বজালীৰ ভৱানীপুৰৰ দুই অসমীয়া যুৱকে চেলুন দি বাচি লৈছে আত্মনিৰ্ভৰশীলতাৰ পথ

#জনপ্ৰিয় ধাৰাবাহিক "বৰলা কাই"ৰ দেৱজানী গায়ন, কবিন্দ দাস আৰু নিতুল পাটোৱাৰীয়ে উদ্বোধন কৰে চেলুনখন

সঞ্জীৱ দাস, বজালীঃ

বজালীৰ ভৱানীপুৰৰ অতি কমবয়সীয়া দুই অসমীয়া যুৱক বিশ বছৰীয়া নয়ন শৰ্মা আৰু একৈশ বছৰীয়া ভাৰ্গৱ দাসে "নিউ লুক্স ইউনিচেস্ক চেলুন" নামেৰে এখন চেলুন আজি ভৱানীপুৰত স্থাপন কৰি আত্মনিৰ্ভৰশীলতাৰ পথ বাচি লৈছে। চেলুনখনৰ শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে অসমীয়া জনপ্ৰিয় ধাৰাবাহিক 'বৰলা কাই'ৰ অভিনেতা-অভিনেত্ৰী ক্ৰমেঃ কবিন্দ দাস, নিতুল পাটোৱাৰী আৰু দেৱজানী গায়নে। দেৱজানী গায়নে প্ৰথমে বন্তি প্ৰজ্জ্বলন কৰে, কবিন্দ দাসে ফিটা কাটি আৰু নিতুল পাটোৱাৰীয়ে কেক কাটি চেলুনখন উদ্বোধন কৰে। আজিৰ এই উদ্বোধনী অনুষ্ঠানত ভৱানীপুৰৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তি তথা শুভাকাংক্ষী উপস্থিত থাকে। উল্লেখযোগ্য যে, বৰ্তমান চাকৰিৰ পাছত দৌৰি বহু যুৱকে সময় নষ্ট কৰাৰ বিপৰীতে বজালীৰ ভৱানীপুৰৰ নয়ন শৰ্মা আৰু ভাৰ্গৱ দাসে চেলুন এখন দি তেওঁলোকৰ স'তে আন ছজনক নিয়োগেৰে আত্মনিৰ্ভৰশীল হোৱাৰ যি এক পথ বাচি লৈছে, তেওঁলোকৰ চিন্তাধাৰাক বিভিন্নজনে শলাগিছে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা