোগিতা এখনিৰ আয়োজন কৰিছে। 'হৃদয়'ৰ সম্পাদক চফিখুৰ ৰহমানে জনোৱা মতে, যিকোনো বয়সৰ প্ৰতিযোগীয়ে এই প্ৰতিযোগিতাখনিত অংশগ্ৰহণ কৰিব পাৰিব। প্ৰতিযোগীসকলে জ্যোতি প্ৰসাদ আগৰৱালাৰ যিকোনো এটা গীত নিজে গাই থকাৰ ভিডিঅ' কৰি ৯১০১০৫৫৪৮৪ হোৱাটছ্এপযোগে প্ৰেৰণ কৰিব লাগিব। এই ভিডিঅসমূহ হৃদয়ৰ ইউটিউব চেনেল MPH Media -ত আপলোড কৰা হ'ব। সম্পাদকে জনায় যে, ভিডিঅ'সমূহ আগন্তুক বৰ্ষৰ ১০ জানুৱাৰীৰ নিশা ৮ বজাৰ ভিতৰত পঠাব লাগিব আৰু ১৫ জানুৱাৰীৰ ৮ বজাৰ ভিতৰত অহা ইউটিউবৰ ভিউৱাৰ্চৰ পৰা ৫০ শৰাংশ আৰু বিচাৰকে প্ৰদান কৰা নম্বৰৰ ৫০ শতাংশৰ ভিত্তিত বিজয়ী ঘোষণা কৰা হ'ব। বিজয়ী প্ৰাৰ্থীক প্ৰমাণ পত্ৰ আৰু কিতাপৰ টোপোলা পুৰষ্কাৰ হিচাপে ডাকযোগে প্ৰেৰণ কৰা হ'ব বুলি জনায় উদ্যোক্তাই।

কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী ড০ মহেন্দ্ৰ নাথ পাণ্ডেলৈ ডি লিট ডিগ্ৰী প্ৰদান অৰুণাচল উনিভাৰ্ছিটি অৱ ষ্টাডিজৰ

Image
ষ্টাফ ৰিপ'ৰ্টাৰ,,,,,২৪ ডিচেম্বৰ ইউনিভাৰ্ছিটী অৱ ষ্টাডিজ ৰ পঞ্চম সমাৱৰ্তন অনলাইন আৰু কায়িক মোডৰ মিশ্ৰণ মাধ্যমেৰে বিগত ২২ ডিচেম্বৰ(২০২০) ত অনুষ্ঠিত হৈ যায়। ভাৰত চৰকাৰৰ দক্ষতা বিকাশ আৰু  উদ্যোগশীলতা বিভাগৰ মন্ত্ৰী ড০ মহেন্দ্ৰ নাথ পাণ্ডে এই সমাৱৰ্তনৰ মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰে । এই সন্দৰ্ভত কেন্ত্রীয় মন্ত্ৰী গৰাকীয়ে কয়"-নামছাইৰ ইউনিভাৰ্ছিটি অৱ ষ্টাডিজে অঞ্চলটোৰ বিকাশত আন্তঃগাঁথনিমূলক সুবিধা সহ উচ্চ শিক্ষা সম্পূৰ্ণ কৰি উত্তৰ পূৰ্বাঞ্চলৰ সামগ্ৰিক পৰিবেশ উন্নত কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে"। তেওঁ লগতে কয়"-উচ্চ শিক্ষা আৰু দক্ষতা বিকাশৰ ক্ষেত্রত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উদেশ্যৰ লগত সংগতি ৰাখি বিশ্ববিদ্যালয় খনে অতি ভাল পথ অনুকৰণ কৰি আহিছে"। বিশ্ব শিক্ষা মিছনৰ অধ্যক্ষ আৰু অৰুণাচল অধ্যয়নৰ সভাপতি ড০ আল আগৰৱালাই দক্ষতা বিকাশ আৰু উদ্যমিতাৰ ক্ষেত্ৰত তেওঁৰ মূল্যৱান অৱদানৰ বাবে ড০ মহেন্দ্ৰ নাথ পাণ্ডেক সাহিত্যৰ ডক্টৰেট ডিগ্রী প্ৰদান কৰা হয়। উল্লেখযোগ্য যে, বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা বিশ্ববিদ্যালয়ৰ উটাচৰ্য প্ৰফেছৰ অ' পি শৰ্মাই আদৰণি ভাষণ প

চিকিৎসকৰ ৰূপত বঙাইগাঁৱৰ জিলা উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়া

Image
বঙাইগাঁওত মাতৃ আৰু শিশুৰ মৃত্যুৰ হাৰ হ্ৰাসৰ উদ্দেশ্যেৰে 'প্ৰজেক্ট সৌভাগ্য'ৰ শুভাৰম্ভণি চিকিৎসকৰ ৰূপত জিলা উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়া বঙাইগাঁওঃ২৩ ডিচেম্বৰঃ বঙাইগাঁও জিলাৰ স্বাস্থ্য ক্ষেত্ৰখনত অভিনৱ পদক্ষেপৰ এক সংযোজন হিচাবে সংযুক্ত হ'ল জিলা উপায়ুক্ত ডাঃ এম. এছ. লক্ষ্মী প্ৰিয়াৰ সম্পূৰ্ণ নিজা চিন্তা -চৰ্চা আৰু জিলা স্বাস্থ্য সমিতিৰ সহযোগত আজিৰে পৰা শুভাৰম্ভণি হোৱা 'প্ৰজেক্ট সৌভাগ্য'। পৰ্যাপ্ত আৰু সঠিক ডাক্টৰী পৰীক্ষা-নিৰীক্ষা আৰু চিকিৎসাৰ অভাৱত হোৱা মাতৃ আৰু শিশুৰ মৃত্যুৰ হাৰ অৰ্থাৎ যিবোৰ মৃত্যু সাধাৰণতে সঠিক সময়ত উপযুক্ত চিকিৎসা পালে এৰাই চলিব পৰা গলহেঁতেন , তেনে মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ উদ্দেশ্যে আজি বঙাইগাঁও চহৰৰ মহাবীৰস্থানত অৱস্থিত ৰামকৃষ্ণ মিছনত আয়োজিত শুভাৰম্ভণি অনুষ্ঠানত অসম চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান বিভাগ তথা অন্যান্য বিভাগৰ মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে আনুষ্ঠানিক ভাৱে প্ৰজেক্ট সৌভাগ্যৰ শুভাৰম্ভ কৰে। প্ৰজেক্ট সৌভাগ্যৰ শুভাৰম্ভ কৰি নিজৰ  ভাষণত মন্ত্ৰীগৰাকীয়ে কয় যে বৰ্তমান বঙাইগাঁও জিলাৰ স্বাস্থ্য ক্ষেত্ৰখন পূৰ্বতকৈ বহু উন্নত হৈছে যদিও প্ৰকৃত হি

নাককাটিৰ শিখৰত কৃষক মুক্তিৰ জিলা সভাপতিৰ অনশন

Image
'কা' বাতিল আৰু অখিল গগৈক মু্ক্তিৰ দাবী  বঙাইগাঁৱৰ নাককাটি পাহাৰৰ শিখৰত উঠি জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতিৰ অনশন  বঙাইগাঁওঃ ২৩ ডিচেম্বৰঃ 'কা' বাতিল আৰু কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত আজি বঙাইগাঁও জিলা কৃষক মু্ক্তি সংগ্ৰাম সমিতিৰ সভাপতি মহীধৰ ৰায়ে পাহাৰৰ সুউচ্চ শিখৰত উঠি এক অভিনৱ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ জিলা সভাপতিগৰাকীয়ে বঙাইগাঁও জিলাৰ নৰ্থ বইটামাৰীৰ নাককাটি পাহাৰৰ সুউচ্চ শীষৰ্ত পুৱা আঠ বজাৰ পৰা বিয়লি চাৰি বজালৈ অনশন কাৰ্যসূচী ৰূপায়ণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ অনশন কাৰ্যসূচী ৰূপায়ণ কৰি জিলা সভাপতিগৰাকীয়ে কয় যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে সদায় বৰাক , ব্ৰহ্মপুত্ৰ ,পাহাৰ ,ভৈয়ামৰ কথা কয় ৷ সেই কাৰণে আজি বঙাইগাঁৱৰ নাককাটি পাহাৰৰ শিখৰত উঠি অনশন কৰিছো আৰু ইয়াৰ পৰা অখিল গগৈক অতি সোনকালে মুক্তি দিবলৈ আৰু 'কা' বাতিল কৰিবলৈ দাবী জনাইছো ৷ আমি স্পষ্টভাবে ক'ব বিচাৰিছো যে অসমৰ একমাত্ৰ প্ৰতিবাদী কণ্ঠ , জাতি , মাটিৰ কণ্ঠ, কৃষকৰ কণ্ঠ তথা সাধাৰণ ৰাইজৰ কণ্ঠ অখিল গগৈক বন্দী কৰি ৰাখি আজি চৰকাৰখনে অসম বিৰোধী আইন আনিব ধৰিছে ,কৃষক বিৰোধী আইন আনিব ধ

ৰঙিয়াৰ বৰলীয়া নৈৰ কাঠৰ জৰাজীৰ্ণ দলঙৰ পৰা পৰি আহত - ১

Image
প্ৰতিবেদক , ৰঙিয়া ২৩ ডিচেম্বৰঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ নেতৃত্বাধীন বিজেপি চৰকাৰৰ দিনত ৰাজ্যৰ সকলো বাট পথ আৰু দলঙৰ ব্যপক উন্নতি সাধন হোৱা তথা সকলো কাঠৰ দলং পকী হোৱা বুলি কৈ থকাৰ সময়তে আজি সন্ধিয়া ৰঙিয়া বৰলীয়া নৈৰ ওপৰত থকা জৰাজীৰ্ণ কাঠৰ দলঙৰ পৰা চাইকেল সহ তলত পৰাত এজন লোক নিশ্চিত মৃত্যুৰ কথামপি ৰক্ষা পৰে যদিও গুৰুতৰ ভাৱে আহত হয়। তেওঁক লগে লগে ৰঙিয়া অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয়। গাওঁয়ে গাওঁয়ে কাপোৰ ফেৰি কৰি সংসাৰ পোহপাল দিয়া ৰঙিয়াৰ সমীপৰ খন্দিকৰৰ মকিবৰ ৰহমানে চাইকেলেৰে বৰলীয়া নৈৰ ৰেলিং বিহীন  জহি খহি যোৱা কাঠৰ দলংখন পাৰ হবলৈ ধৰোতে হঠাৎ  ৰহমানে তলত পৰি যায়। নৈৰ বুকুত পৰা যুৱক জনক একাংশ প্ৰত্যক্ষদৰ্শীয়ে লগে লগে পানী  জুৱলিৰ পৰা তুলি কোনো মতে প্ৰাণ ৰক্ষা কৰে।অৱশ্যে তেওঁৰ লগত থকা বিভিন্ন সামগ্ৰীৰ উপৰিও   নগদ ধন পানীত উটি যোৱা বুলি তেওঁ  জানিবলৈ দিয়ে।এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । উল্লেখযোগ্য যে গড়কাপ্তানী বিভাগৰ অমনোযোগিতা আৰু হেমাহীৰ বাবে দীৰ্ঘদিন ধৰি উক্ত কাঠৰ দলংখন মেৰামতিৰ নকৰাৰ ফলত দলংখন মৰণ ফান্দলৈ পৰিণত  হৈছে। দলংখনৰ দুয়োকাষে থকা ৰেলিং প

গা-খজুৱাত নাবালিকাৰ অবৈধ মাতৃত্বক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি≈≈নাবালিকাৰ মাতৃক স্থানীয় মহিলাৰ প্ৰহাৰ

Image
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৩ ডিচেম্বৰঃ নগাঁও জিলাৰ ৰাইদঙীয়াৰ সমীপৰ বৰিবজাৰ আৰক্ষী চকীৰ এলেকাধীন গা-খজুৱাত বুধবাৰে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । আচলতে জেহিৰুল নামৰ বিবাহিত এটা নৰপিশাচৰ কামনাৰ বলি হৈ অৱৈধ মাতৃত্বৰ বোজা ব’বলগীয়া হোৱা এগৰাকী নাৱালিকাৰ মাতৃক ইয়াৰ বাবে জগৰীয়া কৰি স্থানীয় মহিলাই প্ৰহাৰ কৰি শাস্তি দিয়াক লৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ । অৱশ্যে ঘটনাৰ খবৰ পাই পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মহিলা গৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আনকি একাংশ উত্তেজিত লোকে পাষণ্ড জেহিৰুলৰ পুখুৰীৰ পাৰত থকা ঘৰতো অগ্নি সংযোগ কৰি পৰিস্থিতি অধিক উত্তায়ল কৰি তোলে । ইফালে, নাৱালিকা গৰাকীক মঙলবাৰে পুৱা পাষণ্ড জেহিৰুলে ঘৰৰ পৰা লৈ যোৱা বুলি স্থানীয় লোকে জানিব দিয়ে । জানিব পৰা মতে, পাষণ্ড জেহিৰুলৰ ঘৰ গা-খজুৱাৰ কাষৰে ধনীয়াভেটি গাৱঁত । নাৱালিকা গৰাকীৰ পিতৃৰ এটা পুখুৰী ভাড়াত লৈ তাতে এটা ঘৰ সাজি মৎস্য পালন কৰিছিল পাষণ্ড জেহিৰুলে ৷ তাৰেই অচিলা লৈ নাৱালিকাগৰাকীৰ ঘৰত সঘন আহ যাহ কৰিছিল জেহিৰুলে । এনেদৰে সঘনে অহা-যোৱা কৰাৰ ফলত জেহিৰুলে কৌশলেৰে নাবালিকাগৰাকীৰ লগত অনৈতিক সম্পৰ্ক গঢ়ি তোলে ৷ যাৰ ফলত নাবালিকাগ

উত্তৰ গুৱাহাটীৰ ৰাজপথত ৰাজস্থানী লেডী গেং!

Image
পঙ্কজ নাথ, চাংসাৰি, ২৩ ডিচেম্বৰ : আৰ্তজনৰ সাহাৰ্য্যৰ নামত ৰাজস্থানী লেডী গেঙৰ লুণ্ঠনৰাজ। উত্তৰ গুৱাহাটীৰ লগতে বিভিন্ন অঞ্চলৰ ৰাজপথত, দোকান-পোহাৰত মাত্ৰ এখিলা উকা কাগজত বিকলাঙ্গৰ নামত সাহাৰ্য বুলি লিখি প্ৰতিখন বাহন, দোকান-পোহাৰৰ পৰা ১০০, ৫০০ পৰা ১০০০ টকাকৈ দকাহকা দি এই লেডী গেঙে ধন সংগ্ৰহ কৰাত ৰাইজ অতিষ্ঠ হৈ পৰিছে । আজি পূৱা হঠাৎ এই দলটোৱে উত্তৰ গুৱাহাটী গেছ বটলিং প্লান্টলৈ যোৱা সদা ব্যস্ত পথটোৰে আহ যাহ কৰা সৰু বৰ এশ ডেৰশ গাড়ীৰ পৰা ধন সংগ্ৰহ কৰে। অতি আচৰিত কথা যে স্হানীয় পুলিচ, প্ৰশাসনৰ অনুমতি অবিহনে এই আঠ দহজনীয়া ছোৱালী দলটোৱে বিগত সময়চোৱাত দৈনিক বিভিন্ন স্হানত অবৈধ ভাৱে চান্দা তুলি সৰ্বসাধাৰণ ৰাইজক জুৰুলা কৰিছে বুলি বহু ভুক্তভোগীয়ে অভিযোগ উত্থাপন কৰিছে। আজি দলটোৱে চান্দা তুলি থকা সময়তে সাংবাদিক উপস্থিত হোৱাৰ উমান পাই ততাতৈয়াকৈ ঘটনা স্হলীৰ পৰা পলায়ন কৰে। উল্লেখ্য যে এই গেংটোৱে যোৱা বহু বছৰ জুৰি এইদৰে বিভিন্ন স্হানত ভুৱা কাগজৰে সুদূৰ ৰাজস্থানৰ পৰা আহি অসমত বিকলাঙ্গ, আৰ্তজনৰ নামত ৰমৰমীয়া ব্যৱসায় চলাই যাবলৈ সক্ষম হৈছে । ইয়াৰ পিছতো প্ৰশাসনে এইসকলক নিয়ন্ত্ৰণ কৰিব নোৱাৰাত প

জামুগুৰিহাটত সৰবৰহী যুৱকৰ মৃত্যু

Image
ফাৰ্ষ্ট নিউজ,জামুগুৰিহাট,২৩ডিচেম্বৰ:- জামুগুৰিহাটৰ ডেকাসুন্দৰ গাঁও নিৱাসী ,সৰবৰহী যুৱক বিষ্ণু শইকীয়াৰ(৩৬)আজি পুৱা গুৱাহাটীৰ জিএন আৰ চি হাস্পতালত মৃত্যু হয়।যোৱা ১১ডিচেম্বৰত হঠাৎ অচেতন হৈ পৰা যুৱক গৰাকীক প্ৰথম অৱস্থাত তেজপুৰ টাইমচ হাস্পতালত ভৰ্তি কৰাই চিকিৎসা প্ৰদান কৰা হৈছিল যদিও কোনো উপশম নোহোৱাত উন্নত চিকিৎসাৰ বাবে সপ্তাহ পূৰ্বে গুৱাহাটী জি এন আৰ চি হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও আজি পুৱা ৮ বজাত নিয়তিৰ ওচৰত হাৰ মানিবলৈ বাধ্য হয় যুৱক গৰাকীয়ে। ডেকাসুন্দৰ গাঁওৰ গিৰিশ শইকীয়াৰ পুত্ৰ বিষ্ণু শইকীয়াৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। মৃত্যুৰ সময়ত যুৱক গৰাকীয়ে পিতৃ মাতৃ পত্নী সহ এটি সাত বছৰীয়া কন্যা সন্তানক ইহসংসাৰত এৰি থৈ যায়। জোন বৰা,জামুগুৰিহাট।

জামুগুৰিহাটত চোৰৰ টাৰ্গেট হৈ পৰিছে ধৰ্মীয় অনুষ্ঠান

Image
জামুগুৰিহাটত চোৰৰ টাৰ্গেট হৈ পৰিছে ধৰ্মীয় অনুষ্ঠান #পুণৰ শ্ৰীশ্ৰী নৰোৱা থানত চোৰৰ লুটপাত ফাৰ্ষ্ট নিউজ,জামুগুৰিহাট,২৩ ডিচেম্বৰ:জামুগুৰিহাটত এইবাৰ যেন চোৰৰ টাৰ্গেট হৈ পৰিছে ধৰ্মীয় অনুষ্ঠান-প্ৰতিষ্ঠান৷চাৰিদিন পূৰ্ৱে কুসুমটোলাৰ পদ্মপুৰ নামঘৰত চোৰৰ দল প্ৰৱেশ কৰি দানপাত্ৰৰ ধনকে ধৰি অন্যান্য সা-সামগ্ৰী লুটপাত কৰি নিয়াৰ পিছত পুণৰ কালি নিশা চোৰে লুটপাত চলালে কুসুমটোলাৰ নিকটৱৰ্তী ঐতিহাসিক শ্ৰী শ্ৰী নৰোৱা থানত৷১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰপৰা প্ৰায় ৩ কি:মি: দূৰত্বত পথৰ কাষতেই অৱস্থিত থানখনৰ পাঁচটাকৈ তলা ভাঙি চোৰ প্ৰৱেশ কৰি সোণ আৰু ৰূপৰ কেবাপাহো ফুল,প্ৰায় ১০/১২ টা পিতলৰ গঁচা,দানপাত্ৰ ভাঙি প্ৰায় ৫ হাজাৰ টকাকে ধৰি বহু সামগ্ৰী চুৰি কৰি নিয়াৰ লগতে ৰাজ্য চৰকাৰৰ “অসম দৰ্শন” আঁচনিৰ অধিনত থানখনত চলি থকা কামৰ বাবে মজুত কৰি আচবাবসমুহৰ লগতে থানখনৰ ভিতৰত থকা গডৰেজৰ লকাৰ ভাঙি চন্দ্ৰতাপ,গামোছাকে ধৰি সকলো সামগ্ৰী লণ্ডভণ্ড কৰি সিঁচৰিত কৰি থৈ যায় চোৰৰ দলে৷পুৱাৰ ভাগতহে ঐতিহ্যমণ্ডিত থানভাগত চোৰ সোমোৱাৰ বিষয়ে স্থানীয় ৰাইজে জানিব পাৰি জামুগুৰি আৰক্ষীক  অৱগত কৰে আৰু থান পৰিচালনা সমিতিৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ইতি

এটা 'শেষ নোহোৱা সাধু'ৰে ওমলিলে তিনি কুৰিৰো অধিক শিশুৱে

Image
গাঁৱে গাঁৱে শিশুৰ মুখৰ হাঁহি ওভতাই অনাৰ প্ৰয়াস - জিতেন কুমাৰ দাসৰ সামৰণি পৰিল শিশু নাট কৰ্মশালাৰ  ফাৰ্ষ্ট নিউজ,জামুগুৰিহাট,২৩ ডিচেম্বৰ: জামুগুৰিহাটৰ উত্তৰাঞ্চলৰ চামধৰা পানী গাঁও পাঁচআলিৰ ৰঙ্গমঞ্চত যোৱা ৬ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হৈ অহা শিশু নাট কৰ্মশালাৰ যোৱা কালি সফল সমাপ্তি ঘটে। উল্লেখ্য যে মুখ্য মন্ত্রী গ্ৰাম্য উন্নয়ন যোজনাৰ অন্তৰ্গত সাংস্কৃতিক নৱ জাগৰণ অভিযান সমাজৰ উদ্যোগত চামধৰাৰ মিলি জুলি সংঘ আৰু ন-বোৱাৰী আত্ম সহায়ক গোটৰ সহযোগত জামুগুৰি সাংস্কৃতিক কেন্দ্রৰ দ্বাৰা আয়োজিত  নাট কৰ্মশালাৰ মুখ্য প্ৰশিক্ষণ আছিল অসমৰ এগৰাকী অগ্ৰণী নাট্য শিল্পী, নাট্যকাৰ নাট পৰিচালক বিশ্বনাথ চাৰিআলিৰ কুশল ডেকা। তেখেতৰ মৰম স্পৰ্শই ৯ মাহে গৃহবন্দী শিশুসকলৰ মাজত হেৰাই যাব খোজা হাঁহি যেন ঘুৰাই আনিবলৈ সক্ষম হ'ল। মাত্ৰ দুই আঢ়ৈ বছৰীয়া শিশুৰ পৰা ১২-১৪ বছৰৰ শিশুৰ মাজত অনুষ্ঠিত উক্ত নাট কৰ্মশালাৰ মাজৰ পৰা সম্ভাবনাময় বহু শিশু প্ৰতিভাক বিকশিত কৰি তোলাৰ পৰা নাটক সম্পর্কে কোনো জ্ঞান নথকা ২ বছৰীয়া শিশুকো মঞ্চত উপস্থাপন কৰি সাহসিকতাৰ পৰিচয় দিয়াৰ বাবে সকলোৱে শলাগ লৈছে দক্ষ পৰিচালক কুশল ডেকাৰ। কাল

নগাঁৱৰ শিঙাৰীত দিবা-নৈশ ভলীবল প্ৰতিযোগিতাৰ আয়োজন

Image
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৩ ডিচেম্বৰঃ নগাঁও জিলাৰ জুৰীয়াৰ সমীপৰ শিঙাৰী বজাৰ খেলপথাৰত অহা ৩১ ডিচেম্বৰত ৰামানুজন একাডেমীৰ উদ্যোগত আৰু নগাঁও জিলা সংখ্যালঘূ উন্নয়ণ ব’ৰ্ডৰ অধ্যক্ষ হবিবুৰ ৰহমানৰ সৌজন্যত এখনি দিবা-নৈশ ভলীবল প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ হিচাপে ৮০০১ টকা আৰু দ্বিতীয় পুৰস্কাৰ হিচাপে ৫০০১ টকাৰ লগতে একোটাকৈ ট্ৰফি প্ৰদান কৰা হ’ব ৷ গতিকে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব বিচৰা ইচ্ছুক প্ৰতিযোগী দলসমূহক ৮৬৩৮৫-৪৫৭৮৩ আৰু ৮৬৩৮৭-১৪৯২৫ নম্বৰত যোগাযোগ কৰিবলৈ উদ্যোক্তা সমিতিৰ হৈ জহিৰুল ইছলাম আৰু ইক্ৰামুল হুছেইনে অনুৰুধ জনাইছে ৷ =================

বিষ্ণুৰাম নুনিছাক সম্বৰ্ধনা জনালে অসম ইলেক্ট্ৰনিক মিডিয়া স্পৰ্টছ জাৰ্ণেলিষ্ট এছোছিয়েছনে

Image
গুৱাহাটী, ২৩ ডিচেম্বৰ: ভাৰতীয় ছেপাক টাকৰো ফেডাৰেছনৰ উপ সভাপতি পদত বিনাপ্ৰতিদ্বন্ডিতাৰে নিৰ্বাচিত হোৱা অসমৰ বিশিষ্ট ক্ৰীড়া সংগঠক বিষ্ণুৰাম নুনিছাক মঙলবাৰে গুৱাহাটীত অসম ইলেক্ট্ৰনিক মিডিয়া স্পৰ্টছ জাৰ্ণেলিষ্ট এছোছিয়েছনে সম্বৰ্ধনা জ্ঞাপন কৰে। মঙলবাৰে সন্ধিয়া মহানগৰীত অনুষ্ঠিত সম্বৰ্ধনা সভাত বিশিষ্ট সাংবাদিক তথা অসম ইলেক্ট্ৰনিক মিডিয়া স্পৰ্টছ জাৰ্ণেলিষ্ট এছোছিয়েছনৰ উপদেষ্টা প্ৰনয় বৰদলৈ, সভাপতি জয়ন্ত দাস, সাধাৰণ সম্পাদক বিপুল বৰ্মন, উপ সভাপতি কিশোৰ তালুকদাৰ, জ্যোষ্ঠ সাংবাদিক পুলিন সাহা আৰু উদয় বৰগোঁহাই উপৰি  সন্থাৰ বহু কেইগৰাকী সদস্য উপস্থিত আছিল। সম্বৰ্ধনা গ্ৰহন কৰি দিয়া ভাষনত বিষ্ণুৰাম নুনিছাই কয় যে গুৱাহাটীত শীঘ্ৰে ছেপাক টাকৰোৰ আন এখন ৰাষ্ট্ৰীয় প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ লগতে অসমত হব দেশৰ আগশাৰীৰ ছেপাক টাকৰোৰ একাডেমী। মঙলবাৰৰ অনুষ্ঠানতে ৰাজ্যৰ বহু কেইগৰাকী ডিজিটেল মিডিয়াৰ সাংবাদিকে অসম ইলেক্ট্ৰনিক মিডিয়াৰ কাম কাজক প্ৰশংসা কৰে আৰু ইলেক্ট্ৰনিক মিডিয়া স্পৰ্টছ জাৰ্ণেলিষ্ট এছোছিয়েছনৰ সৈতে চামিল হবলৈ ইচ্চা প্ৰকাশ কৰে।

চতিয়া সমষ্টিত বিজেপিৰ সাংগঠনিক সভা।চাৰি শতাধিক কংগ্ৰেছ,চিপিএম ৰ বিজেপিত যোগদান

Image
চতিয়া সমষ্টিৰ অন্তৰ্গত দক্ষিন মূঢ়াদল গাঁওপঞ্চাত এলেকাৰ টৌভঙাত মংগলবাৰে বিজেপি দলৰ বৃহৎ সাংগঠনিক সভা অনুষ্ঠিত হয়৷নদুৱাৰ মণ্ডল বিজেপিৰ সভাপতি জয়ন্ত বৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ মূখ্য অতিথিৰ আসন অলংকৃত কৰে সমষ্টিটোৰ বিধায়ক পদ্ম হাজৰিকাই। বিজেপিৰ দলীয় নেতৃত্বৰ উপস্হিতিত অনুস্হিত  সভা।খনত কংগ্ৰেছ,চিপিআই,চিপিএম আদি বিভিন্ন ৰাজনৈতিক দলৰ চাৰি শতাধিক নেতা কৰ্মী সমৰ্থকে ভাৰতীয় জনতা পাৰ্টিৰ নীতি আদৰ্শ আৰু বিধায়ক পদ্ম হাজৰিকাৰ বলিস্হ নেতৃত্বতৰ প্ৰতি আকৃষ্ট হৈ বিজেপি দলত যোগ দান কৰে৷ নতুনকৈ বিজেপি দলত যোগদান কৰা  অঞ্চলটোৰ বৃহৎ সংখ্যক পুৰুষ মহিলা যুৱক যুৱতি তথা ৰাইজক দলীয় টুপি আৰু গামোচাৰে বিজেপি দললৈ আদৰনী জনাই বিধায়ক পদ্ম হাজৰিকাই৷ভাষন প্ৰসংগত বিধায়ক গৰাকীয়ে কয় যে মই বিধায়ক হেৱা বিশ বছৰ হল কিন্তু এনেকুৱা সাংগঠনিক সভা মই দেখা নাছিলো৷ভাৰতীয় জনতা পাৰ্টিৰ কেইদিন মান ধৰি অনুস্হিত সভাৰ লগতে আজিৰ এই সাংগঠনিক সভাই প্ৰমান কৰিলে দক্ষিন মূঢ়াদল গাঁওপঞ্চায়ত এলেকাটোৰ লগতে সমগ্ৰ চতিয়া সমষ্টিৰেই কংগ্ৰেছ দল উৎখাত হল আৰু কংগ্ৰেছৰ ভ ভেটিত তিতা লাও গজিল৷ উল্লেখ্য যে ৰাইজৰ এইদৰে দলে বলে বিজেপিত যোগদান কৰা

ক্লাৱ নক্ষত্ৰ'ৰ দ্বাৰা কাব্য সংকলন প্ৰকাশৰ প্ৰস্তুতি

Image
সঞ্জীৱ দাস, বজালী, ২৩ ডিচেম্বৰঃ ভৱানীপুৰৰ এক অগ্ৰনী অনুষ্ঠান 'ক্লাৱ নক্ষত্ৰ'ৰ দ্বাৰা এখন কাব্য সংকলন প্ৰকাশৰ প্ৰস্তুতি চলাইছে। আগন্তুক বৰ্ষৰ ২৫ ৰ পৰা ৩১ জানুৱাৰীলৈ ভৱানীপুৰত অনুষ্ঠিত হ'বলগীয়া পহুমাৰা মহোৎসৱ বাকৰিত উন্মোচন কৰাৰ মানসেৰে 'ক্লাৱ নক্ষত্ৰ'ৰ দ্বাৰা অসমৰ অৰ্ধশতাধিক কবিৰ কবিতাৰে 'নক্ষত্ৰ' নামেৰে কবিতা সংকলন এখন প্ৰকাশৰ প্ৰস্তুতি চলাইছে। 'ক্লাৱ নক্ষত্ৰ'ৰ সভাপতি ধ্ৰুৱজ্যোতি ডেকা আৰু সম্পাদক প্ৰিণ্স তালুকদাৰে জনোৱা মতে, কবিতা সংকলনখন সম্পাদনা কৰিব ভৱানীপুৰৰ লেখক, সংবাদদাতা সঞ্জীৱ সাগৰ দাসে। লগতে ইচ্ছুক কবিয়ে আগন্তুক বৰ্ষৰ ১ জানুৱাৰীৰ ভিতৰত কবিতাসমূহ পেজমেকাৰত ডিটিপি কৰি নাইবা অসমীয়া ইউনিক'ডত টাইপ কৰি sanjibsagar0@gmail.com নাইবা ৮৭২১৯৫৭৫১৭ হোৱাটছ্এপ যোগে প্ৰেৰণ কৰিব পাৰিব বুলি জনাইছে 'ক্লাৱ নক্ষত্ৰ'ৰ সভাপতি ধ্ৰুৱজ্যোতি ডেকা আৰু সম্পাদক প্ৰিণ্স তালুকদাৰে।

লাহৰীঘাটৰ ধূপগুৰি মন্ডল কংগ্ৰেছৰ উদ্যোগত কংগ্ৰেছৰ সজাগতা সভা

Image
লাহৰীঘাটৰ ধূপগুৰি মন্ডল কংগ্ৰেছৰ  উদ্যোগত কংগ্ৰেছৰ সজাগতা সভা  # অৱসৰপ্ৰাপ্ত বি ডি অ , জি আদিল কংগ্ৰেছৰ সম্ভাব্য প্ৰাৰ্থি হিচাপে দাবীদাৰৰ বাবে সজাগতা সভা  # বা: নজৰুল ইছলামৰ দুৰ্গত নতুন মুখৰ বুৰবুৰণি।  মৰিগাঁও জিলাৰ লাহৰীঘাট সমষ্টিৰ ধূপগুৰি গাওঁ পঞ্চায়তৰ কমিনিউটি হলত আজি বিয়লি ৩ বজাত  ধূপগুৰি মন্ডল কংগ্ৰেছৰ উদ্যোগত  আগন্তুক অসম বিধান সভা নিৰ্বাচনৰ কংগ্ৰেছ দলৰ সম্ভাব্য প্ৰাৰ্থি হিচাপে এখনি দলীয় সজাগতা সভা অনুষ্ঠিত হয় । কেবা শতাধিক স্হানীয় ৰাইজ পুৰুষ আৰু মহিলাৰ উপস্থিতিত অনুষ্ঠিত হোৱা কংগ্ৰেছৰ সজাগতা সভাত সভাপতিত্ব কৰে জেষ্ঠ নাগৰিক তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক হাছেন  আলীয়ে । উদ্দেশ্য ব্যাখ্যা  আৰু  আদৰণি পৰ্বৰ আঁত ধৰে   সাংবাদিক আফতাফ হুছেইনে । সজাগতা সভাৰ মূখ্য অতিথি হিচাপে   অৱসৰপ্ৰাপ্ত বি ডি অ,  জি আদিলৰ কংগ্ৰেছ দলৰ পৰা  আগন্তুক অসম বিধান সভা নিৰ্বাচনত লাহৰীঘাট সমষ্টিৰ পৰা সম্ভাৱ্য প্ৰাৰ্থিৰ দাবীদাৰ হোৱাৰ বাবে জনমত তথা ৰাইজৰ লগত চিনাকী হোৱা । যিহেতুকে নিৰ্বাচনৰ কেই মাহ মান বাকী থকা  অৱস্থাত কংগ্ৰেছ দলৰ পৰা দলীয় টিকট বিচাৰি প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ বিধায়ক তথা বৰ্তমানৰ

কুবেৰ এ চি মাৰ্কেটত এল গোপাল জুৱেলাৰ্ছত এক্সক্লুছিভ কালেকশ্বন

Image
গুৱাহাটীত মুকলি ফ'ৰএভাৰমাৰ্ক ডাইমণ্ড জুৱেলাৰী ষ্টাফ ৰি'পৰ্টাৰ ২১ ডিচেম্বৰ, দ্য ডি বীয়াৰ্ছ গ্রুপৰ সৰ্ববৃহৎ ডাইমণ্ড জুৱেলাৰী ব্ৰেণ্ড ফ'ৰএভাৰ মাৰ্ক  গুৱাহাটীত অনুষ্ঠানিক ভাৱে মুকলি কৰা হয়। উত্তৰ পূৱৰ গ্ৰাহক সকলৰ বাবে প্ৰথম বাৰৰ বাবে গুৱাহাটীৰ কুবেৰ এ চি মাৰ্কেটৰ এল গোপাল জুৱেলাৰ্ছত ' ফ'ৰএভাৰমাৰ্ক মুকলি কৰা হয়। এই সন্দৰ্ভত এল গোপাল জুৱেলাৰ্ছৰ সঞ্চালক গকুল ছনীয়ে কয়"-আজি বিভিন্ন প্ৰকাৰ আৰু বিভিন্ন ডিজাইনৰ ফৰ এভাৰমাৰ্কৰ ডাইমণ্ড জুৱেলাৰী এক্সক্লুছিভ কালেকশ্বন কুৱেৰ এ চি মাৰ্কেটৰে শ্ব ৰুমত মুকলি কৰা হৈছে। আনহাতে এই সন্দৰ্ভত যুৱ ব্যৱসায়ী প্ৰতীক ছ'নীয়ে কয়"-কুবেৰে এ চি মাৰ্কেটৰ এল গোপাল জুৱেলাৰ্ছ শ্ব'ৰুম আটাইতকৈ পুৰণি। একেদৰে এই শ্ব'ৰুমতেই পাইকাৰী দৰত গহনা যোগান ধৰাৰ ব্যৱস্থা আছে। উল্লেখযোগ্য যে,এল গোপাল জুৱেলাৰ্ছৰ গহনা কলকাতালৈ ৰপ্তানি কৰা হয়। কুবেৰে এ চি মাৰ্কেটৰ এল গোপাল জুৱেলাৰ্ছৰ এটাই উদেশ্য গ্ৰাহকক উন্নত মানদণ্ড তথা উন্নত মানৰ জুৱেলাৰী যোগান ধৰা।

সুদীৰ্ঘ ৩৬ বছৰৰ মুৰত সাক্ষাৎ≈≈আৱেগিক হৈ পৰিল সহপাৰ্ঠী

Image
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২১ ডিচেম্বৰঃ একাংশ উচ্চ শিক্ষিত লোক ৷ তেওঁলোক বৰ্তমান বিভিন্ন স্থানত কৰ্মৰত ৷ তেওঁলোকৰ দুজনমান আকৌ বিদেশতো কৰ্মৰত ৷ ব্যস্ততাৰে ভৰা তেওঁলোকৰ জীৱন ৷ ব্যস্ততাৰে ভৰা জীৱনৰ মাজতো তেওঁলোকৰ মনত ভাহি উঠে স্কুলীয়া জীৱনৰ স্মৃতিবোৰ ৷ সেয়ে সাত-সাগৰ তেৰ নদী পাৰ হৈ দৌৰি আহিল সতীৰ্থৰ সন্ধানত ৷ লক্ষ্য কেৱল অতীজৰ স্মৃতি ৰোমণ্ঠনৰ ৷ এইসকল লোকৰ পাৰহীন উল্লাস আৰু উচ্ছাহ দেখা গ’ল দেওঁবাৰে নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ বুঢ়া গোঁসাই থান প্ৰাংগণত ৷ উল্লেখ্য, ১৯৮৪ চনৰ দক্ষিণপাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষান্ত বৰ্ষৰ এইসকল শিক্ষাৰ্থী ৩৬ বছৰৰ মূৰত বুঢ়াগোহাঁই থানত মিলিত হয় ৷ সেই অনুুুুসৰি সকলোয়ে ব্যস্ততাপূূূৰ্ণ জীৱনৰ কথা পাহৰি সতীৰ্থসকলক কাষত পাই আৱেগ বিভুৰ হৈ পৰে ৷ এনেদৰে সুুদীৰ্ঘ জীৱন পৰিক্ৰমাৰ পিছত পুুনৰ মিলন ঘটাৰ স্মৃৃৃতি ৰোমন্থনৰে সকলো ব্যস্ত হৈ পৰিল নৃত্য-গীতেৰে সময় স্মৰণীয় কৰি তোলাত ৷ আনকি কোনো কোনোয়ে খেল-ধেমালী বা কথোপকথনত মত্ত হোৱাৰে বিপৰীতে বিৱৰীলে নিজৰ ব্যস্ততাপূৰ্ণ কৰ্মময় জীৱনৰ কথা । এই স্মৰণীয় অনুষ্ঠানটি বাংময় কৰি তোলাত অৰিহনা যোগায় প্ৰশান্ত, বিকুল, প্ৰভাত, বিশ্বজি

মিলিজুলি সংঘৰ ফুটবলত ৰঙিয়া এফ চি চেম্পিয়ন

Image
প্ৰতিবেদক , ৰঙিয়া, ২০ ডিচেম্বৰঃ জয়ন্তীপুৰ পীতাম্বৰ মিলিজুলি সংঘৰ সৌজন্যত পীতাম্বৰ আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আজি অনুষ্ঠিত প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ চুড়ান্ত খেলত ৰঙিয়া এফ চিয়ে চুড়ান্ত খিতাপ অৰ্জন কৰে। ঢোলকুছি সত্যকাম সংঘ আৰু ৰঙিয়া এফ চিৰ মাজত অনুষ্ঠিত উত্তেজনাময় চুড়ান্ত খেলত ১—১ গলত অমীমাংসিত হৈ থকাত টাইব্ৰেকাৰ পদ্ধতিত ৰঙিয়া এফ চিয়ে ৪—৩ গলত ঢোলকুছি সত্যকাম সংঘক পৰাস্ত কৰি চেম্পিয়ন খিতাপ পাবলৈ সক্ষম হয়।আনহাতে চুড়ান্ত খেলত শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰে ঢোলকুছি সত্যকাম সংঘৰ খেলুৱৈ যদু ৰাম দাসে। খেলখন পৰিচালনা কৰে ৰেফাৰী বাহাৰুল ইছলাম, দিপক বুজৰবৰুৱা, ৰিজুল হক চৌধুৰী আৰু হাৰেজুৰ ৰহমানে। প্ৰেৰক, পহৰেদ আলী আহমেদ, ৰঙিয়া ।

ধিং পূৰ্বাঞ্চল যোগ নিকেটনৰ প্ৰতিষ্ঠা দিৱস সম্পন্ন

Image
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২০ ডিচেম্বৰঃ নগাঁও জিলাৰ ধিং পূৰ্বাঞ্চল যোগ নিকেটনৰ ৩৩ সংখ্যাক প্ৰতিষ্ঠা দিৱসটি দেওঁবাৰে দিনযোৰা কাৰ্যসূচীৰে পালন কৰা হয়। ১৯৮৭ চনত ধিং পূজাবাৰীত নিজ ঘৰৰ চৌহদতে প্ৰয়াত শিক্ষাবিদ অৰুণ তালুকদাৰে প্ৰতিষ্ঠা কৰিছিল ধিং পূৰ্বাঞ্চল যোগ নিকেটন। য'ত যোগৰ প্ৰশিক্ষণ প্ৰদান কৰাৰ লগতে যোগৰ দ্বাৰা বিভিন্ন ৰোগৰ ৰোগীক চিকিৎসা প্ৰদান কৰি ইতিমধ্যে অসমত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে। আনকি ইয়াৰ প্ৰশিক্ষাৰ্থী সকল বিগত সময়ছোৱাত ৰাজ্যৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত যোগ প্ৰতিযোগিতাত অংশগ্রহণ কৰি ধিঙৰ লগতে সমগ্র ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈ আহিছে। ইফালে, এই প্ৰতিষ্ঠা দিৱসতেই ধিং পূৰ্বাঞ্চল যোগ নিকেটনত সংযোজন ঘটে পি জি পাঠ্যক্রমৰ। য'ত উপস্থিত থাকে কৃষ্ণকান্ত মুক্ত বিশ্ব বিদ্যালয়ৰ জীন দিব্যজ্যোতি মহন্ত ৷ এই প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত শিক্ষাবিদ কুশ মহন্ত, প্ৰতিষ্ঠিত ব্যৱসায়ী গকুল গোস্বামীকে ধৰি ভালেকেইজন গণ্য মান্য ব্যক্তি উপস্থিত থাকে।

প্ৰাক্তন মন্ত্ৰীৰ বাবে হিমন্তৰ দুখ ! সংবাদ মাধ্যমৰ বাবেহে কংগ্ৰেছে বোলে অজন্তা নেওগক বহিষ্কাৰ কৰিলে

Image
আমিনগাঁওত ৰাজ্য চৰকাৰৰ অভিলাষী আঁচনি প্ৰজ্ঞান ভাৰতীৰ উদ্ধোধন মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ। পঙ্কজ নাথ, চাংসাৰি, ২০ ডিচেম্বৰ :  আজি ৰাজ্য চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ অভিলাষী আঁচনি প্ৰজ্ঞান ভাৰতীৰ আমিনগাঁওৰ নুমলি জলাহ খেলপথাৰত অসমৰ মূখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত শুভাৰম্ভণি কৰা হয় । এই অনুস্থানত শিক্ষামন্ত্ৰী গৰাকীয়ে সাংবাদিকৰ আগত বিভিন্ন মন্তব্য প্ৰদান কৰে। অজন্তা নেওগলৈ মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ দুখ লগাৰ কথা কৈ উল্লেখ কৰে যে বাতৰি কাকত আৰু পৰ্টেলে এক্সপেল কৰালে কংগ্ৰেছী বিধায়িকা অজন্তা নেওগক। সংবাদ মাধ্যমৰ বাবেহে কংগ্ৰেছে অজন্তা নেওগক বহিষ্কাৰ কৰিলে বুলি কটাক্ষ মন্ত্ৰী হিমন্তৰ । আজি আমিনগাঁওত অসম চৰকাৰৰ অভিলাষী আঁচনিৰ অধীনত ৰাজ্যৰ ২০২০ বৰ্ষত উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা মেধাৱী ছাত্ৰী সকলক বাণীকান্ত কাকতি বটা স্বৰূপে স্কুটীবিতৰণ অনুষ্ঠানত ভাগলৈ মন্ত্ৰী হিমন্তই সংবাদিকৰে মত বিনিময় কৰি এইদৰে মন্তব্য কৰে । ইফালে ৰাইজৰ দল সম্পৰ্কতো মন্ত্ৰী জনাৰ ব্যঙ্গাত্মক মন্তব্য কৰি তেওঁ কয় : মানুহে নিৰ্বাচিত হোৱাৰ পিছতহে মুকুট পিন্ধে ,কিন্তু এচামে

শ্ৰীৰাম জন্মভূমি তীৰ্থক্ষেত্ৰত শ্ৰী ৰাম মন্দিৰ নিৰ্মাণ নিধি সংগ্ৰহ অভিযান

Image
পঙ্কজ নাথ, চাংসাৰি, ২০ ডিচেম্বৰ : মহামান্য আদালতৰ নিৰ্দেশ মৰ্মে কেন্দ্ৰীয় চৰকাৰে অযোধ্যাত ৰাম-মন্দিৰ নিৰ্মাণৰ বাবে এক ন্যাস গঠন কৰিছে। শ্ৰীৰাম জন্মভূমি  তীৰ্থত মন্দিৰ নিৰ্মাণৰ পূঁজি সংগ্ৰহৰ বাবে দেশৰ আন আন প্ৰান্তৰ দৰে গুৱাহাটী মহানগৰত শ্ৰীৰাম মন্দিৰ নিধি সমৰ্পণ অভিযান সমিতি গঠন কৰা হৈছে।  গুৱাহাটী মহানগৰৰ সংঘচালক   গুৰু প্ৰসাদ মেধি, ৰাষ্ট্ৰীয়  স্বয়ংসেৱক সংঘৰ উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ-ছাত্ৰী কল্যাণৰ প্ৰভাৰী বিজয় দেৱাঙ্গণ , গুৱাহাটী মহানগৰ জিলাৰ বিশ্ব হিন্দু পৰিষদৰ  সম্পাদক  তথা অভিযান প্ৰমুখ চন্দন ৰাভা, সহ-অভিযান প্ৰমুখ ৰাজেশ কোডা, উত্তৰ গুৱাহাটী মহানগৰৰ পালক ফনীন্দ্ৰ বুজৰবৰুৱাৰ উপস্থিতত আনুষ্ঠানিক বৈঠক উত্তৰ গুৱাহাটী যোগনিলয়মত সম্পন্ন হয় ।  ১৯ ডিচেম্বৰ শনিবাৰে সন্ধিয়া এই গুৰুত্বপূৰ্ণ সভাখন অনুষ্ঠিত হয়।  সভাত অযোধ্যাৰ  শ্ৰীৰাম মন্দিৰ নিৰ্মাণৰ অৰ্থে  নিধি সংগ্ৰহৰ  অভিযানত  উত্তৰ গুৱাহাটী, চাংসাৰি, বেজেৰা, আমিনগাঁও, বাইহাটা চাৰিআলিৰ  ৰাইজে  স্বতঃস্ফূৰ্তভাবে অংশ গ্ৰহণ কৰি এক বৃহৎ অৰিহণা যোগাবলৈ সংকল্পবদ্ধ হয়। বিশ্ব হিন্দু পৰিষদ, গুৱাহাটী মহানগৰ জিলাৰ প্ৰচাৰ সম্পাদকদ্বয় জগদীশ চন

ইয়াং ইণ্ডিয়াৰ গুৱাহাটী শাখাই আয়োজন কৰিলে “য়ি ইউথ কনক্লেভ ২০২০”

Image
ষ্টাফৰিপোৰ্টাৰ, ১৯ ডিছেম্বৰ, ২০২০: কনফেডাৰেছন অৱ ইণ্ডিয়ান ইণ্ডাষ্ট্ৰি ৰ যুৱ সংগঠন ইয়াং ইণ্ডিয়াৰ গুৱাহাটী শাখাই ইয়াৰ প্ৰথম য়ি ইউথ কনক্লেভ ২০২০ যোৱা ১৯ ডিছেম্বৰ ২০২০ ত গুৱাহাটীত অনুষ্ঠিত কৰে। এই অনুষ্ঠান ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট (শ্বিলং)ৰ সহযোগত অনুষ্ঠিত কৰা হয় তথ্য সহযোগী হিচাপে আৰু অনুষ্ঠানত উপস্থিত থাকে শ্ৰী জিষ্ণু বৰুৱা, ভাৰতীয় প্ৰশাসনিক বিষয়া, অসম চৰকাৰৰ মুখ্য সচিব, শ্ৰী বি কল্যান চক্ৰৱৰ্তী, ভাৰতীয় প্ৰশাসনিক বিষয়া, মুখ্য সচিব, প্ৰাথমিক আৰু উচ্চ মাধ্যমিক শিক্ষা বিভাগ আৰু মুখ্য সঞ্চালক, এসএসএ, আৰু এমডি, আৰ এম এস এ, অসম চৰকাৰ আৰু অন্যান্য বিশিষ্ট ব্যক্তিসমূহ। হামাড বাৰ্লেস্কাৰ, য়ি গুৱাহাটী শাখাৰ মুখ্য বিষয়া ই অনুষ্ঠানত উপস্থিত থাকি কয়, “ইয়াং ইণ্ডিয়ান এ যোৱা বছৰসমূহত বিভিন্ন প্লেটফ’ৰ্মত বৃহৎ পৰিসৰত এককভাৱে আৰু দলীয় ভাৱে কাম কৰিছে, গতিকে যুৱ প্ৰজন্ম নিশ্চিতভাৱে আমাৰ লক্ষ্য। আমাৰ এই প্ৰচেষ্টাৰ দ্বাৰা সদায়েই যুৱ প্ৰজন্মক উৎসাহিত আৰু সফলতাৰ জখলতাত ওপৰলৈ যোৱাত সহায় কৰি আহিছো আৰু উপলব্ধি কৰোৱাইছো যে বয়স কেতিয়াও পৰিৱৰ্তনৰ হেঙাৰ হ’ব নোৱাৰে, তেঁওলোকৰ শক্তি আৰু অনুৰাগ য়ে সকলো